ETV Bharat / bharat

Manipur Horror: মণিপুৰত বিবস্ত্ৰ কৰা দুই মহিলাক 10 লাখ টকাকৈ সাহায্য বিতৰণ ৰাজ্যপাল অনুসূয়া উইকীৰ - Manipur update

চুৰাচান্দপুৰৰ আশ্ৰয় শিবিৰ দ্বিতীয়বাৰৰ পৰিদৰ্শন ৰাজ্যপাল অনুসূয়া উইকীৰ ৷ ৰাজহুৱাভাৱে যৌন আতিশয্যৰ বলি হোৱা মহিলা দুগৰাকীকো সাক্ষাৎ কৰে ৰাজ্যপালগৰাকীয়ে ৷

Manipur Horror
Manipur Horror
author img

By

Published : Jul 29, 2023, 7:05 PM IST

তেজপুৰ, 29 জুলাই: মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীয়ে শনিবাৰে চুৰাচান্দপুৰৰ আশ্ৰয় শিবিৰ দ্বিতীয়বাৰৰ বাবে ভ্ৰমণ কৰি ৰাজ্যখনত শান্তি, স্বাভাৱিক পৰিস্থিতি আৰু সম্প্ৰীতি পুনৰুদ্ধাৰৰ বাবে একেলগে কাম কৰাৰ বাৰ্তা প্ৰদান কৰে ৷

Manipur Horror
অসম ৰাইফলছৰ কাৰ্যালয়ত ৰাজ্যপাল

তাৎপৰ্যপূৰ্ণভাৱে, 4 মে'ত ৰাজহুৱাভাৱে আতিশয্যৰ বলি হোৱা মহিলা দুগৰাকীক ব্যক্তিভাৱে সাক্ষাৎ কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালক 10 লাখ টকাৰ চেক প্ৰদান কৰে ৷ অসম ৰাইফলছৰ হেলিপেডত উপস্থিত হোৱাৰ পিচত ৰাজ্যপালগৰাকীয়ে ছেইণ্ট পলছ ইনষ্টিটিউটৰ সাহায্য শিবিৰলৈ যায় আৰু ইয়াৰ পিচত ৰেংকাইৰ ইয়ং লাৰ্নাৰ্ছ স্কুলত অৱস্থিত সাহায্য শিবিৰত উপস্থিত হয় ৷ উল্লেখ্য যে বিদ্যালয়খনত প্ৰায় 170 গৰাকী স্থানচ্যুত লোকে আশ্ৰয় গ্ৰহণ কৰি আছে ৷

Manipur Horror
সাহায্য বিতৰণ কৰি থকা অৱস্থাত ৰাজ্যপাল

আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি লোকসকলৰ সৈতে বাৰ্তালাপ কৰি প্ৰতিটো পৰিয়ালকে সাহায্য সামগ্ৰী বিতৰণ কৰে ৷ সাহায্য সামগ্ৰীসমূহৰ ভিতৰত আছে কিছু নগদ ধন আৰু শিশুৰ খোৱাৰ সামগ্ৰী ৷ ৰাজ্যপালগৰাকীয়ে মণিপুৰৰ যুৱক-যুৱতীসকলক আইন হাতত নল’বলৈ আৰু ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিতি পুনৰুদ্ধাৰৰ বাবে বেআইনী কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ৷

Manipur Horror
চুৰাচান্দপুৰৰ আশ্ৰয় শিবিৰ

ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰে ক্ষতিপূৰণ প্ৰদান কৰিব বুলিও আশ্বাস দিয়ে ৰাজ্যপালগৰাকীয়ে ৷ লগতে শান্তি পুনৰুদ্ধাৰৰ বাবে ৰাইজৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কয় ৰাজ্যপালগৰাকীয়ে ৷ ৰাজ্যপালগৰাকীয়ে টুইবঙৰ চেক্টৰ 27ত অৱস্থিত অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ প্ৰাক্তন সৈনিকসকলৰ সৈতে বাৰ্তালাপ কৰে ৷ ৰাজ্যৰ সৈনিক ব'ৰ্ডৰ সভাপতি হিচাবে ৰাজ্যপালগৰাকী সাতটা প্ৰাক্তন সৈনিক পৰিয়ালক কিছু সাহায্য সামগ্ৰী আৰু নগদ 15 হাজাৰ টকাকৈ প্ৰদান কৰে ৷

Manipur Horror
চুৰাচান্দপুৰৰ আশ্ৰয় শিবিৰ দ্বিতীয়বাৰৰ পৰিদৰ্শন ৰাজ্যপালৰ

অসম ৰাইফলছৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত ৰাইজৰ সমস্যাৰ বুজ ল’বলৈ দ্বিতীয়বাৰৰ বাবে চুৰাচান্দপুৰ ভ্ৰমণ কৰাৰ কথা উল্লেখ কৰে ৰাজ্যপালগৰাকীয়ে ৷ ৰাজ্যপালগৰাকীয়ে কয়, ‘‘এতিয়ালৈকে, কিছু সমস্যাৰ সামাধান কৰা হৈছে ৷ পথ অৱৰোধৰ ফলত ঔষধকে ধৰি প্ৰাথমিক সুবিধাৰ আমদানি ব্যাহত হৈছে ৷’’

Manipur Horror
আশ্ৰয় শিবিৰত সাহায্য বিতৰণ ৰাজ্যপাল উইকীৰ

বিবস্ত্ৰ কৰি পেৰেড কৰোৱা মহিলা দুগৰাকীক সাক্ষাৎ কৰি তেওঁলোকক সাহায্য আগবঢ়োৱাৰ কথাও সংবাদমেলত সদৰী কৰে ৰাজ্যপালগৰাকীয়ে ৷ ‘‘এই ঘটনাৰ বাবে ৰাজ্যবাসীৰ লগতে সমগ্ৰ দেশবাসী লজ্জিত ৷ এই ঘটনা কেতিয়াও পাহৰিব পৰা নহ’ব আৰু ভুক্তভোগী দুই মহিলাক বিত্তীয় আৰু নৈতিক সমৰ্থন প্ৰদান কৰা হ’ব ৷’’ ৰাজ্যপাল উইকীয়ে কয় ৷

Manipur Horror
চুৰাচান্দপুৰত ৰাজ্যপাল

লগতে পঢ়ক: Manipur violence : মণিপুৰত উপস্থিত বিৰোধী 'INDIA'ৰ ২১ জনীয়া প্ৰতিনিধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.