ETV Bharat / bharat

Kerala Story Aftershock : মুছলমান যুৱকেৰে কন্যাৰ বিবাহ বাতিল বিজেপি নেতাৰ - VHP protest against BJP leaders daughters marriage

বিজেপি নেতা বেনামে নিজৰ কন্যাক এজন মুছলমান যুৱকৰ সৈতে বিয়া দিবলৈ ওলোৱা সিদ্ধান্তত জাঙুৰ খাই উঠে হিন্দুত্ববাদী সংগঠনসমূহ । যাৰ বাবে শুকুৰবাৰে ঝাণ্ডা চ'কত তেওঁৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । লগতে বিজেপি নেতাজনৰ পুত্তলিকাও দাহ কৰে । বিশ্ব হিন্দু পৰিষদ, ভৈৰৱ সেনা আৰু বজৰং দলে প্ৰতিবাদ সাব্যস্ত কৰে (Kerala Story Aftershock in Uttarakhand) ।

Kerala Story Aftershock
Kerala Story Aftershock
author img

By

Published : May 21, 2023, 8:23 PM IST

নিউজ ডেস্ক, ২১ মে' : উত্তৰাখণ্ডত 'দ্য কেৰালা ষ্ট'ৰী'ৰ প্ৰভাৱ (Kerala Story Aftershock in Uttarakhand) । হিন্দুত্ববাদী সংগঠনৰ তীব্ৰ হেঁচাত শনিবাৰে ৰাজ্যখনৰ এজন বিজেপি নেতাই এগৰাকী মুছলমান যুৱকৰ সৈতে স্থিৰ কৰা তেওঁৰ কন্যাৰ বিবাহ বাতিল কৰিবলৈ বাধ্য হয় (BJP leader cancels daughters marriage to Muslim) । উল্লেখ্য, এই বিবাহ ২৮ মে'ত অনুষ্ঠিত হ'বলগীয়া আছিল ।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত হ'বলগীয়া কইনাগৰাকীৰ পিতৃ তথা পাউৰী পৌৰসভাৰ চেয়াৰমেন যশপাল বেনামে কয় যে তেওঁৰ কন্যাক তেওঁৰ সুখৰ বাবেই এজন মুছলমান যুৱকৰ সৈতে বিয়া দিয়াৰ কথা ভাবিছিল (BJP leader daughters marriage controversy) । কিন্তু এই বিবাহৰ বিষয়ে ছ'চিয়েল মিডিয়াত যেনেধৰণে প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'বলৈ ধৰিলে, তাৰ পৰিপ্ৰেক্ষিততে বিয়াখন স্থগিত ৰাখিবলগা হোৱা বুলি তেওঁ কয় ।

"মই এতিয়া ৰাইজৰ মতামতো শুনিব লাগিব ।" এই সন্দৰ্ভত বেনামে কয় । যাৰ ফলত ২৮ মে'ত পাউৰী চহৰত অনুষ্ঠিত হ'বলগীয়া বিয়াখন বাতিল কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । উল্লেখ্য যে হিন্দুত্ববাদী সংগঠনসমূহে শুকুৰবাৰে বেনামৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদৰ অংশ হিচাবে ঝাণ্ডা চ'কত বিজেপি নেতা বেনামৰ পুত্তলিকাও দাহ কৰে ।

বিশ্ব হিন্দু পৰিষদ, ভৈৰৱ সেনা আৰু বজৰং দলে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে (VHP protest against BJP leaders daughters marriage) । আনহাতে, এই সন্দৰ্ভত বিশ্ব হিন্দু পৰিষদৰ জিলা কাৰ্যকৰী সভাপতি দীপক গৌড়ে কয়, "আমি এনে বিবাহৰ তীব্ৰ বিৰোধিতা কৰোঁ ।" উল্লেখ্য, বৃহস্পতিবাৰে ছ'চিয়েল মিডিয়াত বিজেপি নেতাগৰাকীৰ কন্যাৰ বিবাহৰ আমন্ত্ৰণী-পত্ৰৰ এখন ফটোও প্ৰকাশ পাইছিল ।

ইফালে পৰিচালক সুদীপ্ত সেনৰ দাবী অনুসৰি, বাস্তৱ জীৱনৰ ঘটনাক উন্মোচিত কৰা 'দ্য কেৰালা ষ্ট'ৰী'য়ে সমগ্ৰ পশ্চিমবংগতে মুক্তিৰ বাবে আগবাঢ়িছিল । কিন্তু ছবিখনৰ প্ৰদৰ্শনত বাধা আৰোপ কৰি ইয়াক নিষিদ্ধ কৰা দেশৰ একমাত্ৰ ৰাজ্য হৈ পৰে পশ্চিমবংগ (The Kerala Story banned in WB) ।

আনহাতে, উচ্চতম ন্যায়ালয়ে পশ্চিমবংগ চৰকাৰৰ ৰাজ্যখনত ছবিখন নিষিদ্ধ কৰাৰ সিদ্ধান্ত স্থগিত ৰাখে । সুদীপ্ত সেনে লগতে কয় যে তেওঁৰ চলচ্চিত্ৰখন শুকুৰবাৰৰ পৰা ৰাজ্যখনৰ ছবিগৃহসমূহত প্ৰদৰ্শিত হৈছে । উল্লেখ্য, যোৱা ৮ মে'ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে 'শান্তি বৰ্তাই ৰখা' আৰু 'ঘৃণা আৰু হিংসাৰ ঘটনা' পৰিহাৰ কৰাৰ বাবে ৰাজ্যখনত 'দ্য কেৰালা ষ্ট'ৰী'ৰ প্ৰদৰ্শন নিষিদ্ধ কৰে । ইয়াৰ পিচতে সুদীপ্ত সেনে শীৰ্ষ আদালতৰ কাষ চাপে ।

লগতে পঢ়ক :China calls JK disputed territory : জম্মু-কাশ্মীৰক বিতৰ্কিত অঞ্চল অভিহিত চীনৰ; জি-20 বৈঠকৰ বিৰোধিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.