ETV Bharat / bharat

Karnataka Election 2023 : কৰ্ণাটকত বিজেপিৰ ১৮৯ জনীয়া প্ৰথম প্ৰাৰ্থী তালিকাত 52খন নতুন মুখ

অহা ১০ মে'ত অনুষ্ঠিত হ'বলগীয়া কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিছে প্ৰথমখন প্ৰাৰ্থী তালিকা (BJP Announces First List of Karnataka Election 2023) । ৰাজ্যৰ শাসনাধিষ্ঠিত দলটোৱে প্ৰকাশ কৰা ১৮৯ জনীয়া প্ৰাৰ্থী তালিকাত স্থান লাভ কৰিছে ৫২খন নতুন মুখে । অহা ১ত মে'ত অনুষ্ঠিত হ'ব ভোটগণনা ।

author img

By

Published : Apr 12, 2023, 8:17 AM IST

Karnataka Election 2023
Karnataka Election 2023

নিউজ ডেস্ক, ১২ এপ্ৰিল : আসন্ন কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে (Karnataka Election 2023) । গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই তালিকাত নাম প্ৰকাশ পাইছে যথেষ্টসংখ্যক নতুন প্ৰাৰ্থীৰ । বিজেপিয়ে মঙলবাৰে ১৮৯জন প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে । ঘোষিত তালিকা মতে, মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মায়ে শিগাঁও বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব (Karnataka CM Basavraj Bommai) । বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক চিটি ৰবিয়ে চিকমাগলুৰু আসনৰ বাবে যুঁজ দিব (BJP national general secretary CT Ravi) । উল্লেখ্য যে দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতি আৰু সংসদীয় পৰিষদৰ বৈঠক দেওবাৰে সমাপ্ত হোৱাৰ পিচত সোমবাৰে পুনৰ আন কিছুসংখ্য নামৰ ওপৰত আলোচনা হয় আৰু তাৰ পিচত এই তালিকা ঘোষণা কৰা হয় ।

কৰ্ণাটকৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰথম তালিকাত ৫২জন নতুন প্ৰাৰ্থী আছে (BJP Announces First List of Karnataka Election 2023) । আনহাতে, প্ৰায় ৩২জন অ'বিচি প্ৰাৰ্থী, ৩০জন অনুসূচিত জাতিৰ প্ৰাৰ্থী আৰু ১৬জন অনুসূচিত জনজাতিৰ প্ৰাৰ্থীক টিকট দিয়া হৈছে । "ঘোষিত তালিকাত চিকিৎসক, আইপিএছ আৰু আইএএছ বিষয়া, ৩১জন স্নাতকোত্তৰ আৰু আঠগৰাকী মহিলা প্ৰাৰ্থী আছে । এই তালিকাত পাঁচজন অধিবক্তা, নজন চিকিৎসক, তিনিজন শিক্ষাবিদ, দুজন অৱসৰপ্ৰাপ্ত আইএএছ আৰু আইপিএছ বিষয়া, তিনিজন অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী আৰু আঠজন সমাজকৰ্মী আছে ।" বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে ঘোষিত তালিকা সন্দৰ্ভত এনেদৰে কয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

কৰ্ণাটকৰ ৰাজহ মন্ত্ৰী আৰ অশোকে কনকপুৰা আসনত কংগ্ৰেছ সভাপতি ডি কে শিৱকুমাৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব । ইফালে বিজেপিয়ে বৰুণাত কংগ্ৰেছৰ সিদ্ধাৰামাইয়াৰ বিপক্ষে গৃহ আৰু আন্তঃগাঁথনি উন্নয়ন মন্ত্ৰী ভি সোমান্নাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । চমন্নাই চামৰাজনগৰ আসনতো প্ৰতিদ্বন্দ্বিতা কৰিব ।

অৱশ্যে হুবলি-ধাৰৱাড (কেন্দ্ৰীয়) সমষ্টিৰ প্ৰাৰ্থী এতিয়াও ঘোষণা কৰা হোৱা নাই । কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ বিধায়ক জগদীশ শ্বেট্টাৰে সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছে । বিজেপিয়ে প্ৰকাশ কৰিছে যে শ্বেট্টাৰক এই বছৰ টিকট দিয়া নহ'ব । অৱশ্যে শ্বেট্টাৰে নিৰ্বাচনত যুঁজিবলৈ সংকল্পবদ্ধ হৈছে আৰু তালিকাখন ঘোষণা কৰাৰ কেইঘণ্টামান আগতে কেন্দ্ৰীয় নেতৃত্বক তেওঁলোকৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে । ইফালে প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰিবলৈ আয়োজন কৰা সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে (Union minister Dharmendra Pradhan) কয় যে বিজেপি হাইকমাণ্ডে তেওঁক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা বাদ দি দলৰ নেতা হিচাবে থাকিবলৈ সৈমান কৰিব ।

ইয়াৰ পূৰ্বে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মায়ে কৈছিল যে কংগ্ৰেছ পুনৰ ক্ষমতালৈ অহাৰ কোনো প্ৰশ্নয়েই নাই । লগতে ৰাজ্যখনত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলিও তেওঁ দাবী কৰে (Karnataka Assembly Poll 2023) । "কংগ্ৰেছে কৈছে যে আমি ঘোষণা কৰা সংৰক্ষণ তেওঁলোকে উঠাই ল'ব । কিন্তু তেওঁলোক (কংগ্ৰেছ) ক্ষমতালৈ অহাৰ কোনো প্ৰশ্নই নাই ।" তেওঁ কয় । "আন্তঃগাঁথনি আৰু অন্যান্য ক্ষেত্ৰত দ্বৈত ইঞ্জিনৰ চৰকাৰে ভাল কাম কৰিছে । সকলো শ্ৰেণীৰ লোকে যথেষ্ট সমৰ্থন দেখুৱাইছে । মই নিশ্চিত যে ১৩ মে'ত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব ।" তেওঁ লগতে কয় । উল্লেখ্য, কৰ্ণাটক বিধানসভা নিৰ্বাচন অহা ১০ মে'ত এটা পৰ্যায়ত অনুষ্ঠিত হ'ব । ভোটগণনা ১৩ মে'ত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :Rajasthan Election 2023 : ১৫ এপ্ৰিলত কংগ্ৰেছৰ দুৰ্গ ভৰতপুৰলৈ অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.