ETV Bharat / bharat

Mangaluru Autorickshaw Blast: মাংগালুৰুৰ বিস্ফোৰণক সন্ত্ৰাসবাদীৰ কাৰ্য ঘোষণা আৰক্ষীৰ - Terror with intention

শনিবাৰে মাংগালুৰুত এখন চলন্ত অ’টোৰিক্সাত বিস্ফোৰণ ঘটে (Mangaluru autorickshaw blast) ৷ এই বিস্ফোৰণৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ লগতে ক’লা ধোঁৱাই অঞ্চলটো ছানি ধৰে ৷ এই ঘটনাত অ’টোৰিক্সাখনৰ চালক আৰু এগৰাকী যাত্ৰীসহ কেইবাজনো লোক অগ্নিদগ্ধ হয় ৷

Mangaluru autorickshaw blast
Mangaluru autorickshaw blast
author img

By

Published : Nov 20, 2022, 9:43 PM IST

নিউজ ডেস্ক, 20 নৱেম্বৰ: মাংগালুৰুত সংঘটিত অ’টোৰিক্সা বিস্ফোৰণৰ ঘটনাটো (Mangaluru autorickshaw blast) দুৰ্ঘটনা নহয়, বৰঞ্চ এক সুপৰিকল্পিত সন্ত্ৰাসমূলক কাৰ্য (Terror with intention)৷ বৃহৎ ক্ষতিৰ উদ্দেশ্যেই এই কাণ্ড সংঘটিত কৰা হৈছিল ৷ কৰ্ণাটকৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰবীন ছুডে টুইটাৰযোগে প্ৰকাশ কৰিছে এই কথা ৷ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, বৰ্তমান এইটো এটা পৰিকল্পিত বিস্ফোৰণ বুলি নিশ্চিত কৰা হৈছে ৷ কেন্দ্ৰীয় সংস্থাৰ সৈতে মিলিত হৈ কৰ্ণাটক আৰক্ষীয়ে ইয়াৰ উপযুক্ত তদন্ত কৰিব ৷

Mangaluru autorickshaw blast
মাংগালুৰুৰ বিস্ফোৰণক সন্ত্ৰাসবাদীৰ কাৰ্য ঘোষণা আৰক্ষীৰ

শনিবাৰে মাংগালুৰুত এখন চলন্ত অ’টোৰিক্সাৰ বিস্ফোৰণ ঘটে ৷ এই বিস্ফোৰণৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ লগতে ক’লা ধোঁৱাই অঞ্চলটো ছানি ধৰে ৷ এই ঘটনাত অ’টোৰিক্সাখনৰ চালক আৰু এগৰাকী যাত্ৰীসহ কেইবাজনো লোক অগ্নিদগ্ধ হয় (Autorickshaw blast in Mangaluru)৷

মাংগালুৰুৰ গাৰোডীৰ সমীপত সংঘটিত অটোৰিক্সা বিস্ফোৰণৰ পাচত দেওবাৰে ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ চাৰিজনীয়া বিষয়াৰ এটা দলে সেই স্থান পৰিদৰ্শন কৰে । অ’টোৰিক্সাখন বিস্ফোৰণ হোৱা ঠাইখিনি পৰিদৰ্শন কৰে তদন্তকাৰী বিষয়াসকলে ৷ আৰক্ষীয়ে সেই স্থানত নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ।

এই বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত সন্দেহযুক্ত অভিযুক্তজনে মহীশূৰৰ এটা ভাড়াঘৰত বাস কৰিছিল । মহীশূৰৰ লোকনায়কনগৰত ভাড়াঘৰত থকা সন্দেহজনক লোকজনে ভাড়াঘৰটো লওঁতে ভুৱা নথি-পত্ৰ দিছিল ।

আজি আৰক্ষীয়ে সন্দেহযুক্ত লোকজন থকা ভাড়াঘৰটোত কিছু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে । চাৰ্কিট বৰ্ড, সৰু বল্ট, বেটাৰী, মোবাইল, কাঠৰ গুড়ি, এলুমিনিয়াম, মাল্টি মিটাৰ, তাঁৰ, মিক্সাৰ জাৰ, প্ৰেচাৰ কুকাৰকে ধৰি বহুতো বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হয় । ভাড়াঘৰটোত এটা মোবাইল, দুখন ভুৱা আধাৰ কাৰ্ড, এখন ভুৱা পেন কাৰ্ড, এখন ফিনো ডেবিট কাৰ্ডো উদ্ধাৰ হৈছে ।

এই ঘটনাক প্ৰথম অৱস্থাত সাধাৰণ দুৰ্ঘটনা বুলি ভবা হৈছিল যদিও লাহে লাহে ঘটনাই অন্য মোৰ লৈছে ৷ বৰ্তমান এয়া সন্ত্ৰাসবাদীৰ কাৰ্য বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে ৷ কিন্তু বৰ্তমানলৈকে কোনেও ইয়াৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷

লগতে পঢ়ক: Insult to Dalit women: দলিত মহিলাই পানী খোৱাৰ বাবেই ধুই চাফা কৰা হ’ল পানী টেংকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.