ETV Bharat / bharat

Mangaluru autorickshaw blast: অভিযুক্ত শ্বৰিক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰদ্বাৰা প্ৰভাৱিত হোৱাৰ অভিযোগ - চালক আৰু এজন যাত্ৰী গুৰুতৰভাৱে অগ্নিদগ্ধ

মাংগালুৰু অট’ৰিক্সা বিস্ফোৰণৰ গোচৰৰ অভিযুক্ত মহম্মদ শ্বৰিকক চিনাক্ত কৰিবলৈ মাংগালুৰুৰ ফাদাৰ মুলাৰ চিকিৎসালয়ত উপস্থিত হৈছেহি পৰিয়ালৰ লোক (Mangaluru autorickshaw blast case)৷

Mangaluru autorickshaw blast case accused Shariq influenced by international terrorists: ADGP
Mangaluru autorickshaw blast case: অট’ৰিক্সা বিস্ফোৰণৰ অভিযুক্ত শ্বৰিকে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰদ্বাৰা প্ৰভাৱিত হৈছে -এডিজিপি
author img

By

Published : Nov 21, 2022, 5:26 PM IST

নেশ্যনেল ডেস্ক, 21 নৱেম্বৰ: মাংগালুৰু বিস্ফোৰণ কাণ্ডই নতুন মোৰ লৈছে ৷ মাংগালুৰু অট’ৰিক্সা বিস্ফোৰণৰ গোচৰৰ অভিযুক্ত মহম্মদ শ্বৰিকক চিনাক্ত কৰিবলৈ মাংগালুৰুৰ ফাদাৰ মুলাৰ চিকিৎসালয়ত উপস্থিত হৈছেহি পৰিয়ালৰ লোক (Mangaluru autorickshaw blast case)৷

উল্লেখ্য যে, শনিবাৰে মাংগালুৰুত এখন চলন্ত অট’ৰিক্সাৰ ভিতৰত এটা কুকাৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল ৷ এই বিস্ফোৰণৰ ফলত অট’ৰিক্সাখনত থকা চালক আৰু এজন যাত্ৰী গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছিল ৷ জানিব পৰামতে অট’ৰিক্সাখনত যাত্ৰীজনে লৈ অহা এটা কুকুাৰত থকা এটা বোমা বিস্ফোৰণ হোৱাৰ ফলত অট’খনত জুই লাগে আৰু ধোঁৱাই অট’খন আৱৰি ধৰে ৷ লগে লগে অঞ্চলটোত হুৱা দুৱা লগাত স্থানীয় লোকে দুয়োজন অগ্নিদগ্ধ লোকক মাংগালুৰুৰ ফাদাৰ মুলাৰ চিকিৎসালয়ত ভৰ্তি কৰে ৷

এই ঘটনা প্ৰথমতে স্বাভাৱিক যেন লাগিছিল যদিও পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷ এই বিস্ফোৰণৰ ঘটনাৰ এদিনৰ পিছতে কৰ্ণাটকৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰবীণ ছুদে ইয়াক ৰহস্যজনক বিস্ফোৰণ বুলি অভিহিত কৰিছিল ৷

বিস্ফোৰণৰ পিছতে ৰাজ্যিক আৰক্ষীয়ে উচ্চ সতৰ্কতা অৱলম্বন কৰে, বিমানবন্দৰ, ৰে’ল ষ্টেচন, বজাৰ, বাছ ষ্টেণ্ড আৰু অন্যান্য স্থানৰ লগতে ৰাজ্যখনৰ পৰ্যটনস্থলীত নিৰাপত্তা বৃদ্ধি কৰে ৷ আৰক্ষীয়ে এই ঘটনাৰ অনুসন্ধানৰ কৰাৰ পিছতে অট’খনৰ পৰা ডিট’নেটৰ, তাঁৰ আৰু বেটাৰি লগোৱা এটা কুকাৰ উদ্ধাৰ কৰিছিল ৷

ইয়াৰ পিছতে মাংগালুৰুৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে "এইটো নিশ্চিত হৈ পৰিছে যে বিস্ফোৰণটো আকস্মিক নহয় ৷ গুৰুতৰ ক্ষতি কৰাৰ উদ্দেশ্যৰে এনে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱা হৈছিল ৷ এই বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত কৰ্ণাটক ৰাজ্যিক আৰক্ষীয়ে কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে তদন্ত অব্যাহত ৰাখিছে (Shariq influenced by international terrorists)৷"

ইফালে এই সমগ্ৰ ঘটনা সংঘটিত কৰা অভিযুক্ত অট’খনত অহা যাত্ৰীজনৰ এই বিস্ফোৰণত মুখখন সম্পূৰ্ণৰূপে জ্বলি যায় ৷ আৰক্ষীয়ে অভিযুক্তটোক মহম্মদ শ্বৰিক বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ মহম্মদ শ্বৰিকে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ পৰা প্ৰভাৱিত হৈ এই ঘটনা সংঘটিত কৰিছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছিল ৷

