ETV Bharat / bharat

দিল্লীত একাংশ লোকৰ নিৰ্মম প্ৰহাৰত মৃত্য়ু এজন যুৱকৰ - ৰঘুবীৰ

দিল্লীৰ ৰঘুবীৰ নগৰত একাংশ লোকে মৰিয়াই মৰিয়াই হত্য়া কৰে ২৭ বছৰীয়া সতেন্দ্ৰক । মৃত সতেন্দ্ৰ শিৱাজী নগৰৰ জনতা কলনীৰ বাসিন্দা ।

দিল্লীত একাংশ লোকৰ নিৰ্মম প্ৰহাৰত মৃত্য়ু এজন যুৱকৰ

author img

By

Published : Jan 3, 2021, 4:07 PM IST

নেশ্য়নেল ডেস্ক, ৩ জানুৱাৰী : নতুন দিল্লীত দেওবাৰে সংঘটিত হয় এক লোমহৰ্ষক ঘটনা । দিল্লীৰ ৰঘুবীৰ নগৰত একাংশ লোকে মৰিয়াই মৰিয়াই হত্য়া কৰে এজন ২৭ বছৰীয়া যুৱকক । মৃত যুৱকজন শিৱাজী নগৰৰ জনতা কলনীৰ বাসিন্দা সতেন্দৰ বুলি জানিব পৰা গৈছে । এই ঘটনাৰ পাছতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত ।

আৰক্ষীৰ মতে সতেন্দৰ, তেওঁৰ দুই সতীৰ্থ নিতিন আৰু মনিষৰ সৈতে বিকী নামৰ এজন যুৱকৰ কাজিয়াৰ সূত্ৰপাত হৈছিল । তাৰ পাছতে বিকী আৰু তেওঁৰ সহযোগীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰে সতেন্দৰক । ঘটনাৰ পাছতে সতেন্দৰক গুৰু গোবিন্দ সিং হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিসকে মৃত ঘোষণা কৰে তেওঁক ।

আৰক্ষীয়ে জনোৱা মতে, ২ জানুৱাৰীৰ নিশা প্ৰায় ১.৩৬ মান বজাত সংঘটিত হৈছিল এই ঘটনা । আৰক্ষীয়ে ফোন যোগে এই ঘটনাৰ খবৰ লাভ কৰিছিল । সতেন্দ্ৰক কিয় আক্ৰমণ কৰা হ'ল বা ইয়াৰ অন্তৰালত আন কিবা ৰহস্য় আছে নেকি সেই তথ্য়ৰ বাবে ইতিমধ্য়ে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : সুদীৰ্ঘ ৯ মাহৰ পিছত মুকলি হ'ল পুৰীৰ জগন্নাথ মন্দিৰৰ দুৱাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.