ETV Bharat / bharat

Massive fire in Howrah : হাওৰাত বিধ্বংসী অগ্নিকাণ্ডত ভষ্মীভূত প্ৰায় 50 খন ব্যৱসায়িক প্ৰতিষ্ঠান - হাওৰাত অগ্নিকাণ্ডৰ ঘটনা

পশ্চিমবংগৰ হাওৰাত অগ্নিকাণ্ডৰ ঘটনা ৷ প্ৰায় 15 খন দোকান তৎমুহূৰ্ততে আগুৰি ধৰে জুইৰ লেলিহান শিখাই ৷ বৃহস্পতিবাৰৰ নিশাৰ ভাগত সংঘটিত হোৱা ঘটনাটোৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷

Shops gutted in Howrah fire
হাওৰাত অগ্নিকাণ্ডৰ ঘটনা
author img

By

Published : Jul 21, 2023, 11:46 AM IST

Updated : Jul 21, 2023, 2:32 PM IST

হাওৰাত বিধ্বংসী অগ্নিকাণ্ডত ভষ্মীভূত প্ৰায় 50 খন ব্যৱসায়িক প্ৰতিষ্ঠান

নেশ্যনেল ডেস্ক, 21 জুলাই : পশ্চিমবংগৰ হাওৰাত অগ্নিকাণ্ড ৷ চহৰখনত সংঘটিত হোৱা এক বৃহৎ অগ্নিকাণ্ডত 50 খনতকৈও অধিক দোকান জুইত জাহ যোৱাৰ লগতে বিপুল পৰিমাণৰ সা-সম্পত্তিৰ ক্ষতিসাধন হয় । ঘটনা সন্দৰ্ভত স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ ঘটনাস্থলীত 12 খনকৈ অগ্নিনিৰ্বাপক বাহিনী বাহন উপস্থিত হৈ অগ্নিনিৰ্বাপনৰ চেষ্টা কৰে । বিশ্বস্ত সূত্ৰই জানিবলৈ দিয়া অনুসৰি এই ঘটনাত কোনো লোক হতাহত হোৱা নাই ।

উল্লেখ্য যে, হাওৰা থানাৰ সমীপৱৰ্তী মঙলহাট অঞ্চলত সংঘটিত হয় এই অগ্নিকাণ্ডৰ দুৰ্ঘটনাটো । জুইৰ শিখাই মুহুৰ্ততে দ্ৰুতগতিত বহু দোকানক আগুৰি ধৰে বুলি জানিবলৈ পৰা গৈছে । দুৰ্ভাগ্যজনক বিষয় যে, অগ্নিনিৰ্বাপক বাহিনী বাহনবোৰে প্ৰথম অৱস্থাত পানীৰ নাটনিৰ সমস্যাৰ সন্মুখীন হৈছিল আৰু স্থানীয় বাসিন্দাসকলে অগ্নিনিৰ্বাপক বাহিনীৰ অভিযানত সহায়ৰ হাত আগবঢ়াইছিল বুলি জানিবলৈ দিয়ে । ঘটনাস্থলীত বিষয়াসকল উপস্থিত হৈ অগ্নিকাণ্ডৰ কাৰণ জানিবলৈ চেষ্টা চলোৱাৰ লগতে জীৱন ৰক্ষা আৰু জুইত আৱদ্ধ যিকোনো ব্যক্তিক উদ্ধাৰ কৰাত তাৎক্ষণিক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছিল ।

উল্লেখ্য যে, জুইৰ শিখা মুহুৰ্ততে বিয়পি পৰাৰ লগতে হৈ পৰিছিল অতিশয় অনিয়ন্ত্ৰিত । বৃহৎ অগ্নিকাণ্ড সংঘটিত হোৱা ঘটনাস্থলীত খবৰ লাভ কৰাৰ পিচতে উপস্থিত হয় বৃহৎ সংখ্যক আৰক্ষী-প্ৰশাসনৰ লোক । অগ্নিনিৰ্বাপক বাহিনীৰ অভিযানত সহায়ৰ বাবে ৰেপিড একচন ফৰ্চ (আৰ এ এফ)ৰ দলসমূহো সেই স্থানলৈ ৰাওনা হৈছে বুলি জানিবলৈ পৰা গৈছে । বৃহৎ অঞ্চলত জুইৰ শিখা বিয়পি পৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনবোৰে চাৰিওফালৰ পৰা পানী ছটিয়াবলৈ আৰম্ভ কৰে । হাওৰাৰ বিভাগীয় অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াৰ লগতে কেইবাটাও অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীয়ে অগ্নিনিৰ্বাপক অভিযানত নিয়োজিত হৈছিল ।

উল্লেখ্য যে, বৰ্তমানলৈ .জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ৷

লগতে পঢ়ক : Kuki Women Raped: মণিপুৰ জঘন্য ঘটনাৰ ৪ অভিযুক্তক গ্ৰেপ্তাৰ

Last Updated : Jul 21, 2023, 2:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.