ETV Bharat / bharat

Khalistan supporters attack : ভাৰতীয় কনচুলেটত পুনৰ আক্ৰমণ খালিস্তান সমৰ্থকৰ - San Francisco Indian consulate

যোৱা মাৰ্চ মাহত ছান ফ্ৰান্সিস্কোৰ ভাৰতীয় কনচুলেটত খালিস্তান সমৰ্থকে আক্ৰমণ কৰিছিল । ২ জুলাইত পুনৰ ভাৰতীয় কনচুলেটত অগ্নিসংযোগ কৰিছে খালিস্তান সমৰ্থকে । সমগ্ৰ ঘটনাক গৰিহণা দিছে আমেৰিকা প্ৰশাসনে ।

Khalistan supporters attack
ভাৰতীয় কনচুলেটত পুনৰ আক্ৰমণ খালিস্তান সমৰ্থকৰ
author img

By

Published : Jul 4, 2023, 10:35 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৪ জুলাই : যোৱা ৪ মাহত দুবাৰকৈ ছান ফ্ৰান্সিস্কোৰ ভাৰতীয় কনচুলেটত আক্ৰমণ খালিস্তান সমৰ্থকৰ । এইবাৰ ছান ফ্ৰান্সিস্কোৰ ভাৰতীয় কনচুলেটত অগ্নিসংযোগ কৰিলে খালিস্তান পন্থী প্ৰতিবাদকাৰীয়ে । যোৱা ২ জুলাইত টুইটাৰত শ্বেয়াৰ হোৱা এটা ভিডিঅ'ত এই ঘটনা পোহৰলৈ আহিছে ।

ভিডিঅ'টোৰ কেপচনত লিখা আছে হিংসাই হিংসাৰ জন্ম দিয়ে । আনহাতে কানাডাস্থিত খালিস্তান টাইগাৰ ফ'ৰ্চৰ (কেটিএফ) মুৰব্বী হৰদীপ সিং নিজ্জাৰৰ মৃত্যু সম্পৰ্কীয় বাতৰিৰ প্ৰৱন্ধও ভিডিঅ'টোত দেখুওৱা হৈছে ।

উল্লেখ্য যে ভাৰতৰ মোষ্ট ৱাণ্টেড সন্ত্ৰাসবাদীসকলৰ মাজৰ এজন আছিল নিজ্জাৰ । তেওঁৰ মূৰত ১০ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰা হৈছিল । যোৱা মাহত কানাডাৰ এটা গুৰুদ্বাৰাৰ বাহিৰত চলা গুলীচালনাত মৃত্যু হয় নিজ্জাৰৰ । খালিস্তানী নেতাগৰাকীৰ মৃত্যুৰ পাচতে পুনৰ এবাৰ খালিস্তান সমৰ্থকৰ প্ৰতিবাদ আৰম্ভ হৈছে । তাৰ অংশস্বৰূপে সমৰ্থকে ছান ফ্ৰান্সিস্কোত ভাৰতীয় কনচুলেটত অগ্নিসংযোগ কৰে ।

ইফালে এই ঘটনাত তীব্ৰ গৰিহণা দিছে আমেৰিকা যুক্তৰাষ্ট্ৰই । ভাৰতীয় কনচুলেট ধ্বংস আৰু অগ্নিসংযোগৰ চেষ্টাক তীব্ৰ গৰিহণা দি আমেৰিকা প্ৰশাসনে ইয়াক ফৌজদাৰী অপৰাধ বুলি অভিহিত কৰিছে ।

বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰে সোমবাৰে এক টুইটযোগে কয় যে আমেৰিকাত কূটনৈতিক সুবিধা বা বিদেশী কূটনীতিবিদৰ বিৰুদ্ধে হিংসাক সমালোচনা কৰে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ এছিয়াৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি দেওবাৰে পুৱতি নিশা প্ৰায় ১:৩০-২:৩০ বজাৰ ভিতৰত এই ঘটনা সংঘটিত হৈছে ।

অৱশ্যে ছান ফ্ৰান্সিস্কো প্ৰশাসনে তাৎক্ষণিকভাৱে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় । কনচুলেটৰ বেছি ক্ষতি হোৱা নাই বুলিও জানিব পৰা গৈছে । কোনো কৰ্মচাৰীও হতাহতি হোৱা নাই ।

ইফালে সামাজিত মাধ্যমত শ্বেয়াৰ কৰা এখন পোষ্টাৰত কোৱা হৈছে যে ৮ জুলাইত খালিস্তান ফ্ৰীডম ৰেলী আয়োজন কৰা হ'ব যি কেলিফৰ্ণিয়াৰ বাৰ্কলেত আৰম্ভ হ'ব আৰু ছান ফ্ৰান্সিস্কোৰ ভাৰতীয় দূতাবাসত সমাপ্ত হ'ব । উল্লেখ্য যে যোৱা মাৰ্চ মাহত খালিস্তান পন্থী প্ৰতিবাদকাৰীৰ এটা দলে ছান ফ্ৰান্সিস্কোৰ ভাৰতীয় কনচুলেটত আক্ৰমণ কৰিছিল ।

লগতে পঢ়ক :Protest at San Francisco Indian Consulate : ভাৰতীয় কনচুলেটত আক্ৰমণ খালিস্তান সমৰ্থকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.