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই কয় যে, অভিযুক্ত শ্বৰিকৰ সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক আছিল ৷ কিয়নো শ্বৰিকে চুবুৰীয়া ৰাজ্য তামিলনাডুৰ কইম্বাটুৰকে ধৰি বিভিন্ন স্থানলৈ ভ্ৰমণ কৰিছিল ৷ কইম্বাটুৰ বা আন যিকোনো ঠাইলৈ ভ্ৰমণ কৰা তথ্যই স্পষ্টকৈ শ্বৰিকৰ সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক থকাৰ ইংগিত বহন কৰে ৷ যাত্ৰী শ্বৰিকে বিস্ফোৰণৰ বাবে পূৰ্ব নিৰ্ধাৰিত স্থানলৈ গৈ থকাৰ পথতেই বিস্ফোৰণটো সংঘটিত হৈছিল ৷

ইফালে আৰক্ষীৰ তথ্য অনুসৰি, শ্বৰিক শিৱমোগা জিলাৰ থেৰথাহাল্লিৰ বাসিন্দা ৷ 2019 চনৰ ছেপ্টেম্বৰত কাদ্ৰী আৰক্ষী থানাৰ সমীপতে থকা এটা এপাৰ্টমেণ্টত সন্ত্ৰাসবাদীপন্থী গ্ৰাফিটিৰ এটা গোচৰতো শ্বৰিকৰ নাম সাঙুৰ খাইছিল ৷

সম্প্ৰতি সন্দেহযুক্ত অভিযুক্ত শ্বৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷ শ্বৰিকে জ্ঞান ঘূৰাই পোৱাৰ পিছতহে আৰক্ষীয়ে পৰৱৰ্তী তদন্ত অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে ৷ ইতিমধ্যে নিয়াক কৰ্ণাটক আৰক্ষীয়ে এই ঘটনাৰ অনুসন্ধানৰ দায়িত্ব অৰ্পন কৰিছে ৷

মাংগালুৰু বিস্ফোৰণৰ ঘটনাৰ তদন্ত অব্যাহত থকাৰ লগে লগে দেওবাৰে ফৰেনচিক চায়েন্স লেবৰেটৰী ডিভিজন (এফএছএল)ৰ দলটো মহীশূৰত শ্বৰিকৰ ভাড়াঘৰটোত উপস্থিত হয় ৷ দলটোৱে শ্বৰিকৰ বাসগৃহৰ পৰা বিস্ফোৰক তৈয়াৰ কৰিবলৈ ব্যৱহাৰ হোৱা সামগ্ৰী উদ্ধাৰ কৰিছিল ৷

লগতে এফএছএল দলে বিস্ফোৰক যেনে জিলেটিন পাউডাৰ, চাৰ্কিট বোৰ্ড, সৰু বোল্ট, বেটাৰি, ম'বাইল, কাঠৰ শক্তি, এলুমিনিয়াম মাল্টি মিটাৰ, তাঁৰ, মিশ্ৰণ জাৰ, প্ৰেছাৰ কুকাৰ আদি ৰখাৰ বাবে ব্যৱহৃত সামগ্ৰী উদ্ধাৰ কৰে, অনুসন্ধানকাৰীসকলে এটা মোবাইল ফোন, দুটা নকল আধাৰ কাৰ্ড, এটা ভুৱা পেন কাৰ্ড আৰু এটা ফিনো ডেবিট কাৰ্ড উদ্ধাৰ কৰে ৷ সন্দেহ কৰা হৈছে যে অভিযুক্তজনে সম্ভৱতঃ তেওঁৰ ঘৰতেই বিস্ফোৰক সঁজুলি প্ৰস্তুত কৰি আছিল ৷ লগতে কেইবাটাও ভুৱা পৰিচয় পত্ৰ উদ্ধাৰ কৰে ৷

আনহাতে, সোমবাৰে মাংগালুৰুত সংঘটিত বিস্ফোৰণৰ সৈতে জড়িত এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে (one Assam youth arrested from Kanyakumari)৷ কন্যাকুমাৰীত গ্ৰেপ্তাৰ কৰা যুৱকজন অসমৰ আজিম ৰহমান বুলি জানিব পৰা গৈছে ৷ বিগত দহ বছৰে কন্যাকুমাৰীত এখন ফাষ্ট ফুডৰ দোকানত কৰ্মৰত আছিল যুৱকজন ৷ মালিকৰ ফোন ব্যৱহাৰ কৰি বাৰ্তালাপ কৰাৰ অভিযোগ উত্থাপন হৈছে আজিমৰ বিৰুদ্ধে ৷ ধৃত আজিম অসমৰ কোন জিলাৰ এতিয়ালৈ জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক: Drugs in Guwahati : মহানগৰীত ৪ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.