ETV Bharat / bharat

Arms seized: মণিপুৰত পুনৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা বাৰুদ জব্দ - manipur news

পুনৰ মণিপুৰ আৰক্ষীয়ে ৱাংগু লাইফাম অঞ্চলত এক তালাচী অভিযান চলাই যথেষ্ট পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা বাৰুদ জব্দ কৰিবলৈ সক্ষম হয় ৷ এই অভিযানৰ সময়ত ৱাংগু লাইফাম চিংগিয়াৰ কেইবাটাও বাসগৃহত তালাচী চলোৱা হৈছিল ৷ আৰক্ষীৰ দলটোৱে কবৰস্থানৰ ওচৰৰ ৱাংগু লাইফাম মাংগিয়াৰ পাহাৰীয়া অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা বাৰুদ জব্দ কৰে ৷

Manipur police recover arms
মণিপুৰত পুনৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা বাৰুদ জব্দ
author img

By ANI

Published : Oct 25, 2023, 12:52 PM IST

নেশ্যনেল ডেস্ক, 25 অক্টোবৰ : হিংসাজৰ্জৰ মণিপুৰত মণিপুৰ আৰক্ষীৰ তালাচী অভিযান অব্যাহত আছে ৷ মঙলবাৰে পুনৰ মণিপুৰ আৰক্ষীয়ে ৱাংগু লাইফাম অঞ্চলত এক তালাচী অভিযান চলাই যথেষ্ট পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা বাৰুদ জব্দ কৰিবলৈ সক্ষম হয় ৷ এক চৰকাৰী বিবৃতি অনুসৰি, মঙলবাৰে বিয়লি 3.30 ৰ পৰা 7.30 বজাৰ ভিতৰত মণিপুৰ আৰক্ষীয়ে এক অভিযান চলায় ৷ এই অভিযানৰ সময়ত ৱাংগু লাইফাম চিংগিয়াৰ কেইবাটাও বাসগৃহত তালাচী চলোৱা হৈছিল ৷ আৰক্ষীৰ দলটোৱে কবৰস্থানৰ ওচৰৰ ৱাংগু লাইফাম মাংগিয়াৰ পাহাৰীয়া অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা বাৰুদ জব্দ কৰে ৷

উদ্ধাৰ হোৱা সামগ্ৰীবোৰৰ ভিতৰত আছে এটা AK47, পাঁচটা এছএলআৰ, এটা .303 ৰাইফল, এটা ইনচাছ ৰাইফল, তিনিটা .303 ৰাইফল, 11 এইচই গ্ৰেনেড, এটা চীনা হেণ্ড গ্ৰেণেড, তিনি ডব্লিউ পি গ্ৰেন এম কে 1, 15 গ্ৰেনেড উৎক্ষেপণ টিউব, দুটা ডিট’নেটৰ বাকচ, ছয়টা বেলিষ্টিক কাৰ্টিজ, তিনিটা খালী কাৰ্টিজ, দুটা ৱাকি টকী (বাওফেং), এটা খালী AK47 ৰাইফলছৰ লগতে বহু বিস্ফোৰক সামগ্ৰী জব্দ কৰে ৷

উল্লেখ্য যে, এই মাহৰ আৰম্ভণিতে মণিপুৰৰ প্ৰান্তীয় এলেকাসমূহত ইম্ফল পূব, কাকচিং, বিষ্ণুপুৰ, চুৰাচান্দপুৰ, থৌবাল আৰু ইম্ফল পশ্চিম জিলাৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে যুটীয়াভাৱে চলোৱা অভিযানত বহু অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হৈছিল ৷

ইম্ফল পূব জিলাত অভিযানৰ সময়ত বিষয়াসকলে এটা এছল্ট ৰাইফল, এটা 0.303 ৰাইফল, তিনিটা এছএমজি কাৰ্বাইন, এটা ষ্টেন গান, দুটা 9 এমএম পিষ্টল, আৰু 62 টা লাইভ ৰাউণ্ড গোলা বাৰুদ, 18 টা বিস্ফোৰক, দেশীয় স্থানীয় বোমা লঞ্চাৰ, দুটা ৱায়াৰলেচ ছেট (কেনউড), দুটা টিউব উৎক্ষেপণ, এটা গ্ৰেণেড আৰু পাঁচটা বুলেট প্ৰুফ জেকেটসহ আঠটা আগ্নেয়াস্ত্ৰ ৰখা হৈছিল ৷

চুৰাচান্দপুৰ জিলাত চলোৱা অভিযানত বিষয়াসকলে মাৰণাস্ত্ৰৰ সৈতে এটা 9 এমএম পিষ্টলৰ মেগজিন, হাতেৰে তৈয়াৰ কৰা একক বেৰেল, লগতে 12 মিমি বোৰ লাইভ ৰাউণ্ড, 21 টা হেভি কেলিবাৰ মেচিন গান ৰাউণ্ড, এটা গধুৰ মৰ্টাৰ (10 ফুট), আৰু এটা ৰকেট চালিত গ্ৰেনেডো জব্দ কৰিছিল ৷

লগতে পঢ়ক: Road accident: উত্তৰাখণ্ডৰ কালি নদীত বাহন বাগৰি 6 জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.