ETV Bharat / bharat

Kejriwal Lashed Out at Center : কেন্দ্ৰক তীব্ৰ সমালোচনা কেজৰিৱালৰ; অধ্যাদেশৰ বিৰুদ্ধে যাব উচ্চতম ন্যায়ালয়লৈ

author img

By

Published : Jun 20, 2023, 5:23 PM IST

ৰাষ্ট্ৰীয় ৰাজধানী অসামৰিক সেৱা প্ৰাধিকৰণৰ (এনচিচিএছএ) প্ৰথম বৈঠকৰ পিছত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এক সংবাদমেল অনুষ্ঠিত কৰি বিজেপিক তীব্ৰ আক্ৰমণ কৰে । অধ্যাদেশ সন্দৰ্ভত তেওঁ কয় যে কেন্দ্ৰই বিষয়াসকলৰ জৰিয়তে দিল্লী দখল কৰিব বিচাৰে ।

Kejriwal Lashed Out at Center
Kejriwal Lashed Out at Center

নিউজ ডেস্ক, ২০ জুন : মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অধ্যক্ষতাত মঙলবাৰে ৰাষ্ট্ৰীয় ৰাজধানী অসামৰিক সেৱা প্ৰাধিকৰণৰ (এনচিচিএছএ) প্ৰথমখন বৈঠক অনুষ্ঠিত হয় । বৈঠকত দিল্লী চৰকাৰত নিযুক্ত ফৰেনচিক বিষয়াৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা লোৱাৰ সিদ্ধান্ত লোৱা হয় । বৈঠকৰ পিছত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এক সংবাদমেল অনুষ্ঠিত কৰে । সংবাদমেলত কেজৰিৱালে পুনৰ অধ্যাদেশ আৰু ইয়াৰ অধীনত থকা কৰ্তৃত্বক লৈ কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি লয় । তেওঁ কয় যে দিল্লী চৰকাৰে এই অধ্যাদেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব । ছুপ্ৰিম কোৰ্টৰ পৰা তেওঁ সকাহ পাব বুলিও আশা ব্যক্ত কৰে ।

  • बीजेपी दिल्ली में चार चुनाव बुरी तरह से हार गई। अगले कई वर्षों तक दिल्ली जीतने की उनकी कोई उम्मीद नहीं है। तो बीजेपी ने इस अध्यादेश के ज़रिए दिल्ली को हथियाने की कोशिश की है। कैसे-

    ये अध्यादेश मंत्रियों, मुख्यमंत्री और कैबिनेट के ऊपर अफ़सरों को बिठाता है।

    - हर विभाग में अब… pic.twitter.com/uLgZ9mYgbs

    — Arvind Kejriwal (@ArvindKejriwal) June 20, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কেন্দ্ৰই বিষয়াসকলৰ জৰিয়তে চলাই আছে দিল্লী চৰকাৰ

অৰবিন্দ কেজৰিৱালে লগতে কয় যে এই কৰ্তৃপক্ষত কেন্দ্ৰীয় চৰকাৰে দুজন বিষয়াক মুখ্যমন্ত্ৰীৰ ওপৰত বহুৱাই থৈছে । কেন্দ্ৰই বিষয়াসকলৰ জৰিয়তে দিল্লী চৰকাৰ চলাই আছে । তেওঁ কয় যে আমাৰ দেশ হৈছে এখন গণতন্ত্ৰ । গণতন্ত্ৰ হৈছে ভাৰতৰ সংবিধানৰ মৌলিক আত্মা । কিন্তু দিল্লীত নিৰ্বাচিত চৰকাৰৰ পৰা সকলো ক্ষমতা কাঢ়ি লোৱা হৈছে । কেন্দ্ৰীয় চৰকাৰে বিষয়াসকলৰ জৰিয়তে দিল্লী চৰকাৰ চলাই আছে । বিষয়াসকলে কেন্দ্ৰীয় চৰকাৰক সকলো ৰিপোৰ্ট কৰে ।

কেজৰিৱালৰ দাবী, বিশ্বৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিজেপিয়ে এনে ষড়যন্ত্ৰ ৰচনা কৰিছে । আমোলাতন্ত্ৰ নিৰ্বাচিত চৰকাৰৰো ওপৰত থাকিব । কাৰণ কেন্দ্ৰীয় চৰকাৰ বিষয়াসকলৰ ওপৰত থাকিব । কেন্দ্ৰীয় চৰকাৰে বিষয়াসকলক নিয়ন্ত্ৰণ কৰিব । কেজৰিৱালে কয় যে যদি কোনো মন্ত্ৰীয়ে কিবা নিৰ্দেশ দিয়ে, তেন্তে বিষয়াইহে সিদ্ধান্ত ল'ব যে এই আদেশ শুদ্ধ নে ভুল । উক্ত বিষয়াজনে আদেশ মানিবলৈ অস্বীকাৰ কৰিব পাৰে । তেনে ক্ষেত্ৰত চৰকাৰে কেনেকৈ চলিব ? তেওঁ উদাহৰণ দি কয় যে ধৰি লওক যদি আমি দুখন বিদ্যালয় নিৰ্মাণ কৰিব লাগে বুলি কওঁ, বিষয়াসকলে ক'ব যে বিদ্যালয়ৰ কোনো প্ৰয়োজন নাই । তেনে ক্ষেত্ৰত বিদ্যালয় নিৰ্মাণ কৰা নহ'ব ।

