ETV Bharat / bharat

Tragic incident in Bokaro : মহৰমৰ তাজিয়া শোভাযাত্ৰাৰ মাজতে বিদ্যুৎস্পৃষ্ট হৈ ৪ জনৰ মৃত্যু

author img

By

Published : Jul 29, 2023, 12:28 PM IST

বোকাৰোত মহৰমৰ সময়ত তাজিয়া শোভাযাত্ৰাৰ আয়োজন কৰা হয় । সেই শোভাযাত্ৰাৰ সময়তে শোকাৱহ দুৰ্ঘটনা । বিদ্যুৎস্পৃষ্ট হৈ প্ৰায় ৪ গৰাকী লোকৰ মৃত্যু । ঘটনাক লৈ আৰক্ষীৰ তদন্ত আৰম্ভ ।

Tragic incident in Bokaro
মহৰমৰ তাজিয়া শোভাযাত্ৰাৰ মাজতে বিদ্যুৎস্পৃষ্ট হৈ ৪ জনৰ মৃত্যু

নেশ্যনেল ডেস্ক,২৯ জুলাই : ঝাৰখণ্ডৰ বোকাৰো জিলাত শোকাৱহ ঘটনা । মহৰমৰ তাজিয়া শোভাযাত্ৰাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ ৪ গৰাকী লোকৰ মৃত্যু । ৬ গৰাকী লোক আহত আৰু তাৰ ভিতৰত ৩ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । চিয়া সম্প্ৰদায়ে মহৰম উপলক্ষ্যে এই তাজিয়া কাৰ্যসূচীৰ আয়োজন কৰিছিল ।

জানিব পৰা মতে বোকাৰো জিলাৰ পেটাৰৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত খেতকো এলেকাত চিয়া সম্প্ৰদায়ৰ দ্বাৰা উলিওৱা হৈছিল তাজিয়া শোভাযাত্ৰা । য'ত বহু লোকে অংশগ্ৰহণ কৰিছিল । শোভাযাত্ৰাত ৰাস্তাৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে একাংশ লোকে প্ৰায় ১১,০০০ ভল্টৰ উচ্চ পৰিবাহী বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহে আৰু শোভাযাত্ৰাত অংশ লোৱা লোকসকলৰ প্ৰায় ১০ গৰাকী বিদ্যুৎস্পৃষ্ট হয় ।

সূত্ৰৰ পৰা জানিব পৰা মতে বিদ্যুৎ যোগানৰ বাবে ষ্টেণ্ডবাইত ৰখা বেটাৰী এটা বিদ্যুৎ পৰিবাহী উচ্চ প্ৰাবল্যৰ তাঁৰৰ সংস্পৰ্শলৈ আহিছিল । ফলত বিস্ফোৰণ হয় আৰু লোকসকল আঘাতপ্ৰাপ্ত হয় । বিদ্যুৎস্পৃষ্ট হোৱাৰ পাছতে তাজিয়া শোভাযাত্ৰাত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । শোভাযাত্ৰাত অংশগ্ৰহণ কৰাসকলৰ মাজত বিশৃংখল আৰু আতংকৰ সৃষ্টি হয় ।

তেনে পৰিস্থিতিৰ মাজতে স্থানীয় লোকসকলে আহতসকলত চিকিৎসাৰ বাবে ডিভিচি বোকাৰো থাৰ্মেল চিকিৎসালয়লৈ প্ৰেৰণ কৰে । অৱশ্যে, চিকিৎসকসকলে তেওঁলোকৰ ৪ জনক মৃত বুলি ঘোষণা কৰে । চিকিৎসালয়ত ভৰ্তি আহতসকলৰ ৩ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

ইফালে চিকিৎসালয়ত এম্বুলেন্স আৰু পৰ্যাপ্ত সুবিধা নথকাৰ বাবে ভুক্তভোগীসকলৰ আত্মীয়ই যথেষ্ট হুলস্থূলৰ সৃষ্টি কৰে । অৱশ্যে সমগ্ৰ ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে প্ৰতিবছৰে মহৰম উপলক্ষ্যে এই তাজিয়া শোভাযাত্ৰা বিভিন্ন স্থানত উলিওৱা হয় । তাৰ অংশ আছিল বোকাৰোৰ এই তাজিয়া শোভাযাত্ৰা । ইফালে সমগ্ৰ ঘটনাকলৈ ৰাজ্যজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

লগতে পঢ়ক :Landslide in Arunachal Pradesh : পাহাৰৰ পৰা বৈ অহা পানীৰ ঢলে উটুৱাই নিলে টাটা নেক্সন গাড়ী, কথমপি প্ৰাণৰক্ষা এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.