ETV Bharat / bharat

বিজেপি চৰকাৰ গঠনৰ পিছৰে পৰা ত্ৰিপুৰাত উন্নতি হৈছে : মাণিক সাহা

author img

By

Published : Sep 12, 2022, 7:48 PM IST

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাই সোমবাৰে দাবী কৰে যে ২০১৮ চনত ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা ৰাজ্যখনত উন্নয়নৰ ৰাজনীতিক অগ্ৰাধিকাৰ দিয়া দেখা গৈছে (Manik Saha claimed BJP government developed Tripura) ।

Tripura
Tripura

আগৰতলা, ১২ ছেপ্টেম্বৰ : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাই সোমবাৰে দাবী কৰে যে ২০১৮ চনত ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা ৰাজ্যখনত উন্নয়নৰ ৰাজনীতিক অগ্ৰাধিকাৰ দিয়া দেখা গৈছে (Manik Saha claimed BJP government developed Tripura) ।

"২০১৮ চনত ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টী চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা ৰাজ্যখনত উন্নয়নৰ ৰাজনীতিক অগ্ৰাধিকাৰ হিচাপে দেখা গৈছে । গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ উপৰি ৰাজ্য চৰকাৰে নগৰ আৰু গ্ৰাম্য অঞ্চলত আন্তঃগাঁথনিৰ বিকাশৰ বাবে কেইবাটাও শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি আছে (Tripura Chief Minister Dr Manik Saha) । সৌন্দৰ্যবৰ্ধন আৰু আন্তঃগাঁথনিগত বিকাশৰ ক্ষেত্ৰত আজিৰ আগৰতলা আৰু চাৰি বছৰ আগৰতলাৰ মাজত যথেষ্ট পাৰ্থক্য আছে (beautification of Agartala) ।" মুখ্যমন্ত্ৰীয়ে কয় ।

তেওঁ লগতে কয় যে যিসকলে এই চহৰখনক হৃদয় আৰু আত্মাৰ সৈতে ভালপায় নিশ্চয় এই পাৰ্থক্যবোৰ তেওঁলোকৰ চকুত পৰিছে । উল্লেখ্য, আজি ডাঃ সাহাই স্থানীয় জনপ্ৰতিনিধি আৰু বিষয়াসকলৰ সৈতে তেওঁৰ নিজৰ বিধানসভা সমষ্টি ৮ টাউন বৰদোৱালীৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে (Tripura CM visited Assembly 8 Town Bordowali) ।

"ভ্ৰমণৰ সময়ছোৱাত অঞ্চলটোৰ সামগ্ৰিক উন্নয়নত স্থানীয় লোকসকলৰ পৰা পোৱা সহযোগিতামূলক মানসিকতাত মই নিশ্চিত যে অনাগত দিনবোৰত উন্নয়নমূলক কামৰ গতি ত্বৰান্বিত হ'ব ।" তেওঁ এইদৰে কয় । আগৰতলা পৌৰ নিগমৰ মেয়ৰ দীপক মজুমদাৰ, উপ মেয়ৰ, কৰ্পোৰেটৰ, নগৰ উন্নয়ন বিভাগৰ সচিব, জিলা দণ্ডাধীশ, উপ-বিভাগীয় দণ্ডাধীশ আৰু অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মীসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে ৮ নং বৰদোৱালী বিধানসভা সমষ্টিৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে ।

"আজাদী কা অমৃত মহোৎসৱ (Azadi ka Amrit Mahotsav) উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Prime Minister Narendra Modi) মাৰ্গ দৰ্শনত হাতত লোৱা অমৃত সৰোবৰ প্ৰকল্পৰ (Amrit Sarovar project) অধীনত পুখুৰীসমূহৰ অগ্ৰগতিৰ বিষয়ে মোক বিতংভাৱে অৱগত কৰোৱা হয় আৰু সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা হয় ।ইয়াৰ উপৰি মোক স্থানীয় বাসিন্দাসকলৰ পৰা নিষ্কাশন ব্যৱস্থাকে ধৰি বিভিন্ন সুবিধা আৰু অসুবিধাৰ বিষয়েও অৱগত কৰোৱা হৈছিল । মই নিশ্চিত যে সামগ্ৰিক বিকাশত স্থানীয় বাসিন্দাসকলৰ পৰা মই লাভ কৰা সহযোগিতামূলক মানসিকতাই অনাগত দিনবোৰত উন্নয়নমূলক কামৰ গতি ত্বৰান্বিত কৰিব ।" তেওঁ কয় ।

লগতে পঢ়ক :ৰাজ্যসভাৰ বাবে মনোনয়ন দাখিল ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.