ETV Bharat / bharat

Nari Shakti Vandan Adhiniyam : নাৰী সংৰক্ষণ বিধেয়ক উত্থাপনৰ পাছতে লোকসভা ২০ ছেপ্টেম্বৰলৈ স্থগিত

author img

By ANI

Published : Sep 19, 2023, 4:28 PM IST

নতুন সংসদ ভৱনৰ প্ৰথম দিনটোতে লোকসভাত নাৰী শক্তি বন্দন অধিনিয়ম বিধেয়ক উত্থাপন । বিধেয়ক উত্থাপনৰ পাছতে লোকসভা ২০ ছেপ্টেম্বৰলৈ স্থগিত ৰখা হয় । নাৰী সংৰক্ষণ বিধেয়ক ২০১০ চনত ৰাজ্যসভাত গৃহীত হৈছিল ।

Nari Shakti Vandan Adhiniyam
নাৰী সংৰক্ষণ বিধেয়ক উত্থাপনৰ পাছতে লোকসভা ২০ ছেপ্টেম্বৰলৈ স্থগিত

নেশ্যনেল ডেস্ক,১৯ ছেপ্টেম্বৰ : নতুন সংসদ ভৱনত কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে নতুন নাৰী সংৰক্ষণ বিধেয়ক উত্থাপন কৰে । এই বিধেয়কখন উত্থাপনৰ পাছতে লোকসভা ২০ ছেপ্টেম্বৰলৈ স্থগিত ৰখা হয় ৷ কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে নতুন সংসদ ভৱনত লোকসভাৰ প্ৰথমখন বৈঠকতে নাৰী শক্তি বন্দন অধিনিয়ম বিধেয়কখন উত্থাপন কৰে ।

বিধেয়কখন সদনত উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই বিধেয়কখন নাৰী সৱলীকৰণ সম্পৰ্কীয় । সংবিধানৰ অনুচ্ছেদ ২৩৯এএ সংশোধন কৰি দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত (এনচিটি) ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত কৰা হ'ব । অনুচ্ছেদ ৩৩০এ জনসাধাৰণৰ সদনত অনুসূচীত জাতি/জনজাতিৰ বাবে আসন সংৰক্ষণ ।

অৰ্জুন মেঘৱালে কয় যে নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত হোৱাৰ পাছত লোকসভাত মহিলাৰ আসনৰ সংখ্যা ১৮১ লৈ বৃদ্ধি পাব ৷ ২০ ছেপ্টেম্বৰ বুধবাৰে সদনত বিধেয়কখন গৃহীত কৰাৰ বাবে আলোচনা কৰা হ'ব ৷ বিধেয়কখন ২১ ছেপ্টেম্বৰত ৰাজ্যসভাত গ্ৰহণ কৰা হ'ব বুলি চৰকাৰী সূত্ৰই জনাইছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে চৰকাৰে লোকসভা আৰু ৰাজ্যিক বিধান সভাসমূহত মহিলাসকলৰ বাবে সকলো আসনৰ এক-তৃতীয়াংশ আসন সংৰক্ষণৰ বাবে এখন নতুন বিধেয়ক আনিছে আৰু ঈশ্বৰে তেওঁক মহিলা সৱলীকৰণৰ কাম আগবঢ়াই নিয়াৰ সুযোগ দিছে ।

সংসদৰ সদস্যসকলে পুৰণি ভৱনটোক বিদায় জনোৱাৰ পাছত নতুন সংসদ ভৱনত প্ৰৱেশ কৰে । সংসদৰ নতুন ভৱনত প্ৰথম ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে নাৰী শক্তি বন্দন অধিনিয়ম অনাৰ সিদ্ধান্ত লৈছে ।

নাৰী সংৰক্ষণ বিধেয়ক সন্দৰ্ভত আলোচনা দীৰ্ঘদিন ধৰি হৈ আছিল । অটল বিহাৰী বাজপেয়ীৰ শাসনকালত কেইবাবাৰো নাৰী সংৰক্ষণ বিধেয়ক উত্থাপন কৰা হৈছিল কিন্তু বিধেয়কখন গৃহীত কৰিবলৈ পৰ্যাপ্ত সংখ্যাগৰিষ্ঠতা নাছিল । যাৰ বাবে চৰকাৰৰ এই সপোন অসম্পূৰ্ণ হৈ আছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে । তেওঁ কয় যে বিধেয়কখনে গণতন্ত্ৰ শক্তিশালী কৰিব আৰু সদস্যসকলক সৰ্বসন্মতিক্ৰমে ইয়াক গৃহীত কৰিবলৈ তেওঁ আহ্বান জনায় ৷ নাৰী সংৰক্ষণ বিধেয়ক ২০১০ চনত ৰাজ্যসভাৰ দ্বাৰা গৃহীত হৈছিল আৰু লোকসভাত গ্ৰহণ কৰা হোৱা নাছিল ।

লগতে পঢ়ক :PM Modi Addressed New Parliament : নাৰী নেতৃত্বাধীন উন্নয়নৰ বাবে সাজু ভাৰত; প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.