ETV Bharat / bharat

Manipur Election 2022: নিৰ্বাচনী হিংসাৰ মাজত দ্বিতীয় পৰ্যায়ত ৭৬.৬২ শতাংশ ভোটদান - মণিপুৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

ব্যাপক হিংসাত্মক ঘটনাৰ মাজতে শনিবাৰে সম্পন্ন হয় মণিপুৰৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন(violence mars second phase of Manipur election) ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নিৰ্বাচন সম্পৰ্কীয় হিংসাত্মক ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আহত হয় কেইবাজনো ৷

manipurs-second-phase-of-elections-held-on-saturday-amid-violence
নিৰ্বাচনী হিংসাৰ মাজত দ্বিতীয় পৰ্যায়ত ৭৬.৬২ শতাংশ ভোটদান
author img

By

Published : Mar 5, 2022, 9:29 PM IST

নিউজ ডেস্ক, ৫ মাৰ্চ : শনিবাৰে মণিপুৰত ২২ টা সমষ্টিৰ বাবে অনুষ্ঠিত কৰা হয় বিধানসভা নিৰ্বাচন ৷ এই নিৰ্বাচনৰ দিনাই ঠায়ে ঠায়ে ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয় । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনৰ দিনাই হোৱা হিংসাত্মক ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় (violence mars second phase of Manipur election) ৷

পুৱা ৭ বজাত আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া ৫ বজালৈকে ৭৬.৬২ শতাংশ ভোটদান নথিভুক্ত কৰা হয় ৷ এই সন্দৰ্ভত নিৰ্বাচনী বিষয়াসকলে কয় যে, 'এই নিৰ্বাচনত চূড়ান্ত ভোটদানৰ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে কিয়নো তেওঁলোকে কিছুমান দূৰৱৰ্তীভাৱে অৱস্থিত ভোটকেন্দ্ৰৰ পৰা আহিব লগীয়া পৰিসংখ্যাৰ বাবে অপেক্ষা কৰি আছে ।'

মণিপুৰৰ মুখ্য নিৰ্বাচনী বিষয়া ৰাজেশ আগৰৱালে(Chief Electoral Officer of Manipur Rajesh Agrawal)কয় যে, শনিবাৰে ভোটগ্ৰহণ হ'বলৈ যোৱা মুঠ ২২ টা সমষ্টিৰ ভিতৰত মাও বিধানসভা সমষ্টিত সৰ্বাধিক ৮৬.৭৮ শতাংশ ভোটগ্ৰহণৰ ৰেকৰ্ড কৰা হৈছে ৷ আৰু হিয়াংলামৰ পিছত ৮৬.৩১ শতাংশ আৰু তামেই সমষ্টিত সন্ধিয়া ৫ বজালৈকে সৰ্বনিম্ন ভোটদানৰ সংখ্যা হয়গৈ ৬১.২৩ শতাংশ ৷

শনিবাৰে পুৱাই কিছু সশষ্ট্ৰ উগ্ৰপন্থীয়ে ৱাংজিং টেন্থা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৱাংজিং ৱাংখেই অঞ্চলত এল অমুবা সিং নামৰ এজন লোকক গুলীয়াই হত্যা কৰা হয় । পুলিচৰ সূত্ৰই দাবী কৰা মতে অমুবাৰ পেটত তিনিজাই গুলী কৰা হয় । ঘটনাৰ পাছতেই যদিও অমুবাক ইম্ফলৰ ৰাঝ মেডিচিতি হাস্পাতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷

আন এক অনুৰূপ ঘটনাত শুকুৰবাৰে মাজনিশা কিছু অজ্ঞাত লোকে ৱাংজিং টেন্থা বিধান সভাসমষ্টিত ৰাকেশ নাওৰেম নামৰ এজন লোকৰ ঘৰ জ্বলাই দিয়ে (Election violence in Manipur) ।

আনহাতে, সেনাপতি জিলাৰ কাৰোং বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা ভোটকেন্দ্ৰত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰিব লগা হয় যাৰ ফলত এজন লোকৰ মৃত্যু হয় আৰু আন এজন আঘাতপ্ৰাপ্ত হয় । নিৰ্বাচনী বিষয়াসকলে কয় যে, গুলীচালনাৰ ঘটনাৰ সময়ত কে লংভাওৰ মৃত্যু হোৱাৰ সময়ত ভি চাওপ নামৰ আন এজন ব্যক্তি আঘাতপ্ৰাপ্ত হয় ।

আগৰৱালে কয় যে,"সমগ্ৰ উপত্যকা অঞ্চলত ভোটগ্ৰহণ শান্তিপূৰ্ণ আছিল । পাহাৰীয়া জিলাসমূহত, দুৰ্বৃত্তৰ দ্বাৰা ইভিএম ক্ষতিগ্ৰস্ত হোৱাৰ 12 টা ঘটনা সংঘটিত হৈছিল । এফ.আই.আৰ. পঞ্জীয়ন কৰা হৈছে । দুৰ্ভাগ্যবশত কাৰোং এচিৰ অধীনত সংঘটিত ঘটনাটোৰ ফলত দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল, যাক তৎক্ষণাৎ হেলিকপ্টাৰেৰে চিকিৎসাৰ বাবে ইম্ফললৈ স্থানান্তৰ কৰা হৈছিল । কিন্তু তেওঁলোকৰ মাজৰ এজনে চিকিৎসালয়লৈ নি থকা অৱস্থাত বাটতে মৃত্যুবৰণ কৰে আৰু আনজন ব্যক্তি ইম্ফলৰ আৰআইএমএছ চিকিৎসালয়ত সম্প্ৰতি চিকিৎসাধীন অৱস্থাত ৰখা হৈছে (RIMS Hospital of Imphal)।"

ইয়াৰ লগতে আগৰৱালে কয় যে, ই-ট্ৰেকাৰ এপৰ সহায়ত ইভিএমৰ চলাচল অনুসৰণ কৰা হৈছিল যিটো ভোটগ্ৰহণ কৰ্মী আৰু খণ্ড বিষয়াসকলৰ মোবাইল ফোনত অন্তৰ্ভুক্ত আছিল । ইয়াৰোপৰি, ভোটগ্ৰহণ দলবোৰে ই-এটলাস এপ ব্যৱহাৰ কৰিছিল যাৰ সহায়ত ভোটগ্ৰহণ কৰ্মী সকলক ভোটকেন্দ্ৰত সংঘটিত যিকোনো ধৰণৰ ইভিএম বিকল হোৱা বা যিকোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ প্ৰতিবেদন দিবলৈ সক্ষম হয় ।

তেওঁ কয় যে, ভোটগ্ৰহণ দলবোৰে তেওঁলোকৰ নিজ নিজ ভোটকেন্দ্ৰৰ পৰা উভতি আহিবলৈ আৰম্ভ কৰিছে । ইভিএমবোৰ ষ্ট্ৰং ৰুমত জমা কৰা হৈছে, য'ত তিনি তৰপীয়া সুৰক্ষা ব্যৱস্থাৰে সুৰক্ষিত কৰা হৈছে । ইয়াৰ লগতে নিৰাপত্তা বাহিনীয়েও ষ্ট্ৰং ৰুমত ২৪ ঘণ্টাই কঠোৰ নিৰাপত্তা ব্যৱস্থা অৱলম্বন কৰিছে ৷

লগতে পঢ়ক : মণিপুৰৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত হিংসাত্মক ঘটনা: গুলীয়াই হত্যা এজনক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.