ETV Bharat / bharat

Kuki Community Protest : অমিত শ্বাহৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ কুকি সম্প্ৰদায়ৰ

মণিপুৰৰ কুকি সম্প্ৰদায়ৰ লোকে বুধবাৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে (Kuki Community Protest in Delhi) । প্ৰতিবাদকাৰীসকলে কয় যে তেওঁলোকে অমিত শ্বাহক লগ কৰিবলৈ আহিছে । কাৰণ তেওঁ ৰাজ্যখনত শান্তিৰ আশ্বাস দিছিল ।

Kuki Community Protest
Kuki Community Protest
author img

By

Published : Jun 7, 2023, 12:58 PM IST

নিউজ ডেস্ক, ৭ জুন : বুধবাৰে মণিপুৰৰ বহুসংখ্যক লোকে গৃহমন্ত্ৰী অমিত শ্বাহৰ দিল্লীস্থিত বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে (Kuki Community Protest at Amit Shah residence) । অৱশ্যে দিল্লী আৰক্ষীয়ে বেৰিকেড লগাই প্ৰতিবাদী লোকসকলক বাধা দিবলৈ চেষ্টা কৰে । উল্লেখ্য যে শেহতীয়াকৈ অমিত শ্বাহে হিংসাজৰ্জৰ মণিপুৰ ভ্ৰমণ কৰিছিল (Kuki Community Protest in Delhi) । আনহাতে, মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাক লৈ কুকি সম্প্ৰদায়ৰ মাজত ক্ষোভ এতিয়াও আছে । ইফালে নিৰন্তৰ হিংসাত্মক ঘটনাৰ পিছত মণিপুৰৰ পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই (violence hits Manipur) ।

উল্লেখ্য যে গৃহমন্ত্ৰী অমিত শ্বাহে ৩ মে'ত হোৱা হিংসাত্মক ঘটনাৰ পিছত মণিপুৰ ভ্ৰমণ কৰে (Amit Shah visit Manipur) । প্ৰতিবাদকাৰীসকলে কয় যে অমিত শ্বাহে আশ্বাস দিছিল যে ৰাজ্যখনলৈ শান্তি ঘূৰি আহিব । সেয়েহে আমি তেওঁক লগ কৰিবলৈ আহিছোঁ । উল্লেখ্য, ৰাজ্যখনত কুকি সমাজৰ বিৰুদ্ধে এতিয়াও হিংসাত্মক ঘটনা সংঘটিত হৈ আছে । সেয়েহে প্ৰতিবাদকাৰীসকলে শান্তিৰ দাবীত গৃহমন্ত্ৰীক শান্তিপূৰ্ণভাৱে সাক্ষাৎ কৰিবলৈ যোৱা বুলি কয় ।

আনহাতে, আৰক্ষী বিষয়াসকলে প্ৰতিবাদকাৰীসকলক সৈমান কৰে আৰু গৃহমন্ত্ৰীক তেওঁলোকৰ মতামত জনোৱাৰ আশ্বাস দিয়ে । প্ৰতিবাদকাৰীসকলে অমিত শ্বাহৰ ঘৰৰ বাহিৰত পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে প্ৰতিবাদকাৰীসকলে কয় যে তেওঁলোকৰ বাৰ্তা গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে । গৃহমন্ত্ৰীয়ে তেওঁলোকৰ কথা শুনি তেওঁলোকক লগ কৰিব বুলিও আশাবাদী । তেওঁলোকে লগতে দাবী কৰে যে গৃহ মন্ত্ৰীয়ে কুকি সম্প্ৰদায়ৰ লোকসকলৰ কথাও শুনিব লাগে ।

উল্লেখ্য যে মণিপুৰত কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হয় । এমাহৰো অধিক সময় ধৰি জাতিগত হিংসাৰ বাবে উত্তেজনাপূৰ্ণ হৈ আছে মণিপুৰ । এই হিংসাত ৮০ জনৰো অধিক লোক নিহত হৈছে । আনহাতে, হাজাৰ হাজাৰ লোক আশ্ৰয় শিবিৰত আছে । ইয়াৰ উপৰি কেইবা হাজাৰ ঘৰ জ্বলাই দিয়া হৈছে ।

লগতে পঢ়ক :Rajdhani Express : এইবাৰ চালকৰ বাবে দুৰ্ঘটনাৰ পৰা ৰক্ষা ৰাজধানী এক্সপ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.