ETV Bharat / bharat

School Reopen in Manipur: মণিপুৰত পুনৰ খুলিছে বিদ্যালয়সমূহ, অভিভাৱকৰ সঁহাৰি নিৰাশাজনক

author img

By

Published : Jul 5, 2023, 10:28 PM IST

Updated : Jul 5, 2023, 10:37 PM IST

ৰাজ্যত শাম কাটিছে হিংসাত্মক পৰিস্থিতিৰ ৷ অভিভাৱকসকলে নিজৰ সন্তানক বিদ্যালয়লৈ পঠোৱাৰ পৰা বিৰত থকাৰ বাবে ইম্ফলৰ বহু বিদ্যালয়ত উপস্থিতিৰ হাৰ কম হোৱা বুলি জানিব পৰা গৈছে ৷

low attendance recorded in Manipur School Reopen
মণিপুৰত পুনৰ খুলিছে বিদ্যালয়সমূহ

তেজপুৰ, 5 জুলাই: মণিপুৰত এতিয়াও শাম কটা নাই হিংসাত্মক পৰিস্থিতি ৷ শেহতীয়াকৈ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে 5 জুলাইৰ পৰা প্ৰথমৰ পৰা অষ্টম শ্ৰেণীলৈকে বিদ্যালয় আৰম্ভ হ’ব বুলি ঘোষণা কৰিছিল ৷ ইয়াৰ পিচতে আজিৰ পৰা অৰ্থাৎ 5 জুলাইৰ পৰা ৰাজ্যখনত বিদ্যালয়সমূহ খোলা হয় যদিও অভিভাৱকে শিশুসকলক বিদ্যালয়লৈ পঠিয়াবলৈ শংকিত হৈছে ৷

School Reopen in Manipur
মণিপুৰত পুনৰ খুলিছে বিদ্যালয়সমূহ

অভিভাৱকসকলে নিজৰ সন্তানক বিদ্যালয়লৈ পঠোৱাৰ পৰা বিৰত থকাৰ বাবে ইম্ফলৰ বহু বিদ্যালয়ত উপস্থিতিৰ হাৰ কম হোৱা বুলি জানিব পৰা গৈছে ৷ যদিও অনাগত দিনত শিক্ষাৰ্থীৰ সংখ্য বৃদ্ধি হোৱাৰ আশা আছে বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ বিদ্যালয় পুনৰ খোলাৰ প্ৰথম দিনটোত 829 জন শিক্ষাৰ্থীৰ (1ৰ পৰা 8 ম শ্ৰেণী) ভিতৰত মাত্ৰ 113 জন শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ আহে ৷

ইম্ফলৰ ৱাংখেই হাই স্কুলৰ এগৰাকী শিক্ষকে কয়, " ৰাজ্যখনত বৰ্তমানৰ অশান্তজৰ্জৰ পৰিস্থিতি, নিৰাপত্তাৰ অভাৱৰ লগতে বিভিন্ন সমস্যাৰ বাবে বিদ্যালয়ত উপস্থিতিৰ সংখ্যা হ্ৰাস হৈছে ৷

মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কয় যে গৃহহীন লোকসলৰ বসবাসৰ ঘৰসমূহ পুনৰ নিৰ্মাণ হোৱাৰ পিচতেই নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হ’ব ৷ ৰাজ্যখনৰ মুঠ 4617 খন বিদ্যালয়ৰ আটাইকেইখন বিদ্যালয়তে স্বাভাৱিকভাৱে পুনৰ পাঠদান কৰিব পৰা সুবিধা আছে যদিও বৰ্তমান 96 খন বিদ্যালয় সাহাৰ্য শিবিৰ হিচাপে ব্যৱহৃত হৈ আহিছে ৷ ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাত সৰ্বাধিক 41 খন বিদ্যালয়, 17 খন বিষ্ণুপুৰত, কাকচিঙত 10, কাংপোকপি আৰু ইম্ফল ইষ্টত আঠখন, উখৰুল আৰু টেংনুপালত চাৰিখন আৰু ইম্ফল পশ্চিম আৰু থৌবালত দুখনকৈ বিদ্যালয়ত গৃহহীন লোকসকলে বাস কৰি আছে ৷

মণিপুৰ চৰকাৰে ইয়াৰ পূৰ্বে 21 জুন আৰু 1 জুলাইত বিদ্যালয়সমূহ পুনৰ খোলাৰ সিদ্ধান্ত লৈছিল যদিও , ইয়াক কাৰ্যকৰী কৰিব পৰা নাছিল ৷ ৰাজ্যখনত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ পিচত বিভিন্ন সম্প্ৰদায়ৰ 50 হাজাৰৰো অধিক লোক ৰাজ্যজুৰি 350 টাকৈ সাহাৰ্য শিবিৰত বসবাস কৰিবলগীয়া হৈছে ৷

উল্লেখ্য যে, দুমাহ ধৰি ৰাজ্যখনত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হিংসাত্মক পৰিস্থিতি অব্যাহত আছে আৰু 120 ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে সংঘৰ্ষৰ ফলত বহুলোক আহত হৈছে ৷ ইয়াৰোপৰি বহু সংখ্যক ঘৰ আৰু উপাসনাস্থলী হিংসাত্মক কাৰ্যকলাপৰ ফলত ধবংসস্তুপত পৰিণত হৈছে ।

লগতে পঢ়ক: Manipur situation: শাম কাটিছে অগ্নিগৰ্ভা পৰিস্থিতিৰ; 5 জুলাইৰ পৰা খুলিব বিদ্যালয়

Last Updated : Jul 5, 2023, 10:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.