নেশ্যনেল ডেস্ক,৮ ডিচেম্বৰ : বিহাৰৰ কুঢ়ানি সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হ'ল বিজেপিৰ কেদাৰ প্ৰসাদ গুপ্তা (Kedar Gupta won Kurhani seats)। বিজেপিৰ প্ৰাৰ্থী গুপ্তাই সমষ্টিটোৰ উপ-নিৰ্বাচনত জেডি(ইউ)ৰ প্ৰাৰ্থী মনোজ কুশৱাহাক ৩,৬৩২ টা ভোটত পৰাজিত কৰে (JDU Manoj Kushwaha lost)। বিজেপি প্ৰাৰ্থী কেদাৰ প্ৰসাদ গুপ্তাই ৭৬,৬৪৮ টা ভোট লাভ কৰাৰ বিপৰীতে জেডি(ইউ)ৰ প্ৰাৰ্থীয়ে ৭৩,০১৬ টা ভোট লাভ কৰে ।
আনহাতে মুকেশ চাহনীৰ পাৰ্টি ভিআইপিৰ প্ৰাৰ্থীগৰাকী তৃতীয় স্থানত আছে । ভিআইপিৰ প্ৰাৰ্থী নীলাভ কুমাৰে ৯,৯৮৮ টা ভোট লাভ কৰে । সমান্তৰালকৈ এআইএমআইএমৰ প্ৰাৰ্থী মো. গোলাম মুৰ্তাজাই ৩,০২৬ টা ভোট লাভ কৰে । আনহাতে সমষ্টিটোত ৪,৪৪৮ গৰাকী ভোটাৰে নোটাত ভোটদান কৰে ।
কুঢ়ানি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন ৫ ডিচেম্বৰত অনুষ্ঠিত হৈছিল (Kurhani bye election 2022)। আনহাতে বৃহস্পতিবাৰে আৰ ডি এছ মহাবিদ্যালয় চৌহদৰ গণনা কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হয় । ২৩ টা ৰাউণ্ডত ভোট গণনাৰ বাবে ১৪ খন তালিকা প্ৰস্তুত কৰা হৈছিল ।
এই সময়চোৱাত কেন্দ্ৰৰ বাহিৰত বৃহৎ সংখ্যক জোৱান মোতায়েন কৰা হয় । মূল প্ৰতিযোগিতাখন জেডি(ইউ)ৰ মনোজ কুশৱাহা আৰু বিজেপিৰ কেদাৰ প্ৰসাদ গুপ্তাৰ মাজতে হোৱা দেখা গৈছে । অৱশ্যে ধাৰণা কৰা হৈছিল যে এআইএমআইএম আৰু ভিআইপিৰ প্ৰাৰ্থীয়ে বিজেপি আৰু জেডিইউৰ সমীকৰণ নষ্ট কৰিব ।
অন্তিম ৰাউণ্ডৰ ভোট গণনাত দুয়োগৰাকী প্ৰাৰ্থীৰ সঘনাই উত্থান-পতন দেখা গৈছিল । প্ৰথম চাৰিটা ৰাউণ্ডত, বিজেপি আগবাঢ়ি আছিল । পঞ্চম ৰাউণ্ডত জে.ডি.ইউ কিছু আগবাঢ়িছিল । বিজেপিয়ে পুনৰ ষষ্ঠ ৰাউণ্ডত আগবাঢ়িছিল ।
অষ্টম ৰাউণ্ডৰ সমাপ্তিৰ পাছত, বিজেপি ২৫৫৩ টা ভোটত আগবাঢ়ি আছিল । নৱম ৰাউণ্ডত জেডি(ইউ)য়ে বিজেপি পিছ পেলায় । এই অগ্ৰগতি ১৮তম ৰাউণ্ডলৈকে আছিল । ১৮ তম ৰাউণ্ডৰ গণনাৰ অন্তত জেডিইউ প্ৰাৰ্থী ২৪৭৭ টা ভোটত আগবাঢ়ি আছিল । ইয়াৰ পাছত, বিজেপিয়ে পুনৰ স্থিতি সলনি কৰিলে । অৱশেষত শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ল বিজেপি প্ৰাৰ্থীগৰাকী ।
ৰাজনৈতিক বিশ্লেষক সকলৰ এই নিৰ্বাচনৰ ওপৰত চকু আছিল । কিয়নো মিত্ৰজোঁটৰ পাছত প্ৰথমবাৰৰ বাবে বিজেপি আৰু জেডিইউৰ প্ৰাৰ্থীসকল মুখামুখি হৈছিল । বিজেপিয়ে অকলেই মহাজোটৰ সমৰ্থিত জেডি(ইউ)ৰ প্ৰাৰ্থীক পৰাজিত কৰিলে । যাৰ বাবে নিৰ্বাচনৰ ফলাফলৰ পাছত, জেডিইউ শিবিৰত নীৰৱতা দেখা গৈছে । এই নিৰ্বাচনত, জেডিইউ দলক আৰজেডি আৰু কংগ্ৰেছেও সমৰ্থন কৰিছিল । ইয়াৰ পাছতো, জেডিইউ প্ৰাৰ্থীয়ে পৰাজয়ৰ সন্মুখীন হ'ব লগা হয় ।
উল্লেখ্য যে ২০২০ চনৰ বিধানসভা নিৰ্বাচনত, আৰজেডিয়ে কুঢ়ানি বিধানসভা আসনত জয়লাভ কৰিছিল । য'ত বিজেপি প্ৰাৰ্থী কেদাৰ প্ৰসাদ গুপ্তাই মাত্ৰ ৭১২ টা ভোটত পিছ পৰি আছিল । এইবাৰ জেডিইউ আৰু আৰজেডি একেলগে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । ইয়াৰ লগতে কংগ্ৰেছ আৰু বাওঁপন্থীকে ধৰি ৭ টা দলৰ শক্তিও লগত আছিল ।
কুঢ়ানি বিধানসভা সমষ্টিৰ আৰজেডি বিধায়ক অনিল চাহনীক এলটিচি কেলেংকাৰীৰ গোচৰত (LTC scam Case) গ্ৰেপ্তাৰ কৰা হৈছিল আৰু দুবছৰৰ কাৰাদণ্ড বিহা হয় । ইয়াৰ পাছতে তেওঁৰ সদস্য পদ বাতিল কৰা হয় । যাৰ বাবে সমষ্টিটোত উপ নিৰ্বাচন অনুষ্ঠিত হয় ।
লগতে পঢ়ক :Mainpuri Bye poll: দুই লক্ষাধিক ভোটৰ ব্যৱধানত জয়লাভ ডিম্পল যাদৱৰ