নেশ্যনেল ডেস্ক, 1 জানুৱাৰী : কাৰ, কেতিয়া, কি হয় কোনেও নাজানে ৷ কাৰোবাৰ বাবে বছৰৰ পহিলা দিনটোতেই দুৱাৰ দলিত মৃত্যুৱে কাল হৈ ৰৈ আছিল ৷ ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতেই সংঘটিত হৈছে এক অঘটন ৷ পহিলা জানুৱাৰী দিনাই ৰাজস্থানৰ খাণ্ডেলা অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident at Khandela in Rajasthan)৷
এখন পিকআপ ভান আৰু বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে দুৰ্ঘটনাগ্ৰস্ত পিকআপ ভানখনে খুন্দা মাৰে এখন ট্ৰাকক ৷ বাতৰি যুগুত কৰা পৰলৈকে এই দুৰ্ঘটনাত 8 জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে ৷
ইফালে এই পথ দুৰ্ঘটনাৰ খবৰ লাভ কৰিয়েই উক্ত স্থানত উপস্থিত হয় খাণ্ডেলা থানাৰ আৰক্ষীৰ লোক ৷
লগতে পঢ়ক : New year 2023 : নলবাৰীত ব্ৰহ্মপুত্ৰৰ বালিচৰত বনভোজকাৰীৰ ভিৰ
আৰক্ষী আৰু স্থানীয় লোকৰ তৎপৰতাত নিহত 2 জন লোকক খাণ্ডেলা হাস্পতালৰ মৰ্চাৰীলৈ আৰু বাকী নিহত আন 6 জন লোকক পালছানা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ আনহাতে, এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে কেবাজনো লোক (Many people died and Injured in Road Accident at Khandela) ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে খাণ্ডেলা থানাৰ আৰক্ষী বিষয়া সোহনলালে ৷
প্ৰাপ্ত তথ্য মতে, এই দুৰ্ঘটনাত নিহত লোকসকল চামোদ অঞ্চলৰ বাসিন্দা । পহিলা জানুৱাৰীৰ বাবেই খন্দেলাৰ মন্দিৰ দৰ্শন কৰিবলৈ আহিছিল নিহত লোককেইজন ৷ আৰক্ষীয়ে উল্লেখ কৰা মতে, নিহত লোকসকল চামোদ অঞ্চলৰ বাসিন্দা যদিও উদ্ধাৰ হোৱা নাই তেওঁলোক পৰিচয় ৷ আৰক্ষীয়ে এই দুৰ্ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়ক : New year Celebration: পুৱাৰ পৰাই ত্ৰিশূলধাৰী মন্দিৰত ভক্তৰ ভিৰ