নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ: শান্তি বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে মণিপুৰৰ এটা সংগঠনে ৷ মণিপুৰৰ কুকি-জোমি-হ্মাৰ-মিজো সম্প্ৰদায়ৰ মহিলাৰ এটা দলে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মণিপুৰত সংঘটিত হিংসাৰ অন্ত পেলাবলৈ হস্তক্ষেপ কৰাৰ বাবে আবেদন জনায় । মোদীলৈ প্ৰেৰণ কৰা এখন স্মাৰকপত্ৰত মণিপুৰৰ মহিলাসকলে ৰাজ্যখনৰ উল্লেখিত চাৰিটা সম্প্ৰদায়ৰ মহিলাসকলৰ ওপৰত সংঘটিত হোৱা অত্যাচাৰ আৰু হিংসাৰ 15 টা গোচৰ সন্দৰ্ভতো আলোকপাত কৰে ।
ETV ৰ আগত নেশ্যনেল ফেডাৰেচন অৱ ইণ্ডিয়ান উইমেন (NFIW)ৰ সম্পাদিকা এনি ৰাজাই কয়, "মণিপুৰৰ মহিলাসকলক আন সম্প্ৰদায়ৰ ওপৰত প্ৰতিশোধ তোলাৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে আৰু এই সকলোবোৰ ঘটি আছে এখন আধুনিক সমাজত ৷ এয়া ভাৰতত বন্ধ হ’ব লাগিব ।"
3 মে’ৰ পৰা আৰম্ভ হোৱা হিংসাত্মক কাণ্ড ৰাজ্যখনত বৰ্তমানেও অব্যাহত আছে বুলিও কয় ছানীয়ে । “কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে । ইয়াৰ বিপৰীতে গৃহমন্ত্ৰী অমিত শ্বাহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাত ব্যৰ্থ হৈছে ৷ আমি আশা কৰিছো যে এতিয়া হ’লেও প্ৰধানমন্ত্ৰীয়ে হস্তক্ষেপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব ।"
স্মাৰকপত্ৰৰ জৰিয়তে নাৰী সংগঠনটোৱে সংঘাতৰ বোজা বহন কৰা মহিলাসকলৰ ন্যায় আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে বুলিও উল্লেখ কৰে । স্মাৰকপত্ৰখনত উল্লেখ আছে যে মেইটেই গোটৰ দ্বাৰা যৌন শোষণ চলায় নগ্নভাৱে পেৰেড কৰা ঘটনাটোৱে মণিপুৰত জনগোষ্ঠীয় সংঘাত কি পৰ্যায়ত পাইছে সেয়া প্ৰতিফলিত কৰিছে ।
মহিলাৰ ওপৰত সংঘটিত হোৱা আক্ৰমণ আৰু হিংসাৰ এনে 15 টা গোচৰ সন্দৰ্ভত আলোকপাত কৰি স্মাৰকপত্ৰখনত উল্লেখ কৰা হৈছে যে লামকাৰ চিংঘোইকিম আৰু ডংগী,শ্বোইখোনেইৰ লামমিনচং বৰ্তমানেও নিৰুদ্দেশ অৱস্থাত আছে । উল্লেখযোগ্য যে, ৰাজ্যখনৰ কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত হোৱা সংঘৰ্ষই ইতিমধ্যে হাজাৰ হাজাৰ লোকক গৃহহীন কৰাৰ উপৰিও শ শ লোকৰ প্ৰাণ হেৰুৱাইছে ।
লগতে পঢ়ক: সশস্ত্ৰ বিদ্ৰোহী গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰি মণিপুৰত উপস্থিত মুখ্যমন্ত্ৰী এন বীৰেন সিং