ETV Bharat / bharat

বংগৰ প্ৰতিটো কোণত পদুম ফুলিব: অনুৰাগ ঠাকুৰ - নন্দিগ্ৰাম

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰী অনুৰাগ ঠাকুৰৰ । নন্দীগ্ৰামবাসীয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক এইবাৰ নিৰ্বাচনত পৰাজিত কৰিব । আগন্তুক বিধানসভা নিৰ্বাচনত পশ্চিমবংগৰ প্ৰতিটো কোণত পদুম ফুলিব ।

বংগৰ প্ৰতিটো কোণত পদুম ফুলিবঃ অনুৰাগ ঠাকুৰ

author img

By

Published : Mar 13, 2021, 5:34 PM IST

নেশ্যনেল ডেস্ক,১৩ মাৰ্চ: অসমৰ লগতে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবেও ইতিমধ্যে ব্যাপক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে । ২৩ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনত এতিয়া নিৰ্বাচনী গৰম বতাহ বলিছে । প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিজৰ উদাত্ত ভাষণেৰে ভোটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰী অনুৰাগ ঠাকুৰৰ । শুকুৰবাৰে অনুৰাগ ঠাকুৰে কয় যে, নন্দীগ্ৰামবাসীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক এইবাৰ নিৰ্বাচনত পৰাজিত কৰিব । আগন্তুক বিধানসভা নিৰ্বাচনত পশ্চিমবংগৰ প্ৰতিটো কোণত পদুম ফুলিব । উল্লেখ্য যে, বিজেপিৰ পৰা শুভেন্দু অধিকাৰীয়ে নন্দীগ্ৰামৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।

উল্লেখ্য যে, নিৰ্বাচনী প্ৰচাৰৰ সময়ত বুধবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত হোৱা আক্ৰমণক লৈ পশ্চিমবংগৰ শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিৰোধী বিজেপিৰ প্ৰতিনিধিসকলে বৃহস্পতিবাৰে সাক্ষাৎ কৰে নিৰ্বাচন আয়োগৰ বিষয়াসকলক ৷ এই কথা সদৰী কৰিছে দলীয় নেতৃত্বই ৷ বুধবাৰে সন্ধিয়াৰ ভাগত মুখ্যমন্ত্ৰী মমতাই অভিযোগ তুলিছিল যে, নন্দীগ্ৰামত কৰা নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৪-৫ জন মানুহে তেওঁৰ ওপৰত আক্ৰমণ কৰিছিল আৰু ঠেলি দিছিল ৷ লগতে মুখ্যমন্ত্ৰী গৰাকীৰ বাহনৰ খিৰিকীত আঘাত কৰিছিল ৷ ইয়াৰ ফলস্বৰূপে তেওঁ আঘাতপ্ৰাপ্ত হৈছিল ৷

লগতে পঢ়ক: ৪ বছৰীয়া শিশুক ধৰ্ষণ-হত্যা: অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.