নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰী: মণিপুৰত 'ই-অফিচ ফাইল মেনেজমেণ্ট চিষ্টেম' ৰূপায়ণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰে ৰাজ্য চৰকাৰে । শনিবাৰে সাধাৰণ প্ৰশাসন বিভাগৰ উদ্যোগত আয়োজিত এক কাৰ্যসূচীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বিভিন্ন বিভাগক ১৮৬ টা ডেস্কট'প কম্পিউটাৰ ছেট বিতৰণ কৰে । অনুষ্ঠানত ৰাজ্যিক মুখ্য সচিব ড০ ৰাজেশ কুমাৰ, প্ৰশাসনিক সচিব আৰু অন্যান্য বিষয়াসকলো উপস্থিত থাকে । ইফালে অনুষ্ঠানটোত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা ৪ বছৰত প্ৰগতি আৰু উন্নয়নৰ বাবে কঠোৰ পৰিশ্ৰম কৰা সকলো প্ৰশাসনিক সচিব, বিভাগৰ মুৰব্বী আৰু চৰকাৰী কৰ্মচাৰীসকলক প্ৰশংসা কৰে ।
লগতে তেওঁ কয় যে বিষয়া-কৰ্মচাৰীসকলৰ প্ৰচেষ্টাৰ বাবেই ৰাজ্যখনে বিভিন্ন দিশত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । আনকি কৰ'ণাই বিশ্বজুৰি ভয়াবহ ৰূপ ধাৰণ কৰাৰ পিছতো মণিপুৰ এই ক্ষেত্ৰত কিছু পৃথক হৈ আছে । ইফালে বতৰৰ বাবে আগন্তুক ৫ৰ পৰা ৬ মাহ সময় মণিপুৰৰ বাবে অতি প্ৰত্যাহ্বানমূলক হ'ব বুলি উল্লেখ কৰি তেওঁ কৰ্মচাৰীসকলক আৰু অধিক পৰিশ্ৰম কৰি অতি সোনকালে আধৰুৱা কামবোৰ শেষ কৰিবলৈ আহ্বান জনায় ।
উল্লেখ যে মুখ্যমন্ত্ৰী গৰাকীয়ে যোৱা বছৰৰ ৮ ছেপ্টেম্বৰত মণিপুৰ সচিবালয়ৰ বাবে 'ই-অফিচ ফাইল মেনেজমেণ্ট চিষ্টেম' আৰম্ভ কৰিছিল আৰু পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২০২০ চনৰ ২৭ ডিচেম্বৰত মণিপুৰ ভ্ৰমণৰ সময়ত ৰাজ্যজুৰি এই আঁচনিৰ শুভাৰম্ভ কৰিছিল । ইতিমধ্য়ে 'ই-অফিচ ফাইল মেনেজমেণ্ট চিষ্টেম' ৰাজ্যখনৰ ১৬ খন জিলাৰ প্ৰায় ৬২ টা বিভাগত ৰূপায়ণ কৰা হৈছে । এতিয়ালৈ ইয়াৰ ব্যৱহাৰকাৰীৰ মুঠ সংখ্যা হৈছে ৯৭০ টা আৰু ৰাজ্যখনত ১৩,৮৭২ টা ই-ফাইল সৃষ্টি কৰা হৈছে । সমান্তৰালকৈ ৪০,৮৫০ টা ই-ডাক সৃষ্টি কৰা হৈছে আৰু ৬,৮৪৮ টা লিগেচি ফাইল ডিজিটাইজ কৰা হৈছে যাৰ ফলত মণিপুৰ সমগ্ৰ উত্তৰ-পূবৰ ভিতৰতে ই-কাৰ্যালয় ৰূপায়ণৰ ক্ষেত্ৰত প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে । এই পদ্ধতি ৰাজ্যৰ ৬৮ টা চৰকাৰী সঞ্চালকালয়, ৫৩ টা সমিতি, নিগম, চৰকাৰী উদ্যোগ আৰু সংস্থাত আৰম্ভ কৰাৰ লক্ষ্য আগত ৰাখি মুঠ ব্যৱহাৰকাৰীৰ সংখ্যা ৩০ হাজাৰ হ'ব বুলি আশা কৰা হৈছে ।