ETV Bharat / bharat

তৃণমূলত যোগ দিলে লিয়েণ্ডাৰ পেজে : মমতাই বুলিলে মৰমৰ সৰু ভাই - লিয়েণ্ডাৰ পেজ

১৮ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন ভাৰতীয় টেনিছ তাৰকা লিয়েণ্ডাৰ পেজৰ তৃণমূল কংগ্ৰেছত যোগদান ৷ পেজক মৰমৰ সৰু ভাই বুলি সম্বোধন মমতা বেনাৰ্জীৰ ৷

laender-paes-joins-trinamool
ত্ৰিণমূলত যোগ দিলে লিয়েণ্ডাৰ পেজে : মমতাই বুলিলে মৰমৰ সৰু ভাই
author img

By

Published : Oct 29, 2021, 9:11 PM IST

Updated : Oct 29, 2021, 9:34 PM IST

নেশ্বনেল ডেস্ক, 29 অক্টোবৰ : ভাৰতীয় টেনিছ তাৰকা তথা ১৮ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন লিয়েণ্ডাৰ পেজে শুকুৰবাৰে গোৱাত দলটোৰ শীৰ্ষতম নেত্ৰী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উপস্থিতিত তৃণমূল কংগ্ৰেছত যোগদান কৰে ৷ গোৱাত এখন সংবাদমেলত পেজক দললৈ স্বাগতম জনাই মুখ্যমন্ত্ৰীয়ে তেওঁক তেওঁৰ মৰমৰ সৰু ভায়েক বুলি অভিহিত কৰে । মমতা বেনাৰ্জী বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা গোৱা ভ্ৰমণত আছে আৰু পশ্চিম ভাৰতৰ এই উপকূলীয় ৰাজ্যখনত আগন্তুক বিধানসভা নিৰ্বাচনৰ পটভূমিত তেওঁ তথা দলে কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰাৰ সম্ভাৱনা দেখা হৈছে ।

দেশত ফেডাৰেল শাসন ব্যৱস্থ বৰ্তি থকাটো বিচাৰে বুলি সজোৰে মন্তব্য প্ৰকাশ কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তেওঁ লগতে কয় যে, তেওঁ ৰাজ্যসংঘ বিচাৰে । কেন্দ্ৰীয় চৰকাৰে গোৱাৰ উন্নয়নৰ বাবে বাধাৰ সৃষ্টি কৰিছে বুলিও আওপকীয়াকৈ দাবী কৰে মমতাই ৷ তেওঁ লগতে কয় যে, দিল্লীৰ সৰ্বময়কৰ্তা স্বৰূপ বন্ধ হ'ব লাগে আৰু গোৱাৰ লোকসকলক তেওঁলোকৰ নিজৰ কাম-কাজ পৰিচালনা কৰিবলৈ অনুমতি দিব লাগে ৷

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি তেওঁ কংগ্ৰেছক সমালোচনাৰ লক্ষ্য কৰি লোৱা দেখা যায় ৷ তেওঁ কয় যে কংগ্ৰেছ নেতৃত্বৰ নিজৰ নিৰ্বাচিত বিধায়কসকলৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই । সেইকাৰণে তেওঁলোকে ৰাজ্যখনত বিজেপিক ক্ষমতালৈ অহাৰ পৰা বাধা দিব নোৱাৰিলে ৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি লিয়েণ্ডাৰ পেজে কয় যে এই সুযোগ দিয়াৰ বাবে তেওঁ বংগৰ মুখ্যমন্ত্ৰী গৰাকীৰ ওচৰত কৃতজ্ঞ । তেওঁ কয়, "মই যুৱ প্ৰজন্মৰ বাবে এটা পাৰ্থক্য আনিব বিচাৰো । গোৱা হওঁক বা পশ্চিম বংগ হওঁক, মোৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰাটো গুৰুত্বপূৰ্ণ আৰু সেয়েহে মোক সুযোগ দিয়াৰ বাবে মই আমাৰ দিদিক ধন্যবাদ জনাইছো,"।

লগতে পঢ়ক : ভাৰত-চীন সীমান্তৰ শেষৰখন গাঁৱৰ পৰা আমাৰ বিশেষ প্ৰতিবেদন...

Last Updated : Oct 29, 2021, 9:34 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.