ETV Bharat / bharat

কেৰালা নিৰ্বাচন: 6 এপ্ৰিলত তীব্ৰ অপ্ৰত্যাশিত নিৰ্বাচনী যুঁজৰ সম্ভাৱনা

author img

By

Published : Apr 5, 2021, 2:23 PM IST

Updated : Apr 5, 2021, 9:33 PM IST

140 টা বিধানসভা সমষ্টিৰে সৈতে কেৰালা হৈছে কমিউনিষ্ট শাসন থকা ভাৰতৰ একমাত্ৰ ৰাজ্য ৷ চৰকাৰ গঠনৰ বাবে যিকোনো মিত্ৰজোঁট বা দলক 71 আসনৰ প্ৰয়োজন ৷ বিগত চাৰিটা দশকত কেৰালাই কমিউনিষ্ট পাৰ্টীৰ নেতৃত্বাধীন লেফ্ট ডেম'ক্ৰেটিক ফ্ৰন্ট আৰু কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰন্টৰ শাসন প্ৰত্যক্ষ কৰি আহিছে ৷ বিগত দহ বছৰত বিজেপি নেতৃত্বাধীন এনডিএ য়েও ৰাজ্যখনৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক সবল ভূমিকা গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে ৷ এনে ক্ষেত্ৰত পূৰ্বতে দুটা পক্ষৰ মাজতে অনুষ্ঠিত নিৰ্বাচনী যুঁজত এইবাৰ তৃতীয়টো পক্ষৰ ভুমুকিয়ে কেৰালাৰ নিৰ্বাচনী যুঁজখন অধিক আকৰ্ষণীয় কৰি তোলাৰ সম্ভাৱনা ৷

Kerala to witness a tough unpredictable battle on April 6
কেৰালা নিৰ্বাচন: 6 এপ্ৰিলত কঠোৰ অপ্ৰত্যাশিত নিৰ্বাচনী যুঁজৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক, 5 এপ্ৰিল: কেৰালাৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত ৰাজ্যখনত বৰ্তমান এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে, য'ত বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব পৰাকৈ ৰাজ্যখনত কোনো এটা দলৰে স্থিতি সবল নহয় ৷ যাৰ পৰিপ্ৰেক্ষিতত ভিন্ন নীতি আৰু মতাদৰ্শৰ ৰাজনৈতিক দলসমূহে মিত্ৰতাৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ বিগত বৰ্ষসমূহত এনডিএৰ মুঠেই প্ৰভাৱ নথকা কেৰালাত মূলতঃ বাঁওপন্থী আৰু ইউডিএফ ৰ মাজত হোৱা দ্বিপাক্ষিক প্ৰতিদ্বন্দিতাৰ বিপৰীতে এইবাৰৰ তিনিটা মুখ্য দলৰ মাজত নিৰ্বাচনী যুঁজ তীব্ৰ হোৱাৰ আশংকা কৰা হৈছে ৷ অৱশ্যে বাঁওপন্থী আৰু ইউডিএফ প্ৰাৰ্থীৰ ভাগ্য জয় অথবা পৰাজয়ৰ ক্ষেত্ৰত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰাৰ বাবে নিৰ্বাচনত আসন লাভ কৰাৰ উপৰিও ভোটৰ সংখ্যা বৃদ্ধি কৰাক লৈ এনডিএ ক যথেষ্ট আত্মবিশ্বাসী স্থিতিত থকা পৰিলক্ষিত হৈছে ৷

অতি আত্মবিশ্বাসেৰে দ্বিতীয়বাৰৰ বাবে গাদী দখলৰ উদ্দেশ্যে এলডিএফে প্ৰচাৰ চলোৱাৰ পৰিৱৰ্তে ইউডিএফে বাঁওপন্থী সকলৰ বিপৰীতে বহু অভিযোগ উত্থাপন কৰি ক্ষমতালৈ পুনৰ উভতি অহাৰ বাবে কঠোৰ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷

প্ৰাক-নিৰ্বাচনী জৰীপ অনুসৰি, এলডিএফে কেৰালাত দ্বিতীয় বাৰৰ বাবে জয়লাভ কৰিব বুলি আশা কৰা হৈছে ৷ নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পাছতে বামপন্থী সকলে নিজৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ লগতে ততাতৈয়াকৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰাৰ বিপৰীতে ইউডিএফ আৰু এনডিএয়ে মিত্ৰজোঁটৰ দলসমূহৰ সৈতে কৰা বহু চিন্তা, আলোচনা আৰু তৰ্কৰ পাছত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে ৷ বিগত বছৰ সমূহত বিৰোধী দলসমূহে সত্বা-বিৰোধী কাৰক সমূহ উত্থাপন কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছিল যদিও এইবাৰৰ মূল বিৰোধী ইউডিএফে নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পাছতে শাসনাধীষ্ঠ চৰকাৰৰ বিৰুদ্ধে প্ৰত্যেক দিনেই নতুন নতুন অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে ৷

