ETV Bharat / bharat

Woman murdered : 7 ভাড়তীয়াই মহিলাক হত্যা কৰি, টুকুৰা টুকুৰ কৰি দলিয়ালে মৃতদেহ

author img

By

Published : Jun 10, 2023, 10:47 PM IST

কৰ্ণাটকত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা (Karnataka woman murdered) ৷ 7 ভাড়াতীয়াই লগ হৈ ভাড়াঘৰৰ মালিকক হত্যা কৰি, টুকুৰা টুকুৰকৈ কাটি পেলাই দিয়াৰ ঘটনা সংঘটিত হৈছে (Body chopped into pieces by tenants)৷

Karnataka: Youth arrested from Bihar in woman murder case
টুকুৰা টুকুৰ কৰি দলিয়ালে মৃতদেহ

নিউজ ডেস্ক, 10 জুন : মীৰাকাণ্ডৰ পিচতে এইবাৰ পুনৰ পোহৰলৈ আহিছে কৰ্ণাটকত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰাৰ ঘটনা (Karnataka woman murdered) ৷ 7 ভাড়াতীয়াই লগ হৈ ভাড়াঘৰৰ মালিকক হত্যা কৰি, টুকুৰা টুকুৰকৈ কাটি পেলাই দিয়াৰ ঘটনা সংঘটিত হৈছে ৷ তাৰ পিচত মহিলাগৰাকীৰ হাত আৰু ভৰি কাটি টুকুৰা টুকুৰ কৰি মাংসসমূহ দলিয়াই দিছিল (Body chopped into pieces by tenants) ৷

ঘটনা অনুসৰি 1 জুনত জনতা কলনীৰ চৌহদৰ ওচৰত হাত, ভৰি আৰু মুৰ অবিহনে এটা মৃতদেহ উদ্ধাৰ হৈছিল। তাৰ পিচতেই আৰক্ষীয়ে মৃতদেহটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল ৷ মৃত মহিলাগৰাকীয়ে সাতজন যুৱকক ঘৰ ভাড়াৰ বাবে দিছিল। কিন্তু এই ঘটনাৰ পিচতে 7 ভাড়াতীয়াই বিহাৰলৈ ৰাওনা হৈছিল ৷ ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত এজন ভাড়াতীয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ অভিযুক্তটোৰ নাম ইন্দল কুমাৰ বুলি জানিব পৰা গৈছে ৷ যোৱা ৪ জুনত বিহাৰৰ আৰক্ষী উপ পৰিদৰ্শক (পিএছআই) সিদ্ধন গৌড়াই ইন্দলক আৰক্ষীৰ জিম্মাত লৈছিল আৰু সোধা-পোছাৰ বাবে ৭ জুনত কৰ্ণাটকলৈ অনা হৈছিল ৷

মৃত ব্যক্তিগৰাকী গীতাম্মা (53) বুলি জানিব পৰা গৈছে ৷ কৰ্ণাটকৰ বেনাৰঘাট্টাৰ জনতা কলনীত অকলে বাস কৰিছিল মহিলাগৰাকী । হত্যাকাণ্ডটোৰ মূল অভিযুক্ত পংকজ কুমাৰ মৃতকৰ অতি ঘনিষ্ঠ আছিল ৷ বহু বছৰ ধৰি তেওঁৰ ঘৰত বাস কৰি আছিল পংকজে । পংকজ গীতাম্মাৰ ঘনিষ্ঠ হোৱাৰ হেতুকে প্ৰায়েই মহিলাগৰাকী ভাড়াঘৰকেইটা পংকজৰ নামত পঞ্জীয়ন কৰিবলৈ কৈ আহিছিল ৷ কিন্তু পংকজৰ কথাত গীতাম্মা সন্মত হোৱা নাছিল ৷

এই কথাত অসন্তুষ্ট হৈ পংকজে ভাড়াঘৰত থকা 6 যুৱকৰ সৈতে লগ লাগি 27 মে'ত মহিলাগৰাকীক শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল। যিহেতু শৰীৰটো লৰচৰ কৰাটো কঠিন আছিল, সেয়েহে সিহঁতে মহিলাগৰাকীৰ মুৰ, হাত আৰু ভৰি কাটি বিভিন্ন ঠাইত দলিয়াই দিছিল। যিহেতু মূৰটো অতি গধুৰ আছিল সেয়েহে ইয়াক চৌহদৰ ওচৰত দলিয়াই পেলাই থৈ 7 টা অভিযুক্ত বিহাৰলৈ পলাই গৈছিল (Seven accused of the murder) ৷

এই ঘটনাৰ পিচতে বেংগালুৰুৰ আৰক্ষী অধীক্ষক মল্লিকাৰ্জুন বালাদাণ্ডী আৰু ডি ৱাই এছ পিৰ নিৰ্দেশনাত বেনাৰঘাট্টা আৰক্ষী থানাৰ পৰিদৰ্শক উমাশংকৰৰ নেতৃত্বত এটা দলে গোচৰটোৰ তদন্ত কৰি সিদ্ধনা গৌড়া আৰু বিহাৰৰ ঔৰংগবাদলৈ যাত্ৰা কৰি এটা অভিযুক্ত ইন্দল কুমাৰক গ্ৰেপ্তাৰ কৰে (Bengaluru Rural SP Mallikarjun Baladandi )।

জেৰাৰ সময়ত, কুমাৰে কৈছিল যে মুঠ সাতজন অভিযুক্ত ভাড়াঘৰত বাস কৰি আছিল, সিহঁতেই এই শিহৰণকাৰী ঘটনা সংঘটিত কৰিছিল (One arrested)৷ সম্প্ৰতি ঘটনাৰ অনুসন্ধান অব্যাহত আছে ৷ অচিৰেই অন্য 6 টা অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:Mira road murder case : এইডছত আক্ৰান্ত অভিযুক্ত মনোজ চানে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.