আনহাতে, অধ্যাদেশৰ জৰিয়তে দিল্লী দখল কৰাৰ প্ৰচেষ্টাত কেজৰিৱালে কয় যে বিজেপিয়ে দিল্লীত বিগত চাৰিটা নিৰ্বাচনত বেয়াকৈ পৰাজিত হৈছে । পৰৱৰ্তী কেইবা বছৰো দিল্লী জয়ৰ কোনো আশা নাই বিজেপিৰ । বিজেপিয়ে এই অধ্যাদেশৰ জৰিয়তে দিল্লী দখল কৰিবলৈ চেষ্টা কৰিছে । এই অধ্যাদেশত বিষয়াসকলক মন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰো ওপৰত ৰখা হৈছে । প্ৰতিটো বিভাগতে চূড়ান্ত সিদ্ধান্ত এতিয়া বিভাগৰ সচিবে ল'ব, মন্ত্ৰীয়ে নহয় ।

কেজৰিৱালৰ অভিযোগ, সচিবজনে মন্ত্ৰীজনৰ সিদ্ধান্ত অস্বীকাৰ কৰিব পাৰে । কেবিনেটৰ ওপৰত এজন মুখ্য সচিব থাকিব, যিয়ে কোনটো কেবিনেট সিদ্ধান্ত সঠিক তাৰ সিদ্ধান্ত ল'ব । কৰ্তৃপক্ষত মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত সলনি কৰাৰ বাবে দুজন বিষয়াক মুখ্যমন্ত্ৰীৰ ওপৰত ৰখা হৈছে । বিষয়াসকলৰ সন্মতি অবিহনে কেবিনেটলৈ কোনো প্ৰস্তাৱ আনিব নোৱাৰিব । ইয়াৰ অৰ্থ হৈছে যে সকলো সিদ্ধান্ত এতিয়া বিষয়াসকলে ল'ব আৰু এই বিষয়াসকলক কেন্দ্ৰীয় চৰকাৰে পোনপটীয়াকৈ নিয়ন্ত্ৰণ কৰিব । এনেদৰে বিজেপিয়ে নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত চুৰি কৰি দিল্লী চৰকাৰ চলাব বিচাৰে ।

অধ্যাদেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব কেজৰিৱাল

ইফালে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কয় যে ১৫ দিন পূৰ্বে এটা ফাইল আহিছিল, য'ত এজন বিষয়াক নিলম্বিত কৰিবলগা আছিল । তেওঁলোকে তাৰ সৈতে সম্পৰ্কিত তিনি-চাৰিটা প্ৰশ্ন সুধিছিল । ফাইলটো পোনপটীয়াকৈ লেফটেনেণ্ট গৱৰ্ণৰৰ ওচৰলৈ যায় আৰু সেই ফাইলত লিখা হয় যে কৰ্তৃপক্ষৰ তিনিজন সদস্যৰ দুজনে সন্মতি দিছে । সেই কাৰণেই তাক গৃহীত বুলি গণ্য কৰা হয় আৰু গৱৰ্ণৰে নিলম্বন কৰে । মুখ্যমন্ত্ৰীৰ লগতে অভিযোগ, তেওঁৰ ওচৰত ওপৰলৈ যাবলৈ বা তললৈ প্ৰেৰণ কৰিবলৈ কোনো ফাইল নাহিব । সেয়ে তেওঁলোক এই অধ্যাদেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব । লগতে কেজৰিৱালে আশা কৰে যে উচ্চতম ন্যায়ালয়ত তেওঁলোকে সকাহ পাব । আনহাতে, যদি এই অধ্যাদেশ ৰাজ্যসভাত উত্থাপন কৰা হয়, তেন্তে তাতো ইয়াৰ বিৰোধিতা কৰিব বুলি কয় দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ।

২৩ মে'ত পাটনাত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিব কেজৰিৱালে

আনহাতে, বিহাৰৰ পাটনাত ২৩ জুনত অনুষ্ঠিত হ'বলগীয়া সৰ্বদলীয় বৈঠক সন্দৰ্ভত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে বৈঠকৰ প্ৰথম কাৰ্যসূচী হ'ব অধ্যাদেশ । তেওঁ তাত থকা সকলো পক্ষৰ আগত অধ্যাদেশখন ব্যাখ্যা কৰিব আৰু এই অধ্যাদেশ যিকোনো ৰাজ্যৰ বাবে অনা হ'ব পাৰে বুলি তেওঁ সকলোকে অৱগত কৰাব বুলিও কয় ।

লগতে পঢ়ক :PM Modi on bilateral relations with China: চীনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত কি ক'লে প্ৰধানমন্ত্ৰী মোডীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.