ৰাজ্যখনৰ ভালৰ বাবে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি 'UDF for a better Kerala' (উন্নত কেৰালাৰ বাবে ইউডিএফ) শীৰ্ষক শ্ল'গানেৰে নিৰ্বাচনী প্ৰচাৰ চলাই ইউডিএফে চৰকাৰ গঠনৰ বাবে ৰাইজৰ সহযোগৰ আহ্বান জনাইছে ৷ ইয়াৰ পৰিৱৰ্তে, বিৰোধীয়েও সৱৰিমালাৰ মহিলা প্ৰৱেশ, চোৰাং সোণৰ গোচৰ, গভীৰ সাগৰত মাছ ধৰাৰ চুক্তি, ভুৱা ভোট আৰু আদানি গ্ৰুপৰ সৈতে কেএচইবি গ্ৰুপ ইত্যাদি বিভিন্ন বিষয় সামৰি শাসনাধীষ্ঠ বামপন্থীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷

ইফালে শাসক পক্ষয়ো হাৰ নামানি উন্নয়ন আৰু সাফল্য সমূহৰ খতিয়ান দি 'উৰাপ্পানু এলডিএফ, উৰাপ্পানু থুডাৰভাৰনম' (নিশ্চিত ৰূপত এলডিএফ, একেৰাহে এলডিএফ) শীৰ্ষক শ্ল'গানেৰে ৰাইজৰ কাষ চপাৰ চেষ্টা কৰিছে ৷ সামাজক মাধ্যমৰ লগতে প্ৰত্যেক নিৰ্বাচনী প্ৰচাৰতেই এলডিএফে দলে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগতে সফলতা সমূহৰ খতিয়ান দিয়া পৰিলক্ষিত হৈছে ৷ একে সময়তে এনডিএৰ নিৰ্বাচনী প্ৰচাৰ সমূহত সৱৰিমালাৰ মহিলা প্ৰৱেশ, বিশ্বাসৰ সুৰক্ষা, কেন্দ্ৰীয় চৰকাৰৰ উন্নয়ন আৰু কল্যাণমূলক প্ৰকল্প আত্যাদি বিষয় সমূহে অগ্ৰাধিকাৰ লাভ কৰিছে ৷ ইয়াৰ সমান্তৰালকৈ এনডিএৰ 'এ নিউ কেৰালা উইথ মোডী' (মোডীৰ সৈতে এক নতুন কেৰালা) শীৰ্ষক শ্ল'গানো ৰাইজে আদৰি লোৱা পৰিলক্ষিত হৈছে ৷ অৱশ্যে কোন দলৰ শ্ল'গানে কেৰালাৰ ৰাইজক প্ৰভাম্বিত কৰিবলৈ সক্ষম হৈছে সেইয়া নিৰ্বাচনৰ ফলাফলতহে গম পোৱা যাব ৷

নিৰ্বাচনী প্ৰচাৰ অন্তিম পৰ্যায় পোৱাৰ লগে লগে তিৰুভনন্থপুৰমৰ নেমমৰ পৰা মাঞ্জেস্বৰমলৈকে 40 টা বিধানসভা সমষ্টিত এক কঠিন তথা অপ্ৰত্যাশিত যুঁজৰ আশংকা কৰা হৈছে ৷ তিনিওটা পক্ষৰ নেতা সকলেও এই 40 খন অপ্ৰত্যাশিত আসনৰ বাবে যথেষ্ট কষ্ট স্বীকাৰ কৰা পৰিলক্ষিত হৈছে ৷ ৰোড শ্ব' আৰু জনসভা সমূহত অংশ লোৱাৰ লগতে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিকে ধৰি কুৰিৰো অধিক কেন্দ্ৰীয় মন্ত্ৰীয়ে কেৰালাত এনডিএৰ হৈ প্ৰচাৰ চলোৱা দেখা গৈছে ৷ সমান্তৰালকৈ ইউডিএফৰ ষ্টাৰ কেম্পেইনাৰ বায়ানাডৰ সাংসদ ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ইউডিএফৰ হৈ প্ৰচাৰ চলাইছে ৷

উল্লেখ্য যে, 2016 ৰ নিৰ্বাচনত 140 খন আসনৰ ভিতৰত 91 আসন লাভ কৰিবলৈ সক্ষম হোৱা এলডিএফে দ্বিতীয়বাৰৰ বাবে শাসনভাৰ লোৱাৰ বাবে নিৰ্বাচিত হ'ব বুলি সম্পূৰ্ণ আত্মবিশ্বাসী স্থিতিত আছে ৷ উত্তৰ কেৰালাত অধিক আসন লাভ কৰাৰ লগতে ক'ল্লাম, আলাপ্পুঝা, ট্ৰিশূৰ আৰু পলক্কড আদি জিলাত অধিক আসন লাভ কৰি ইউডিএফে বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি আশা ৰাখিছে ৷
কেৰালাৰ নিৰ্বাচনৰ ক্ষেত্ৰত বিজেপি দলৰ স্থিতিলৈ চালে দেখা যাব যে, বিগত দহ বছৰ ধৰি কেৰালাই ভোটৰ সংখ্যা বঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ তিৰুভনন্থপুৰম, ট্ৰিশূৰ আৰু পলক্কড আদি জিলাত ভোটৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে বিজেপিয়ে অব্যাহত ৰখা প্ৰচেষ্টাই এলডিএফ আৰু ইউডিএফ দুয়োটা দলৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে ৷ যদিওবা বিজেপি ভোট লিক কৰা অভিযোগৰ পৰা মুক্ত হয় তথাপিও কোনটো পক্ষ প্ৰভাম্বিত হ'ব সেইয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়ক: পৰাজয়ৰ বাবেই 93 সংখ্য়ক নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা ব্যক্তিজন

Last Updated : Apr 5, 2021, 9:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.