ETV Bharat / bharat

PM Vishwakarma Yojana 2023 : পিএম বিশ্বকৰ্মা আঁচনিখনৰ বিশেষত্ব কি ? - Characteristics of PM Vishwakarma Scheme

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ দিনাই চৰকাৰে আৰম্ভ কৰিলে পিএম বিশ্বকৰ্মা আঁচনি । দেশৰ থলুৱা শিল্পীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে চৰকাৰে এই আঁচনি আৰম্ভ কৰিছে । আঁচনিৰ অধীনত ৫ শতাংশ সূতৰ হাৰত ৩ লাখ টকা পৰ্যন্ত ঋণ প্ৰদান কৰা হ'ব ।

PM Vishwakarma Yojana 2023
পিএম বিশ্বকৰ্মা আঁচনিখনৰ বিশেষত্ব
author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 12:10 PM IST

নেশ্যনেল ডেস্ক, ১৮ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭৩ সংখ্যক জন্মদিনৰ দিনটোতে দেশৰ শিল্পীসকলৰ বাবে উৎসৰ্গিত এক বিশেষ আঁচনি আৰম্ভ কৰা হয় । চৰকাৰে শিল্পীসকলৰ পৰম্পৰাগত দক্ষতাৰ প্ৰথাৰ প্ৰচাৰ আৰু শক্তিশালী কৰাৰ বাবে ১৩,০০০ কোটি টকাৰ এই আঁচনি মুকলি কৰিছে । এই আঁচনিৰ উদ্দেশ্য হৈছে প্ৰশিক্ষণৰ জৰিয়তে শিল্পীসকলৰ পৰম্পৰাগত দক্ষতা অধিক উন্নত কৰা । এই আঁচনিখন এই বছৰৰ বাজেটত উল্লেখ কৰা হৈছিল আৰু প্ৰধানমন্ত্ৰী মোডীয়েও ১৫ আগষ্টত লালকিল্লাৰ পৰা এই আঁচনিৰ ঘোষণা কৰিছিল ।

প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি বা পিএম বিশ্বকৰ্মা আঁচনিৰ অধীনত সমগ্ৰ ভাৰতৰ গ্ৰাম্য আৰু নগৰাঞ্চলৰ ৩০ লাখতকৈও অধিক পৰম্পৰাগত শিল্পী প্ৰত্যক্ষভাৱে লাভান্বিত হ'ব । আঁচনিখনৰ অধীনত, সোণাৰী, কমাৰ, নাপিত, কুমাৰ আৰু ভাস্কৰ্যশিল্পীৰ দৰে শিল্পীসকলক মুঠ ৩ লাখ টকা পৰ্যন্ত ঋণ প্ৰদান কৰা হ'ব । শিল্পীসকলক প্ৰথম পৰ্যায়ত ১ লাখ টকাৰ ঋণ প্ৰদান কৰা হ'ব । দ্বিতীয় পৰ্যায়ত ২ লাখ টকাৰ ঋণ দিয়া হ'ব । এই ঋণ মাত্ৰ ৫ শতাংশ সূতৰ হাৰত দিয়া হ'ব । ইয়াৰ উপৰিও, ডিজিটেল লেনদেন আৰু বজাৰৰ প্ৰচাৰত শিল্পীসকলক সহায় কৰা হ'ব ।

  • #WATCH | Delhi: Prime Minister Narendra Modi distributes PM Vishwakarma Certificates to various artists and craftspersons during the launch of the 'PM Vishwakarma' scheme at the India International Convention and Expo Centre, in Dwarka. pic.twitter.com/C0O9Me3RYq

    — ANI (@ANI) September 17, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

পিএম বিশ্বকৰ্মা আঁচনিৰ অধীনত শিল্পীসকলক তেওঁলোকৰ দক্ষতা উন্নত কৰাৰ বাবে প্ৰশিক্ষণ দিয়া হ'ব । এই আঁচনিত ১৮ টা ব্যৱসায়ৰ সৈতে জড়িত লোকসকলক অন্তৰ্ভুক্ত কৰা হ'ব । লগতে তেওঁলোকক প্ৰশিক্ষণৰ সলনি প্ৰতিদিনে ৫০০ টকাৰ পাৰিশ্ৰমিক দিয়া হ'ব ।

বিশ্বকৰ্মা আঁচনিৰ অধীনত প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পাছত শিল্পীসকলক 'পিএম বিশ্বকৰ্মা প্ৰমাণপত্ৰ', আইডি কাৰ্ড, বেচিং আৰু উন্নত প্ৰশিক্ষণ সম্পৰ্কীয় দক্ষতা উন্নীতকৰণ, ডিজিটেল লেনদেনৰ বাবে ইনচেণ্টিভ আৰু ১৫,০০০ টকাৰ টুলকিট ইনচেণ্টিভ প্ৰদান কৰা হ'ব । যাৰ বাবে স্ব-নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰগতি বৃদ্ধি কৰিব পাৰি তাৰ বাবে এই পদক্ষেপ লোৱা হৈছে ।

পিএম বিশ্বকৰ্মা আঁচনিৰ সুবিধা ল'বলৈ শিল্পীসকলে ইয়াৰ বায়োমেট্ৰিক-আধাৰিত 'পিএম বিশ্বকৰ্মা পৰ্টেল' ব্যৱহাৰ কৰি কমন চাৰ্ভিচ চেণ্টাৰৰ জৰিয়তে বিনামূলীয়াকৈ পঞ্জীয়ন কৰিব পাৰিব । যাৰ বাবে তেওঁলোকক আধাৰ কাৰ্ড, পৰিচয় পত্ৰ, বাসস্থানৰ পৰিচয় পত্ৰ, জাতিৰ প্ৰমাণপত্ৰ, বেংক একাউণ্ট পাছবুক, পাছপোৰ্ট আকাৰৰ ফটো আৰু আধাৰৰ সৈতে সংযুক্ত মোবাইল নম্বৰৰ প্ৰয়োজন হ'ব ।

লগতে পঢ়ক :PM Vishwakarma Scheme: পি এম বিশ্বকৰ্মা আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানত কলাক্ষেত্ৰৰ পৰা ভাৰ্চুৱেলি অংশগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.