ETV Bharat / bharat

কৃষিৰ লগতে অন্যান্য দাবীৰে প্ৰতিবাদকাৰী কৃষকে প্ৰকাশ কৰিলে দাবীপত্ৰ - Electricity Bill Amendment Bill 2020

অব্যাহত আছে কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ ৷ এই সন্দৰ্ভত প্ৰতিবাদকাৰী কৃষকসকলে প্ৰকাশ কৰিছে তেওঁলোকৰ দাবী পত্ৰ ৷ প্ৰথম আৰু মুখ্য দাবী হিচাপে তিনিওখন নতুন কৃষি আইনৰ প্ৰত্যাহাৰ কৰাৰ দাবী জনায় ৷ তদুপৰি ন্যূনতম সমৰ্থন মূল্যত শস্যৰ ক্ৰয় সুনিশ্চিত কৰিবলৈ MSP ৰ গেৰান্টিৰ দাবী জনোৱা হৈছে ৷

List of farmers' demands not just limited to farm laws
কৃষিৰ লগতে অন্যান্য দাবীৰে প্ৰতিবাদকাৰী কৃষকে প্ৰকাশ কৰিলে দাবীপত্ৰ
author img

By

Published : Dec 1, 2020, 5:04 PM IST

নিউজ ডেস্ক, 1ডিচেম্বৰঃ অব্যাহত আছে কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ ৷ এই সন্দৰ্ভত প্ৰতিবাদকাৰী কৃষকসকলে প্ৰকাশ কৰিছে তেওঁলোকৰ দাবী পত্ৰ ৷ কৃষকসকলে বিদ্যুৎ সংশোধনী বিধেয়ক 2020 খনো প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে ৷ তেওঁলোকৰ দাবী সম্বলিত তালিকাখন যথেষ্ট দীঘল হ'লেও পাঁচটা দাবী গুৰুত্বপূৰ্ণ বুলি গ্ৰহণ কৰা হৈছে ৷ প্ৰথম আৰু মুখ্য দাবী হিচাপে তিনিওখন নতুন কৃষি আইনৰ প্ৰত্যাহাৰ কৰাৰ দাবী জনায় ৷ এই তিনি আইনৰ ভিতৰত আছে কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ ব্যৱসায় বাণিজ্য(প্ৰচাৰ আৰু সৰলীকৰণ) আইন, 2020, কৃষকৰ (সৱলীকৰণ আৰু সুৰক্ষা) মূল্য নিৰ্ধাৰণ আৰু কৃষিভিত্তিক সুবিধাৰ চুক্তি আইন, 2020 আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী) আইন, 2020 ৷

দ্বিতীয় দাবীত আছে ন্যূনতম সমৰ্থন মূল্যত শস্যৰ ক্ৰয় সুনিশ্চিত কৰিবলৈ MSP ৰ গেৰান্টি ৷ তৃতীয় দাবীত বিদ্যুৎ (সংশোধনী) বিধেয়কৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনোৱা হৈছে ৷ এই বিধেয়কে কৃষকসকলৰ বিনামূলীয়া বিদ্যুৎ সেৱা নাইকিয়া কৰিব বুলি তেওঁলোক চিন্তিত হৈছে ৷ এই সন্দৰ্ভত ভাৰতীয় কৃষাণ ইউনিয়নৰ সাধাৰণ সচিব হৰেন্দ্ৰ সিং লাখোৱালে কয় যে, পাঞ্জাৱৰ কৃষকসকলে বিনামূলীয়া বিদ্যুৎ সেৱা লাভ কৰে ৷ কিন্তু শক্তি বিতৰণ ব্যক্তিগত খণ্ডলৈ গ'লে তেওঁলোকে এই সুবিধা লাভ নকৰিব ৷

তদুপৰি কৃষকসকলে চতুৰ্থটো দাবীত খেৰ আৰু নৰা জ্বলোৱাৰ বাবে জৰিমনা আৰু কাৰাবাসৰ দণ্ড প্ৰত্যাহাৰ কৰাৰ দাবী জনায় ৷ হৰেন্দ্ৰ সিঙে কয় যে, এনে কৰ্মৰ বাবে পাঁচ বছৰৰ কাৰাবাস আৰু এক কোটি টকাৰ জৰিমনা বিহা হয় ৷ যাৰ বাবে এই দণ্ড প্ৰত্যাহাৰ কৰিবলৈ দাবী জনোৱা হৈছে ৷ ইয়াৰ বাবে যিসকল কৃষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে সেই গোচৰ প্ৰত্যাহাৰ কৰা উচিত বুলি তেওঁলোকে দাবী জনাইছে ৷ আনহাতে,পঞ্চম দাবী হিচাপে কৃষকসকলে স্বামীনাথন আয়োগৰ দ্বাৰা অনুমোদিত MSP ৰ দাবী জনায় ৷

লগতে পঢ়কঃ বিএচএফৰ 56 তম প্ৰতিষ্ঠা দিৱসত উপস্থিত নাথাকে অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.