নেশ্যনেল ডেস্ক, ১৮ এপ্ৰিল: ঝাৰখণ্ড আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ এজন হত্যাৰ অভিযুক্ত । ৰাজ্যখনৰ জামছেদপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় লোকজনক । ঘটনা অনুসৰি, জামছেদপুৰত যোৱা ১২ এপ্ৰিলত লোকজনে তেওঁৰ পত্নী, দুই নাবালিকা আৰু এগৰাকী ঘৰুৱা শিক্ষকক হত্যা কৰিছিল । উক্ত অভিযোগৰ ভিত্তিতে শনিবাৰে ঝাৰখণ্ড আৰক্ষী গ্ৰেপ্তাৰ কৰে অভিযুক্ত দীপক কুমাৰক । দীপক কুমাৰে ৰাজ্যখনৰ এটা ষ্টীল নিৰ্মাণ কোম্পানীত কাম কৰিছিল ।
আৰক্ষীৰ জেৰাত দীপকৰ স্বীকাৰোক্তি অনুসৰি, বন্ধু ৰোশনে ব্যৱসায়িক অংশীদাৰিত্বত প্ৰতাৰণা কৰাৰ বাবে হত্যাকাণ্ড সংঘটিত কৰিব বিচাৰিছিল । কিয়নো ৰোশনে কৰা প্ৰতাৰণাৰ ফলত দীপকে কেইবা লাখ টকাৰ ঋণত পোত গৈ আছিল । ঋণৰ বোজা সহিব নোৱাৰি অৱশেষত পত্নী আৰু দুই নাবালিকাৰ লগতে ঘৰুৱা শিক্ষককো হত্যা কৰে দীপকে । দীপকে প্ৰথমে তেওঁলোকৰ মৃতদেহকেইটা এটা কোঠাত পেলাই থৈছিল । উল্লেখ্য যে, পত্নী আৰু দুই নাবালিকাৰ মৃতদেহকেইটা কোঠাত পেলাই থোৱাৰ সমগ্ৰ দৃশ্য ঘৰুৱা শিক্ষকগৰাকীয়ে প্ৰত্যক্ষ কৰিছিল । যাৰ পৰিণতিত তেৱোঁ হত্যাৰ বলি হ'বলগীয়া হয় ।
ইফালে, বন্ধু ৰোশনৰ পৰিয়ালকো দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনাই হত্যাৰ কু অভিসন্ধি ৰচিছিল দীপকে । হত্যা কৰিব নোৱাৰি গুৰুত্বৰভাৱে আক্ৰমণ কৰি ৰুৰকেল্লা, পুৰী, ৰাঁচীলৈ পলাই যাবলৈ সক্ষম হয় দীপক । অৱশেষত ঝাৰখণ্ডৰ ধনবাদ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় দীপক কুমাৰ ।
লগতে পঢ়ক: ভূপালৰ হামিদিয়া চিকিৎসালয়ৰ পৰা 800 টা ৰেমডেচিভিৰ প্ৰতিষেধক চুৰি