নিউজ ডেস্ক, ৯ জানুৱাৰী:কেৰালা ৰাজ্যসভাৰ সাংসদ তথা কেৰালা কংগ্ৰেছ চমুকৈ KC(M) নেতা জ'চ কে মনিয়ে শনিবাৰে পদত্যাগ কৰে । উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুক পদত্যাগ পত্ৰ ঘোষণা জ'চ কে মনিৰ । এইখিনিতে উল্লেখ কৰা ভাল যে,ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ নকৰাত মনিক কঠোৰভাৱে সমালোচনা কৰা হৈছিল। তাৰ পাচত তেওঁ ইউ ডি এফৰ সদস্য হিচাপে জয়লাভ কৰে ।
জানিব পৰা অনুসৰি সাংসদ মনিয়ে পলা বিধানসভা সমষ্টিৰ পৰা কেৰালা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা আগবঢ়াবলৈ ৰাজ্যসভা সাংসদ পদৰ পৰা পদত্যাগ কৰে ।
জ'চ কে মনিৰ পদত্যাগৰ পাচত খালী হোৱা পদটো কেৰালা কংগ্ৰেছক দিয়াৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ।
লগতে পঢ়ক: এইচ-১ ভিছাৰ নিষেধাজ্ঞাক লৈ আমেৰিকাৰ সৈতে আলোচনা ভাৰতৰ