ETV Bharat / bharat

সংবাদ মাধ্যমৰ বিৰুদ্ধে মানহানি গোচৰ তৰিব জেডিইউৰ সাংসদ লালন সিঙে - নীতিশ কুমাৰ

Lalan Singh controversy: জেডিইউৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ পিছত ছ’চিয়েল চাইট X ত পোষ্ট কৰি সংবাদ মাধ্যমত নিজৰ ক্ষোভ প্ৰকাশ কৰিছে লালন সিঙে ৷ লগতে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথাও সকীয়াই দিছে । লালন সিঙে কয় যে মোৰ আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ৩৭ বছৰীয়া সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰাৰ প্ৰয়াস কৰা হৈছিল । এনে তথ্যবিহীন বাতৰি প্ৰচাৰ কৰাসকল নিশ্চয় মানসিক বিকাৰগ্ৰস্ত ।

Lalan Singh controversy
lalan singh
author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 5:41 PM IST

নিউজ ডেস্ক, ৩০ ডিচেম্বৰ: ২৯ ডিচেম্বৰত জনতা দল ইউনাইটেডৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল লালন সিঙে । ইফালে মুখ্যমন্ত্রী নীতিশ কুমাৰে দলটোৰ দায়িত্ব লৈছে ৷ লালন সিং আৰু নীতিশ কুমাৰৰ মাজত সম্পৰ্ক ঠিক নহয় বুলি জল্পনা-কল্পনা চলি আছিল । এই সন্দৰ্ভত ছচিয়েল মিডিয়া প্লেটফৰ্ম X ত এটা পোষ্ট দি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লালন সিঙে ।

‘‘তথ্যবিহীন বাতৰি প্ৰচাৰ কৰা চাৰিওজনেই নিশ্চয় স্বাৰ্থপৰ’’- লালন সিং: তেওঁ লিখিছে যে যোৱা এসপ্তাহ ধৰি আমাৰ দল জনতা দল (ইউনাইটেড) আৰু মোৰ বিষয়ে বহু বিভ্ৰান্তিকৰ আৰু তথ্যহীন বাতৰিৰ এটা শিতান সংবাদ মাধ্যমে অবিৰতভাৱে প্ৰকাশ কৰি আহিছে । মোৰ আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ৩৭ বছৰীয়া সম্পৰ্কক লৈও প্ৰশ্ন উত্থাপন কৰাৰ প্ৰয়াস কৰা হ’ল । এনে তথ্যবিহীন বাতৰি প্ৰচাৰ কৰা সকল নিশ্চয় পাগল । মই এই কাম কৰা সকলো সংগঠনক আইনী জাননী জাৰি কৰিম আৰু মোৰ ভাবমূর্তি কলংকিত কৰাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিম ৷

  • पिछले करीब एक हफ्ते से हमारी पार्टी जनता दल (यूनाइटेड) और मेरे बारे में बहुत सारी भ्रामक और तथ्यहीन खबरें मीडिया के एक वर्ग द्वारा लगातार चलाई गईं।

    मेरे और माननीय मुख्यमंत्री श्री नीतीश कुमार जी के 37 साल के संबंधों पर भी प्रश्नचिन्ह लगाने की कोशिश हुई। ऐसी तथ्यहीन खबरें चलाने… pic.twitter.com/3hA1gBhhsh

    — Rajiv Ranjan (Lalan) Singh (@LalanSingh_1) December 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লালন সিঙে সংবাদ মাধ্যমক লক্ষ্য কৰি লৈছে : ৰাজীৱ ৰঞ্জনে ছ’চিয়েল মিডিয়াত এখন পত্ৰ প্ৰকাশ কৰিছে য’ত লিখা আছে, “উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ বাবে মই সভাপতি পদৰ পৰা পদত্যাগ কৰিলোঁ বুলি এটা খবৰ এখন আগশাৰীৰ কাকত আৰু কিছুমান নিউজ চেনেলত বিশেষভাৱে প্ৰকাশ পাইছে ।” এইটোও প্ৰকাশ পাইছে যে ২০ ডিচেম্বৰত এজন মন্ত্ৰীৰ কাৰ্যালয়ত এক ডজন বিধায়কৰ বৈঠক অনুষ্ঠিত হৈছিল য'ত মইও উপস্থিত আছিলো । অধিক বিশদভাৱে বাতৰিটোত জনতা দল (ইউ) ভাঙি যোৱাৰ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হৈছে ।

