ETV Bharat / bharat

Lata Mangeshkar tests covid positive : মেলডী কুইন লতা মংগেশকাৰ কৰ’ণাত আক্ৰান্ত - Melody Queen Lata Mangeshkar tests covid positive

"মেলডী কুইন" লতা মংগেশকাৰ আক্ৰান্ত কৰ’ণাত (Melody Queen Lata Mangeshkar tests covid positive) ৷ মুম্বাইৰ ব্ৰীজ কেণ্ডি হাস্পতালত ভৰ্তি গায়িকা গৰাকীক (Lata Mangeshkar admitted at Breach Candy hospital) ৷ গায়িকাগৰাকীৰ শাৰিৰীক নমুনা পৰীক্ষা কৰাৰ পিছতে এই কথা জানিব পৰা যায় ৷ তেওঁৰ দেহত ক’ভিড 19 ৰ সাধাৰণ লক্ষণসমূহে দেখা দিছে বুলি পৰিয়ালৰ তৰফৰ পৰা এগৰাকী ভতিজীয়ে সদৰী কৰে ৷

lata-mangeshkar-tests-covid-positive-admitted-to-hospital-in-mumbai
বিশিষ্ট গায়িকা লতা মংগেশকাৰ
author img

By

Published : Jan 11, 2022, 12:30 PM IST

Updated : Jan 11, 2022, 2:01 PM IST

নিউজ ডেস্ক, 11 জানুৱাৰী : কিংবদন্তী গায়িকা লতা মংগেশকাৰ আক্ৰান্ত হৈছে কৰ’ণাত (Melody Queen Lata Mangeshkar tests covid positive) ৷ মঙলবাৰে এই কথা পোহৰলৈ অহাৰ পিছতে সংগীত শিল্পীগৰাকীক মুম্বাইৰ ব্ৰীজ কেণ্ডি হাস্পতালত ভৰ্তি (Lata Mangeshkar admitted at Breach Candy hospital) কৰোৱা হয় ৷ দেশৰ অদ্বিতীয় গায়িকাগৰাকীৰ শাৰিৰীক নমুনা পৰীক্ষা কৰাৰ পিছতে এই কথা জানিব পৰা যায় ৷

মংগেশকাৰৰ ভতিজীয়ে এই বিষয়ে সংবাদ মাধ্যমৰ আগত কয় যে, গায়িকা গৰাকীৰ শৰীৰত কৰ’ণাৰ সাধাৰণ লক্ষণবোৰ দেখা দিছে ৷ সম্প্ৰতি হাস্পতালৰ আইচিইউ-ত ৯২ বছৰীয়া গায়িকাগৰাকী চিকিৎসাধীন হৈ আছে ৷

lata-mangeshkar-tests-covid-positive-admitted-to-hospital-in-mumbai
আইচিইউত চিকিৎসাধীন গায়িকা লতা মংগেশকাৰ

পৰিয়ালৰ তৰফৰ পৰা ভতিজী ৰসনাই কয় যে, 24 ঘণ্টাই উন্নত চিকিৎসা সেৱা লাভ কৰিবলৈ গায়িকাগৰাকীক আইচিইউ-ত ভৰ্তি কৰোৱা হৈছে ৷ যিহেতু সাতদিনলৈকে ক’ভিড 19 ৰ লক্ষণসমূহ কোনো ব্যক্তিৰ শৰীৰত থাকেই, সেয়ে শীঘ্ৰে আৰোগ্য লাভ কৰিব গায়িকাগৰাকীয়ে ৷ গায়িকা লতা মংগেশকাৰৰ বয়সে 90 ৰ সীমা অতিক্ৰম কৰাৰ বাবে মাথো তেওঁক বিশেষ যত্নৰ প্ৰয়োজন হৈছে ৷

উল্লেখ্য যে, 2019 চনৰ নৱেম্বৰত বিশিষ্ট গায়িকা গৰাকীক উশাহ-নিশাহৰ সমস্যাত ভোগাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ "নাইটিংগেল অৱ ইণ্ডিয়া" খ্যাত কিংবদন্তি গায়িকা গৰাকীয়ে এহাজাৰৰো অধিক হিন্দী ছবিত কণ্ঠদান কৰিছে ৷

তদুপৰি কেইবাটাও ভাৰতীয় ভাষাৰ লগতে বিদেশী ভাষাতো বহু গীত বাণীবদ্ধ কৰিছে ৷ লতাজীয়ে গোৱা গানসমূহৰ ভিতৰত লগ জা গলে (Lag Jaa Gale), ইয়ে গলিয়া ইয়ে চৌবাৰা (Yeh Galiyan Yeh Chaubara), প্যাৰ কিয়া তো ডৰনা ক্যা (Pyar Kiya To Darna Kya), বাহো মে চলে আও (Bahon Mein Chale Aao), বীৰজৰা ছবিৰ তেৰে লিয়ে (Tere Liye) ৰ লগতে আন বহুতো গীত অনুৰাগীৰ মাজত পৰিচিত হৈছে একক আৰু অদ্বিতীয় হিচাপে ৷

লগতে চাওক: Birthday Special : ‘লগ জা গলে’ৰ পৰা ‘মেৰে খ্ৱাবো মে’লৈ Melody Queen ৰ কালজয়ী গীতসমূহ

Last Updated : Jan 11, 2022, 2:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.