নিউজ ডেস্ক, ২৪ জানুৱাৰী : উত্তৰ প্ৰদেশত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । সম্পত্তিক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই ঘটনা । ৫২ বছৰীয়া এগৰাকী ব্য়ক্তিক নৃশংসভাৱে হত্যা । সম্পত্তিক কেন্দ্ৰ কৰি সংঘটিত এই ঘটনাত মৃত্যু হোৱা লোকজন ভোজীপুৰা অঞ্চলৰ জগনলাল যাদৱ ।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, জগনলাল যাদৱ কেইবাকোটি টকাৰ পৈতৃক সম্পত্তিৰ গৰাকী আছিল । এই সম্পত্তিসমূহ তেওঁ তুলি লোৱা পুত্ৰৰ হাতত অৰ্পন কৰিবলৈ যোৱাৰ পাচতে তেওঁক কোনো অচিনাক্ত দুৰ্বত্তই কাপোৰেৰে ডিঙি ডেপি হত্যা কৰে । উল্লেখ্য যে, জগনলাল যাদৱে দহবাৰকৈ বিয়া কৰোৱাইছিল । এই ঘটনাটো তিনিদিন পূৰ্বে সংঘটিত হৈছিল ।
এই সন্দৰ্ভত আৰক্ষী বিষয়া মনোজ কুমাৰ ত্যাগীয়ে হত্যাৰ অভিযোগত এক এজাহাৰ দাখিল কৰিছে । ইতিমধ্য মৰণোত্তৰ পৰীক্ষাত জগনলালক ডিঙি ডেপি হত্যা কৰা বুলি ধৰা পৰিছিল । ইয়াৰোপৰি তেওঁৰ মূৰত চোকা অস্ত্ৰৰে আঘাত কৰাৰ সামান্য আঘাতো পৰিলক্ষিত হয় ।
আৰক্ষীৰ ভাষ্য় অনুসৰি, জগনলালৰ পিতৃয়ে জগনলালে দহবাৰকৈ বিয়া কৰোৱাৰ বাবে পৈতৃক সম্পত্তিৰ পৰা বিতাড়িত কৰিছিল । প্ৰায় ৭০ বিঘা মাটিৰ অধিকাৰী জগনলালে তেওঁৰ জেষ্ঠ্য ভাতৃৰ হাতত অৰ্পন কৰিছিল । পৰৱৰ্তী সময়ত পাৰিবাৰিক বিবাদক লৈ জগনলালৰ ভাতৃয়ে পঞ্চায়তৰ নিৰ্দেশ মৰ্মে জগনলাললৈ ১৪ বিঘা ভূমি স্থানান্তৰিত কৰে । এই সম্পত্তিসমূহ তুলি লোৱা পুত্ৰৰ হাতত অৰ্পন কৰিবলৈ যোৱাত তেওঁক হত্যা কৰে । সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ।
উল্লেখ্য যে, জগনলালৰ ৫ গৰাকী পত্নীৰ কোনো ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল আৰু ৩ গৰাকীৰে বিবাহ বিচ্ছেদ হৈছিল । সম্প্ৰতি তেওঁ ২ গৰাকী পত্নীৰে বাস কৰি আছিল ।
লগতে পঢ়ক:২৫ জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস