ETV Bharat / bharat

Kidnapped Girl Recovered From Muzaffarpur: "মোৰ অপহৰণ হোৱা নাই, মই দীপকক ভাল পাওঁ......" - Kidnapped Girl Recovered From Muzaffarpur

বিহাৰত সংঘটিত এটা অপহৰণৰ ঘটনাই মোৰ লয় প্ৰেম বিবাহলৈ (Kidnapped Girl Recovered From Muzaffarpur) ৷ কন্যাক বিচাৰি হাহাকাৰ পিতৃ-মাতৃ...

Kidnapped Girl Recovered From Muzaffarpur
মই দীপকক ভাল পাওঁ
author img

By

Published : Jul 29, 2022, 1:43 PM IST

Updated : Jul 29, 2022, 1:56 PM IST

নেশ্যনেল ডেস্ক, 29 জুলাই: প্ৰেমত ঘূৰিছে ভূমণ্ডল । প্ৰেমত ফুলিছে শতদল ৷ প্ৰেমে কি কৰিব নোৱাৰে ! প্ৰেমিকৰ লগত গোটেই জীৱনটো অতিবাহিত কৰাৰ সপোনেৰে মাতৃ-পিতৃকো ফাকি দি দুয়ো মনে মনে বিবাহপাশত আৱদ্ধ হয় (Kidnapped Girl Recovered From Muzaffarpur) ৷ তাৰ পিছতেই কন্যাক বিচাৰি হাহাকাৰ পিতৃ-মাতৃ ৷ এই ঘটনা সংঘটিত হৈছে বিহাৰৰ মুজাফৰপুৰত ৷

ঘটনা অনুসৰি উত্তৰ প্ৰদেশৰ আমৰোহাৰ মাণ্ডি অঞ্চলৰ এগৰাকী যুৱতীয়ে যোৱা 17 জুনত তেওঁৰ প্ৰেমিকৰ সৈতে ঘৰৰ অজ্ঞাতে বিবাহ পাশত আৱদ্ধ হয় ৷ বিবাহৰ পিছতে দুয়োয়ে স্বামী-স্ত্ৰীৰ দৰে বিহাৰত বাস কৰিবলৈ আৰম্ভ কৰে ।

ইফালে পৰিয়ালৰ লোকে নিজ কন্যাৰ কোনো খবৰ নাপাই চিন্তিত হৈ পৰে ৷ উপায়হীন হৈ যুৱতীগৰাকীৰ ঘৰৰ পৰিয়ালৰ লোকে উত্তৰ প্ৰদেশ আৰক্ষীৰ ওচৰত কন্যা অপহৰণ হোৱা বুলি গোচৰ ৰুজু কৰে ৷ উত্তৰ প্ৰদেশ আৰক্ষীয়ে গোচৰটো পঞ্জীয়নৰ পিছতে উত্তৰ প্ৰদেশৰ আমৰোহা আৰক্ষীয়ে মুজাফ্ফৰপুৰত উপস্থিত হয় আৰু নগৰ আৰক্ষী থানাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি সিকন্দৰপুৰত তালাচী চলায় দুয়োকে জিম্মাত লয় ৷

অৱশেষত যুৱতীগৰাকীৰ লগতে স্বামী দীপক কুমাৰকো জিম্মাত লয় আৰক্ষীয়ে ৷ আৰক্ষী থানালৈ আনি দুয়োকে সোধ-পোছ কৰাতহে ওলাল প্ৰকৃত ঘটনা ৷ যুৱতীগৰাকীয়ে আৰক্ষীৰ সন্মুখত কয় , "চাৰ, মোৰ অপহৰণ কৰা হোৱা নাছিল, মই দীপকক ভাল পাওঁ, সেয়েহে আমি বিবাহ পাশত আৱদ্ধ হৈছিলো ৷ তেওঁৰ সৈতে মই স্ব-ইচ্ছাৰে বাস কৰি আছো ।"

আনহাতে আৰক্ষীৰ অনুসন্ধানত যুৱতীগৰাকীৰ স্বামী দীপকে তেওঁৰ নাম সলনি কৰি মুজাফৰপুৰত বাস কৰিছিল বুলি জনায় ৷ দীপকে সিকন্দৰপুৰৰ এজন যুৱকৰ নামত ফোনৰ ছিমটো ব্যৱহাৰ কৰি আছিল ৷ আটকাধীন দীপকে জেৰাৰ সময়ত কৈছিল যে তেওঁৰ দেউতাকে সেই ঠাইতে শিক্ষকতাৰ চাকৰি কৰিছিল ৷ অৱসৰৰ পিছত তেওঁৰ পিতৃৰ মৃত্যু হৈছিল যদিও তেওঁ সিকন্দৰপুৰৰ কিছু লোকৰ পৰিচিত থকাৰ বাবে সেই ঠাইতে আশ্ৰয় লৈছিল ৷

স্বামী-স্ত্ৰীৰ কথা শুনাৰ লগে লগে আৰক্ষীৰ লগতে পিতৃ-মাতৃও দোমোজাত পৰে ৷ যুৱতীগৰাকীৰ দেউতাকে উত্তৰ প্ৰদেশত শ্ৰমিক হিচাপে কাম কৰে ৷ নিজ কন্যাৰ এই কাণ্ডত হতবাক হৈ পৰে পিতৃ-মাতৃ ৷

লগতে পঢ়ক: Murder for chapatti: এখন ৰুটিৰ বাবেই দিল্লীত এজনক হত্যা, গ্ৰেপ্তাৰ হত্যাকাৰী

Last Updated : Jul 29, 2022, 1:56 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.