নিউজ ডেস্ক, 26 জানুৱাৰী : ‘‘মোৰ মনে মানি ল’ব পৰা নাই ৷ মোৰ শ্ৰোতাই মোৰ পুৰস্কাৰ’’ ৷ এই বক্তব্যৰে পদ্মশ্ৰী প্ৰত্যাখান কৰিলে পশ্চিম বংগৰ প্ৰখ্যাত সংগীত শিল্পী সন্ধ্যা মুখাৰ্জীয়ে ৷ হেমন্ত মুখাৰ্জীৰ বাটেৰেই খোজ দি কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা পদ্মশ্ৰী প্ৰত্যাখান কৰিলে কিংবদন্তি গৰাকীয়ে ৷
কিন্তু এই বৰ্ষীয়ান কণ্ঠশিল্পীগৰাকীয়ে পদ্মশ্ৰী প্ৰত্যাখান কৰিলে কিয় ? সেই কথা সংবাদ মাধ্যমক ইতিমধ্যেই জনাইছে সন্ধ্যা মুখাৰ্জীয়ে ৷ তেওঁ জনোৱা মতে, যি ধৰণে কেন্দ্ৰীয় চৰকাৰৰ সচিবালয়ৰ পৰা ফোন কৰি পদ্মশ্ৰী সন্মান প্ৰদানৰ কথা কোৱা হৈছে, সেই ধৰণটোত তেওঁ অসন্তুষ্ট ৷
সচিবালয়ৰ পৰা ফোন কৰি সন্ধ্যা বেনাৰ্জীক ফোন কৰি কোৱা হৈছিল যে, ‘‘কালিলৈ আমি আপোনাক পদ্মশ্ৰী সন্মান প্ৰদান কৰিব বিচাৰিছোঁ ৷ আপুনি সন্মান গ্ৰহণ কৰিব নে ? যদি কৰে তেন্তে পুৰস্কাৰ প্ৰাপক সকলৰ সৈতে কাইলৈ পুৱা আপোনাৰ নামো ঘোষণা কৰা হ’ব‘‘ ৷
স্বাভাৱিকতেই এইধৰণৰ প্ৰশ্নত ব্যথিত হয় সন্ধ্যা মুখাৰ্জী ৷ কোনো গুণী ব্যক্তিক কেতিয়াও এইদৰে সন্মান জনোৱা হয় বুলি জ্ঞাত নাছিল বংগৰ গীতশ্ৰী সন্ধ্যা মুখাৰ্জী ৷ তেওঁ কেন্দ্ৰীয় সচিবালয়ৰ আমোলাক জনায় যে, এই সন্মান গ্ৰহণ কৰিবলৈ তেওঁ অপাৰগ ৷
ইয়াৰ পূৰ্বে আশী দশকত এইদৰে পদ্ম সন্মান প্ৰত্যাখান কৰিছিল কিংবদন্তি হেমন্ত মুখাৰ্জীয়ে ৷ 2011 বংগবিভূষণ সন্মাৰেনে বিভূষিত হৈছিল সন্ধ্যা মুখাৰ্জী ৷ 1971 চনত জাতীয় পুৰস্কাৰ লাভ কৰিছিল ওস্তাদ গুলাম আলী খানৰ শিষ্যা সন্ধ্যা মুখাৰ্জীয়ে ৷
লগতে পঢ়ক : পদ্মভূষণ প্ৰত্যাখান বুদ্ধদেৱ ভট্টাচাৰ্যৰ