ETV Bharat / bharat

PM Modi abuse remarks: দেশৰ বাবে গুলী বুকু পাতি ল’বলৈ সাজু ৰাহুল: প্ৰিয়ংকা - Rahul hes ready to take bullet for nation

দেওবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তুচ্ছ-তাচ্ছিল্য সন্দৰ্ভত মন্তব্য আগবঢ়ায় তেওঁৰ ভাতৃ ৰাহুল গান্ধীৰ পৰা শিকনি ল’ব লাগে যিয়ে দেশৰ স্বাৰ্থত বুকুত গুলী পাতি লভলৈকো সদা সাজু হৈ থাকে (Priyanka Gandhi to PM over abuse remarks) ৷

PM Modi abuse remarks:
PM Modi abuse remarks:
author img

By

Published : May 1, 2023, 1:39 PM IST

নেশ্যনেল ডেস্ক, 1 মে’ : কংগ্ৰেছ দলৰ সভাপতি এম মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰস্পৰৰ মাজত চলি থকা তীৰ্যক বাক্যবাণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ৷ শনিবাৰে মোদীয়ে বৰ্তমান পৰ্যন্ত তেওঁ, তেওঁৰ দল আৰু নেতাসকলক উদ্দেশ্যি 91 বাৰ বিভিন্ন ধৰণৰ গালি-গালাজ নিক্ষেপ কৰা হৈছে বুলি উল্লেখ কৰে (Priyanka Gandhi slams Modi)।

বাগালকোট জিলাৰ এখন ৰাজহুৱা সভাত ভাদ্ৰাই প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ ওপৰত মন্তব্য প্ৰকাশ কৰি কয় যে, ‘‘অন্ততঃ সেইবোৰ (91 টা গালি-গালাজ) এটা পৃষ্ঠাতে সামৰিব পৰা যাব; যদি মোৰ পৰিয়ালক তেওঁলোকৰ দ্বাৰা কৰা নিৰ্যাতন প্ৰত্যক্ষ কৰে আৰু যদি আমি তালিকা এখন বনাবলৈ আৰম্ভ কৰো, তেন্তে আমি ইয়াৰ বিষয়ে কিতাপৰ পিচত কিতাপ প্ৰকাশ কৰিব পাৰিম ।’’ (Priyanka Gandhi to PM over abuse remarks)

‘‘যোৱা দুই-তিনি দিনৰ পৰা মই যি প্ৰত্যক্ষ কৰিছো সেয়া আচৰিত কথা । বহু প্ৰধানমন্ত্ৰী দেখিছোঁ, ইন্দিৰা গান্ধী যিয়ে এই দেশৰ বাবে গুলী পাতি লৈছিল । ৰাজীৱ গান্ধীক দেখিছোঁ যি এই দেশৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল । পি ভি নৰসিংহ ৰাও আৰু মনমোহন সিঙৰ দৰে এই দেশৰ বাবে কঠোৰ পৰিশ্ৰম কৰা প্ৰধানমন্ত্ৰী দেখিছোঁ ।’’

‘‘কিন্তু মই প্ৰথমজন এনে প্ৰধানমন্ত্ৰী দেখিছো যি আপোনালোকৰ আগত আহি তেওঁক গালি-গালাজ কৰা হৈছে বুলি কান্দি উঠে । দেশবাসীৰ দুখ শুনাৰ সলনি প্ৰধানমন্ত্ৰীয়ে নিজৰ সমস্যাৰ বিষয়েহে ক’বলৈ বিচাৰে ।’’ মোডীক উপহাস কৰি প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কয় যে তেওঁৰ কাৰ্যালয়ৰ কোনোবাই জনসাধাৰণৰ সমস্যাৰ বিষয়ে নহয়, প্ৰধানমন্ত্ৰীক কোনে কিমানবাৰ গালি-গালাজ কৰিছিল সেই সম্পৰ্কে এখন তালিকা বনাইছে (priyanka gandhi on pm modi abused) ।

'সাহস ৰাখক মোডী জী। মোৰ ভাই ৰাহুল গান্ধীৰ পৰা শিকিক । মোৰ ভাইটিয়ে কেৱল গালি-গালাজ নহয়, এই দেশৰ স্বাৰ্থত গুলী ল’বলৈ সাজু । মোৰ ভাইটিয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে গালি-গালাজ পাৰক, গুলী চলাওক বা দা- ছুৰীৰে আঘাত কৰক তেওঁ সত্যৰ পক্ষত থিয় দিবই ।’-ভাদ্ৰাই কয়।

সৰ্বশেষত নিজৰ পৰিৱৰ্তে জনসাধাৰণৰ কণ্ঠ শুনিবলৈ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে পৰামৰ্শ আগবঢ়ায় প্ৰধানমন্ত্ৰীয়ে ৷

লগতে পঢ়ক : May day 2023 : শ্ৰম দিৱসে দেশত শতবৰ্ষ গৰকিবৰ সময়তো শ্ৰমিকে নাপালে প্ৰাপ্য স্বীকৃতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.