নেশ্যনেল ডেস্ক,৩ এপ্ৰিল: শুকুৰবাৰে নিশা উত্তৰ প্ৰদেশৰ গোৰখপুৰত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড । অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰিলে গোৰখপুৰৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনী প্ৰাৰ্থী তথা বিজেপি নেতা ব্ৰজেশ সিঙক । নিশা প্ৰায় ১০.৪৫ বজাত নাৰায়ণপুৰস্থিত কাৰ্যালয়ৰ পৰা ফাৰ্ম হাউচলৈ গৈ থকা অৱস্থাতে বিজেপি নেতাগৰাকীক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে । ব্ৰজেশ সিঙৰ ক্ৰমে মূৰ, বুকু আৰু পেটত তিনিটা গুলী লাগিছিল ।
ফলত ঘটনাস্থলীতে মৃত্যু হয় নাৰায়ণপুৰ গাঁৱৰ প্ৰাক্তন প্ৰধান ৫৫ বছৰীয়া ব্ৰজেশ সিঙৰ । এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে, বাইকেৰে অহা তিনিজনীয়া দুৰ্বৃত্তৰ দলে বিজেপি নেতাজনক আক্ৰমণ কৰি পলায়ন কৰে । ভূমি বিবাদৰ বাবেই নেতাগৰাকীক হত্যা কৰা হ'ল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে । কিছুদিন পূৰ্বে ভূমিক কেন্দ্ৰ কৰি এগৰাকী ব্যৱসায়ীৰে ব্ৰজেশ সিঙৰ কাজিয়াৰ সূত্ৰপাত হৈছিল ।
ব্ৰজেশে গুলৰিহাৰ পৰা আগন্তুক গাঁও পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰস্তুতি চলাই আছিল । ঘটনা সংঘটিত হোৱাৰ পিছতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক দীনেশ কুমাৰ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷
আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত পোহৰলৈ আহিছে যে, ফাৰ্ম হাউচত স্থাপন কৰা চিচিটিভি কেমেৰাবোৰে বিকল হৈ আছিল । আৰক্ষীয়ে অধিক তথ্য লাভৰ বাবে ফাৰ্ম হাউচৰ কৰ্মচাৰীৰ ভাষ্য গ্ৰহণ কৰিছে । এগৰাকী সাক্ষীয়ে আৰক্ষীক কৈছিল যে, বাইকেৰে অহা তিনিটা দুৰ্বৃত্তক ঘটনাস্থলীৰ পৰা দৌৰি যোৱা তেওঁ দেখা পাইছিল আৰু বন্দুকৰ শব্দও শুনিবলৈ পাইছিল । আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুটা গুলী উদ্ধাৰ কৰিছে ।
লগতে পঢ়ক: মৌ-মাখিৰ সহায়েৰে হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে বিশেষ ব্যৱস্থা