মোৰ ভাবমূৰ্তি কলংকিত কৰাৰ প্ৰয়াস: এই খবৰটো সম্পূৰ্ণ বিভ্ৰান্তিকৰ, মিছা আৰু মোৰ ভাবমূৰ্তি কলংকিত কৰাৰ চেষ্টা চলোৱা হৈছে । ২০ ডিচেম্বৰত মুখ্যমন্ত্ৰীৰ সৈতে দিল্লীত আছিলো আৰু ২০ ডিচেম্বৰৰ সন্ধিয়া মুখ্যমন্ত্ৰীৰ দিল্লীৰ বাসগৃহত সকলো সাংসদৰ সৈতে এখন বৈঠকত জড়িত হৈ আছিলো । কাকতখনে ইচ্ছাকৃতভাৱে মোৰ ভাবমূর্তি কলংকিত কৰিবলৈ এই ধৰণৰ বাতৰি প্রকাশ কৰাৰ লগতে নীতিশ কুমাৰৰ সৈতে মোৰ ৩৭ বছৰীয়া সম্পর্কক লৈও প্রশ্ন উত্থাপন কৰিছে ৷

লালন সিঙে এটা ডাঙৰ পদক্ষেপ ল’ব : সত্যটো হ’ল মোৰ সংসদীয় সমষ্টিত মোৰ ব্যস্ততাৰ বাবে মই মোৰ ইচ্ছামতে আৰু মুখ্যমন্ত্ৰীৰ সন্মতি সাপেক্ষে অধ্যক্ষ পদ এৰি দিছোঁ ৷ নীতিশ কুমাৰে নিজেই এই দায়িত্ব ল’লে । এনে বিভ্ৰান্তিকৰ খবৰ লিখি প্ৰকাশ কৰা সকল বিপদত পৰিব । জনতা দল (ইউ) দলৰ সৰ্বস্ব স্বীকৃতিপ্ৰাপ্ত নেতা নীতিশ কুমাৰৰ নেতৃত্বত একত্ৰিত হৈছে । মই সিদ্ধান্ত লৈছোঁ যে পাটনালৈ উভতি অহাৰ পিছত লগে লগে সংশ্লিষ্ট কাকতখনক আইনী জাননী দি তেওঁলোকৰ বিৰুদ্ধে মোৰ ভাবমূর্তি কলংকিত কৰাৰ বাবে মানহানিৰ গোচৰ ৰুজু কৰিম ৷

সুশীল মোদী কি কৈছিল: উল্লেখ্য যে সুশীল মোদীয়ে লালন সিঙক ঠাট্টা কৰি কৈছিল যে বিহাৰক বিজেপি মুক্ত কৰাৰ ডাঙৰ ডাঙৰ দাবী কৰাসকলক দলে মুক্ত কৰিলে । লগতে সুশীল মোদীয়ে দাবী কৰিছিল যে জেডিইউৰ ভিতৰত দুটা ফৈদ গঠন হৈছে । এটা শিবিৰ হৈছে লালুৰ সমৰ্থক, ইয়াৰে ১২ জনতকৈ অধিক বিধায়কক লগত লৈ গৈছে লালন সিঙে । ইফালে শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত ইণ্ডি এলায়েন্সৰ বৈঠকত যেতিয়া মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী পদৰ বাবে মল্লিকাৰ্জুন খৰ্গেৰ নাম প্ৰস্তাৱ কৰিছিল তেতিয়া লালন সিঙে মৌনতা অৱলম্বন কৰিছিল । নীতিশৰ লগত তেওঁ পাটনালৈ উভতি নাহিল, কিন্তু লালু আৰু তেজস্বী উভতি অহাৰ দিনা ঘূৰি আহিছিল । এই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছিল ।

লগতে পঢ়ক: ভিআইপি-ভিভিআইপি আহিব; 22 জানুৱাৰীত সাধাৰণ লোকক অযোধ্যালৈ নাহিবলৈ আহ্বান প্ৰধামন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.