নিউজ ডেস্ক, 17 জানুৱাৰী : বোলছবি জগতৰ বাবে 2020 বৰ্ষ যথেষ্ট বেয়া আছিল ৷ 2020 বৰ্ষত চিনেমা জগতক কেইবাগৰাকীও শিল্পীয়ে চিৰ বিদায় জনায় ৷ 2021 বৰ্ষৰ আৰম্ভণিতেই আহিছে আন এক বেয়া খবৰ ৷ জনপ্ৰিয় ভাৰতীয় শাস্ত্ৰীয় সংগীতকাৰ ওস্তাদ গোলাম মুস্তাফা খান আৰু আমাৰ মাজত নাই ৷ তেখেতে দেওবাৰে 89 বছৰ বয়সত ইহসংসাৰ ত্যাগ কৰে ৷ মহান সংগীতজ্ঞগৰাকীৰ খুলশালী নম্ৰতা গুপ্তা খানে জানিব দিয়া অনুসৰি ওস্তাদ গোলাম মুস্তাফা খানে বান্দ্ৰাস্থিত বাসগৃহত দেওবাৰে দুপৰীয়া শেষ নিশ্বাস ত্যাগ কৰে ৷ শাস্ত্ৰীয় সংগীতজ্ঞ গৰাকীয়ে 2019 চনৰ পৰাই সোঁফালৰ শৰীৰত পেৰালাইছিচ আৰু ব্ৰেইন ষ্ট‘কত আক্ৰান্ত হৈ আছিল ৷ তেওঁৰ দেহাৱসানৰ বাতৰি লাভ কৰাৰ পাছতে সংগীত তথা ছবিজগতত শোকৰ ছাঁ পৰিছে ৷
উল্লেখ্য যে, গোলাম মুস্তাফা খানৰ জন্ম 1931 চনৰ তিনি মাৰ্চ তাৰিখে উত্তৰ প্ৰদেশৰ বড়ায়ুত হৈছিল ৷ তেওঁৰ ঘৰতে শাস্ত্ৰীয় সংগীতৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছিল ৷ গোলাম মুস্তফা খানে সৰুৰে পৰা সংগীতৰ বিদ্যা আহৰণৰ ওপৰত গুৰুত্ব দিছিল আৰু ইয়াৰ পাছতে তেওঁ এসময়ত সংগীতৰ জগতত এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ মহান সংগীত শিল্পীগৰাকীক ভাৰত চৰকাৰে পদ্মশ্ৰী, সংগীত নাটক একাডেমী এৱাৰ্ড, পদ্মভূষণ আৰু পদ্ম বিভূষণ পুৰস্কাৰেৰেও সন্মানিত কৰা হয় ৷
লগতে পঢ়ক: পুণেত এজন লোকক চৰিয়াই আৰক্ষীৰ ৰোষত ছবি নিৰ্মাতা মহেশ মাঞ্জৰেকাৰ