নেশ্যনেল ডেস্ক, ২৩ জুলাই : দেশজুৰি কৰ'ণা(Corona)ই জটিল ৰূপ ধাৰণ কৰাৰ সময়তে মহাৰাষ্ট্ৰত আৰম্ভ হৈছে প্ৰকৃতিৰ তাণ্ডৱ । মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাত যোৱা ২৪ ঘণ্টাত নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনত প্ৰায় ৩৫ গৰাকী লোকৰ মৃত্যু হয় । ইয়াৰ পূৰ্বে ৰায়গড়ৰ জিলা উপায়ুক্ত নিধি চৌধুৰীয়ে জনাইছিল যে স্থানীয় আৰক্ষীয়ে ১৫ গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু ভূমিস্খলনৰ লগতে বানপানীৰ ফলত জিলাখনত পাঁচগৰাকী লোকৰ মৃত্যু হয় । ৰায়গড়ত ভূমিস্খলনৰ প্ৰায় চাৰিটা ঘটনা সংঘটিত হৈছে ।
ইফালে কোলহাপুৰ জিলাত ধাৰাসাৰ বৰষুণৰ ফলত পঞ্চগংগা নৈৰ পানীৰ স্তৰ বৃদ্ধি হৈছে । দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়াসকলৰ মতে, বৃহস্পতিবাৰে নিশা ১০ বজাত পঞ্চগংগা নৈৰ জলস্তৰ ৰাজাৰাম ৱেয়াৰত ৪১.২ ফুট আছিল, যি ৪৩ ফুটৰ বিপদসীমাৰ একেবাৰে ওচৰত আছে । ৰায়গড়ৰ অভিভাৱক মন্ত্ৰী অদিতি তাটকাৰে জানিবলৈ দিয়া মতে, মহাৰাষ্ট্ৰ চৰকাৰে মাহাদত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু সেনাৰ পৰা সহায় বিচাৰিছে ।
প্ৰাকৃতিক দুৰ্যোগৰ ফলত মহাৰাষ্ট্ৰৰ কোলহাপুৰ জিলাত প্ৰায় ৪৭ খন গাওঁ বিচ্ছিন্ন হৈ পৰিছে । জানিব পৰা মতে, ধাৰাসাৰ বৰষুণৰ ফলত মূল পথবোৰ পানীত ডুব গৈছে আৰু ৯৬৫ টা পৰিয়ালক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে । জিলা প্ৰশাসনৰ মতে শাহুৱাড়ী, পানহালা, গগনবাওদা, ৰাধানাগৰী, আজৰা, গড়হিংলাজ আৰু চান্দগড়ৰ প্ৰায় ৪৭ খন গাওঁৰ যোগাযোগ আন অংশৰ পৰা বিচ্ছিন্ন হৈ পৰিছে ।
ধাৰাসাৰ বৰষুণৰ ফলত অঞ্চলটোত পানীৰ স্তৰ বৃদ্ধি হোৱাৰ বাবে এনডিআৰএফ(NDRF)ৰ এটা দলে ইতিমধ্যে চিখলি গাঁৱৰ স্থানীয় লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে । ইফালে প্ৰকৃতিৰ এনে ৰুদ্ৰৰূপ দেখি শংকিত হৈ পৰিছে মহাৰাষ্ট্ৰ চৰকাৰ । বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে ৰাজ্যখনৰ ৰত্নগিৰি আৰু ৰায়গড় জিলাৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ এক জৰুৰী বৈঠক অনুষ্ঠিত কৰে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু সংশ্লিষ্ট বিভাগসমূহক সতৰ্ক হৈ থাকিবলৈ আৰু তাৎক্ষণিক উদ্ধাৰ অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে । বৈঠকৰ পাছতে বানপানী আৰু ধাৰাসাৰ বৰষুণৰ ফলত সংকটজনক পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এনডিআৰএফৰ দুটা দলক ৰত্নগিৰিৰ খেদ আৰু চিপলুন অঞ্চললৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় । ৰত্নাগিৰিৰ খেদ অঞ্চল আৰু ৰায়গড়ৰ মাহাদৰ উদ্ধাৰ অভিযানৰ বাবে পুনেৰ মুখ্য কাৰ্যালয়ৰ পৰা অতিৰিক্ত দুটাকৈ দল প্ৰেৰণ কৰা হৈছে । ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগেও (IMD) ৰাজ্যখনৰ কেইবাটাও অঞ্চলত ধাৰাষাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে ।
মহাৰাষ্ট্ৰৰ এনে পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ সৈতে আলোচনা কৰে আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰৰ পৰা সকলো ধৰণৰ সাহায্য প্ৰেৰণৰ আশ্বাস দিয়ে । এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাৰ বিষয়ে উল্লেখ কৰি ৰাজ্যৰ সকলোৰে সুৰক্ষা আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা কৰে । মহাৰাষ্ট্ৰ চৰকাৰৰ জনসম্পৰ্ক বিভাগৰ মতে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক ৰাজ্য চৰকাৰে চলোৱা উদ্ধাৰ অভিযান আৰু গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে অৱগত কৰে ।
লগতে পঢ়ক :জম্মু-কাশ্মীৰত চলিত বৰ্ষত নিহত ৯৬ টা সন্ত্ৰাসবাদী