ETV Bharat / bharat

শ্বেয়াৰ মাৰ্কেটত লোকচানৰ সন্মুখীন হৈ পিতৃক কৰিলে নৃশংস হত্যা - Son killed father

বৃহস্পতিবাৰে নিশা শুৱাপাটীতে নিজ পিতৃ-মাতৃক হাতুৰী, স্ক্ৰুড্ৰাইভাৰেৰে নৃশংসভাৱে আক্ৰমণ কৰিলে পুত্ৰই (Man kills father brutally)৷

Man loses Rs 10 lakh in stock market, kills father brutally in UP

author img

By

Published : Oct 8, 2022, 11:48 AM IST

নেশ্যনেল ডেস্ক, 8 অক্টোবৰ: পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে পিতৃয়ে (Son killed father)৷ উত্তৰ প্ৰদেশৰ ফাটেহনগৰত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাটো ৷ বৃহস্পতিবাৰে নিশা শুৱাপাটীতে পিতৃ-মাতৃক হাতুৰী, স্ক্ৰু ড্ৰাইভাৰেৰে নৃশংসভাৱে আক্ৰমণ কৰিলে পুত্ৰই (Man kills father brutally)৷

ঘটনাৰ বিৱৰণী অনুসৰি শ্বেয়াৰ বজাৰত 10 লাখ টকাৰ লোকচানৰ সন্মুখীন হোৱাৰ পিছত জছদীপ নামৰ যুৱকজনে পিতৃ-মাতৃৰ পৰা ধন বিচাৰিছিল (Man lost Rs 10 lakhs in stock market)৷ কিন্তু পুত্ৰক ধন দিবলৈ অমান্তি হয় পিত-মাতৃয়ে ৷ জছদীপে ঘৰৰ লোকক বিভিন্ন প্ৰকাৰেৰে বুজাবলৈ চেষ্টা কৰিছিল যদিও পুত্ৰৰ কোনো কথাতে সৈমান হোৱা নাছিল পিতৃ-মাতৃয়ে ৷

খঙত অগ্নিশৰ্মা হৈ পুত্ৰই বৃহস্পতিবাৰে নিশা পিতৃ-মাতৃৰ খাদ্যত নিচাযুক্ত দ্ৰব্য মিহলি কৰে ৷ সেই খাদ্য খাই শুবলৈ যোৱাৰ সময়তে পিতৃ-মাতৃ অজ্ঞান হৈ পৰে ৷ ইয়াৰে সুযোগ লৈ জছদীপে ঘৰত থকা হাতুৰী, কেঁচী, স্ক্ৰু ড্ৰাইভাৰৰ দৰে চোকা অস্ত্ৰৰে পিতৃ আৰু মাতৃৰ সৰ্বশৰীৰত আক্ৰমণ কৰে ৷ জছদীপে স্বীকাৰ কৰা অনুসৰি দুয়োকে প্ৰায় 37 বাৰ আক্ৰমণ কৰিছিল ৷

এই ঘটনাত শুই থকা অৱস্থাতে পিতৃ স্বৰ্ণ মলহোত্ৰাৰ মৃত্যু হয় ৷ তেওঁৰ মাতৃ আজিন্দৰক গুৰুতৰ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে জছদীপে এই সমগ্ৰ ঘটনাক ডকাইতিৰ ৰূপ দিবলৈ পুৱা প্ৰায় 4 বজাত ঘৰৰ পৰা ওলাই গৈছিল ৷ ঘৰৰ ওচৰতে বাস কৰা প্ৰাক্তন বিজেপি পাৰিষদ অমৰজিৎ সিঙক ঘৰত চোৰ প্ৰৱেশ কৰি তেওঁৰ পিতৃ-মাতৃক নিৰ্মভাৱে হত্যা কৰি থৈ যোৱা বুলি অৱগত কৰে ৷

এই কথা শুনিয়েই অমৰজিতে হৰি নগৰ আৰক্ষী থানাৰ (Hari Nagar police station)এছএইচঅ'ক ফোন কৰি জছদীপে কোৱা অনুসৰি সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰিছিল ৷ এই খবৰ পোৱাৰ মাত্ৰকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰাৰ পিছত জছদীপক সোধ পোছৰ বাবে আৰক্ষী চকীলৈ লৈ যায় ৷ আৰক্ষীৰ কঠোৰ জেৰাত জছদীপে কৰা অপৰাধৰ কথা স্বীকাৰ কৰে ৷

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা জছদীপে পিতৃ-মাতৃক হত্যা কৰিবলৈ ব্যৱহাৰ কৰা হাতুৰী আৰু স্ক্ৰু ড্ৰাইভাৰ আদি সামগ্ৰীসমূহো উদ্ধাৰ কৰে ৷ সম্প্ৰতি এই হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে জছদীপৰ পত্নীকো জেৰা চলাই আছে ৷ আৰক্ষীক জছদীপৰ পত্নীয়ে কোৱা অনুসৰি জছদীপে শ্বেয়াৰ বজাৰত প্ৰায় ১০ লাখ টকাৰ লোকচানৰ সন্মুখীন হোৱাৰ পিছতেই মাক-দেউতাকক টকা বিচাৰি হেঁচা প্ৰয়োগ কৰিছিল ৷

যাৰ বাবে ঘৰখনত বিগত পাঁচ দিন ধৰি কাজিয়া চলি আছিল ৷ এই কাজিয়াৰ পৰিণতিতেই জছদীপে এই জঘন্য ঘটনা সংঘটিত কৰে বুলি পত্নীয়ে সদৰী কৰে ৷

লগতে পঢ়ক: কাৰাগাৰৰ ভিতৰৰ ড্ৰাগছৰ বিশাল চক্ৰ ফাদিল: ড্ৰাগছসহ আটক দুই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.