ETV Bharat / bharat

Manipur Violence : পশ্চিম ইম্ফলত অপ্ৰৰোচিত গুলীচালনাত আহত সেনা জোৱান - soldier injured in firing in imphal west

১৮ জুনৰ নিশা সশস্ত্ৰ দুৰ্বৃত্তই কাণ্টো চাবলৰ পৰা মণিপুৰৰ পশ্চিম ইম্ফলৰ চিংমাং গাঁৱৰ ফালে গুলীচালনা কৰে । এই গুলীচালনাত এজন সেনা জোৱান গুৰুতৰভাৱে আহত হৈছে । তেওঁক লিমাখোং সামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে । তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ।

Manipur Violence
Manipur Violence
author img

By

Published : Jun 19, 2023, 1:15 PM IST

নিউজ ডেস্ক, ১৯ জুন : মণিপুৰৰ হিংসা বন্ধ হোৱাৰ যেন নামেই লোৱা নাই । উত্তপ্ত ৰাজ্যখনত নিৰন্তৰ বৃদ্ধি পাই আছে হিংসাত্মক ঘটনা । শেহতীয়াভাৱে আন এটা হিংসাত্মক ঘটনা সংঘটিত হৈছে দেওবাৰে নিশা । দেওবাৰে মাজনিশা সশস্ত্ৰ দুৰ্বৃত্তই কাণ্টো চাবলৰ পৰা চিংমাং গাঁও অভিমুখে গুলীচালনা কৰে । এই গুলীচালনাত ভাৰতীয় সেনাৰ এজন জোৱান আহত হয় । তেওঁক লিমাখোং সামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় । বৰ্তমান অৱশ্যে তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে । সোমবাৰে প্ৰকাশ কৰা ভাৰতীয় সেনাৰ তথ্যত এই কথা প্ৰকাশ ।

এক টুইটযোগে ভাৰতীয় সেনাৰ স্পিয়াৰ কৰ্পছে কয় যে ১৮ জুনৰ মাজনিশা সশস্ত্ৰ দুৰ্বৃত্তই কাণ্টো চাবলৰ পৰা চিংমাং গাঁও অভিমুখে অপ্ৰৰোচিতভাৱে গুলীবৰ্ষণ কৰে । অৱশ্যে অঞ্চলটোত সাধাৰণ গাঁওবাসী থকাৰ বাবে সেনাই নিয়ন্ত্ৰিতভাৱে প্ৰত্যুত্তৰ দিয়ে । সেই সময়তে গুলীৰ আঘাতত সেনাৰ এজন জোৱান আহত হয় । তেওঁক ততাতৈয়াকৈ লিমাখোং সামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তেওঁৰ অৱস্থা সুস্থিৰ হৈ আছে । অঞ্চলটোত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে আৰু যুটীয়া অভিযান চলি আছে ।

আনহাতে, ভাৰতীয় সেনাই দেওবাৰে ইম্ফল উপত্যকাৰ হিংসাপীড়িত অঞ্চলত এক ফ্লেগ মাৰ্চ কৰে । ইফালে ইম্ফল পূব জিলা কৰ্তৃপক্ষই শনিবাৰে আৰু দেওবাৰে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ কাৰ্ফিউ শিথিল কৰাৰ সিদ্ধান্ত লয় । সাধাৰণ ৰাইজে যাতে ঔষধ আৰু খাদ্য-সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিব পাৰে তাৰ বাবে এই সিদ্ধান্ত লোৱা হয় । এই সন্দৰ্ভত ইম্ফল পূব জিলা দণ্ডাধীশ খুমানথেম ডায়েনা দেৱীয়েও এক নিৰ্দেশ জাৰি কৰে ।

কাৰ্ফিউ শিথিল কৰা অঞ্চলবোৰৰ ভিতৰত আছে হাট্টা ক্ৰছিঙৰ পৰা আৰডিএছ ক্ৰছিং, ইম্ফল নদী চেঞ্জেনথঙৰ পৰা মিনুথঙলৈ, মিনুথঙৰ পৰা হাট্টা ক্ৰছিঙলৈ আৰু আৰডিএছ ক্ৰছিঙৰ পৰা চেঞ্জেনথঙলৈ। উল্লেখ্য, কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ পিছত মণিপুৰত ৩ মে'ত ১৪৪ ধাৰাৰ অধীনত কাৰ্ফিউ জাৰি কৰা হৈছিল । তাৰ পিছত সংঘটিত হিংসাত শতাধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে ।

ইয়াৰ মাজতে যোৱা শুকুৰবাৰে মণিপুৰৰ থংজুত থকা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়টো সাধাৰণ জনতাই ভাঙি চূড়মাৰ কৰে । আনহাতে, বুধবাৰে মণিপুৰত নতুনকৈ সংঘটিত হিংসাত্মক ঘটনাত ৯ জন লোক নিহত আৰু ১০ জনৰো অধিক লোক আহত হয় । ৰাজ্য চৰকাৰে ৰাজ্যখনত ইণ্টাৰনেট সেৱা বন্ধ ৰখাটো ২০ জুনলৈ বৃদ্ধি কৰিছে । উল্লেখ্য যে বুধবাৰে দুৰ্বৃত্তই ইম্ফল পশ্চিমত মণিপুৰৰ মন্ত্ৰী নেমচা কিপজেনৰ চৰকাৰী বাসগৃহত জুই লগোৱাৰ চেষ্টা কৰিছিল।

লগতে পঢ়ক :Manipur violence: মিজোৰামৰ মুখ্যমন্ত্ৰীৰ পৰা সহায় ভিক্ষা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.