নিউজ ডেস্ক, 3 মাৰ্চ: এক অশ্লীল ভিডিঅ' ৰাজহুৱা হোৱাৰ পাছতে কৰ্ণাটকৰ মন্ত্ৰী ৰমেশ জাৰাকিহোলীয়ে পদত্যাগ কৰে ৷ বিশেষ সূত্ৰই জানিবলৈ দিয়া মতে মন্ত্ৰী গৰাকীয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৷ মঙলবাৰে মন্ত্ৰী গৰাকীৰ এক আপত্তিজনক ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে মন্ত্ৰী গৰাকীয়ে কেবিনেটৰ পৰা পদত্যাগ কৰে ৷
মঙলবাৰে কিছুমান সংবাদ মাধ্যমত এই ভিডিঅ' প্ৰকাশ হৈছিল আৰু উক্ত ভিডিঅ'টোতে মন্ত্ৰী গৰাকীক এগৰাকী মহিলাৰ সৈতে আপত্তিজনক অৱস্থাত দেখা গৈছিল ৷ বিজেপিয়ে আঞ্চলিক নিৰ্বাচনৰ প্ৰতি প্ৰস্তুতি চলাই থকাৰ সময়তে মন্ত্ৰী গৰাকীৰ এই ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰে ৷
লগতে পঢ়ক: মোডী আৰু আজাদ: ৰাজ্য সভাৰ ‘ফেয়াৰৱেল ৰাজনীতি’