ETV Bharat / bharat

মিজোৰামত জীৱন্তে অগ্নিদগ্ধ হৈ এজনৰ মৃত্যু

মিজোৰামত জীৱন্তে অগ্নিদগ্ধ হৈ এগৰাকী 73 বৰ্ষীয় লোকৰ মৃত্যু ৷ ফাৰ্নিচাৰ দোকানত বৈদ্যুতিক বিজুতি সংঘটিত হোৱাৰ ফলত সংঘটিত অগ্নিকাণ্ডত ব্যক্তিগৰাকীৰ মৃত্যু ৷

author img

By

Published : Mar 7, 2021, 10:43 PM IST

man burnt to death in mizoram
man burnt to death in mizoram

মিজোৰাম, 7 মাৰ্চ: মিজোৰামত জীৱন্তে অগ্নিদগ্ধ হৈ এগৰাকী 73 বৰ্ষীয় লোকে মৃত্যুক সাৱটি লয় ৷ দেওবাৰে পুৱা প্ৰায় 4:30 বজাত মিজোৰামৰ চাইটুৱাল জিলাত বাসগৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ ফলতে ব্যক্তিগৰাকীয়ে মৃত্যুক সাৱটি লয় ৷

প্ৰাপ্ত তথ্য অনুসৰি মৃত ব্যক্তিগৰাকীৰ ঘৰটো এটা এমহলীয়া অসম আৰ্হিৰ ঘৰ আৰু উক্ত ঘৰটোৰে তলৰ মহলাটো ফাৰ্নিচাৰৰ দোকান হিচাপে ব্যৱহাৰ কৰা হৈছিল ৷ ফাৰ্নিচাৰ দোকানখনত কোনো বৈদ্যুতিক বিজুতি সংঘটিত হোৱাৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হয় ৷

man burnt to death in mizoram
বৈদ্যুতিক বিজুতি সংঘটিত হোৱাৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হয়

জানিব পৰা মতে ঘৰটোত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি গম পোৱাৰ পাছতে ঘৰৰ আটাইকেইগৰাকী সদস্য ঘৰৰ বাহিৰলৈ ওলাই আহে যদিও শোৱনি কোঠাৰ ভিতৰত থকা ধন আনিবলৈ বুলি ঘৰটোৰ ভিতৰত পুনৰ প্ৰৱেশ কৰাৰ পাছতে জীৱন্তে অগ্নিদগ্ধ হৈ ব্যক্তি গৰাকীৰ মৃত্যু হয় ৷

লগতে পঢ়ক: ছত্তীশগড়ত মাওবাদীয়ে সংস্থাপন কৰা আইইডি উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.