নেশ্যনেল ডেস্ক,6 জুন: পশ্চিমবংগৰ বিজেপি কাৰ্যালয়ৰ কাষত উদ্ধাৰ হৈছে কেইবাটাও হস্তনিৰ্মিত বোমা ৷ কলকাতাৰ বিজেপি কাৰ্যালয়ৰ ওচৰৰ খিদিৰপুৰ আৰু হেষ্টিং কংগ্ৰেছ ক্ষেত্ৰত প্ৰায় 54 টাকৈ হস্তনিৰ্মিত বোমা উদ্ধাৰৰ পিছতেই বোমা নিস্ক্ৰিয়কাৰী দল মোতায়েন কৰা হৈছে ঘটনাস্থলীত ৷
মিলিটাৰী ইণ্টিলিজেঞ্চে সদৰী কৰা তথ্য অনুসৰি কলকাতা আৰক্ষীৰ এণ্টি ৰাউডী শাখাই বিজেপিৰ দলীয় কাৰ্যালয়ৰ কাষৰ হেষ্টিং কংগ্ৰেছ ক্ষেত্ৰৰ পৰা বোমা উদ্ধাৰ কৰে ৷