ETV Bharat / bharat

Gyanvapi Survey: জ্ঞানৱাপী মন্দিৰৰ জৰীপত কি কি পাইছে পুৰাতত্ত্বৰ জৰীপকাৰী দলে !

author img

By

Published : Aug 9, 2023, 10:05 AM IST

জ্ঞানৱাপী মন্দিৰৰ 4 আগষ্টৰ পৰা চলা ধাৰাবাহিক জৰীপৰ আজি অন্ত পৰিব ৷ পুৱা 8 বজাত আৰম্ভ হোৱা জৰীপ সন্ধিয়া 5 বজালৈকে অব্যাহত থাকিব । 4 সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব ভাৰতীয় পুৰাত্বত্ত জৰীপে ।

Gyanvapi Survey
জ্ঞানৱাপী মন্দিৰৰ জৰীপত কি কি পাইছে পুৰাতত্ত্বৰ জৰীপকাৰী দলে

নিউজ ডেস্ক, 9 আগষ্ট: বিতৰ্কৰ আৱৰ্তত থকা জ্ঞানৱাপী মন্দিৰ নে মছজিদ ! তাক লৈ এতিয়াও চলাই আছে পৰীক্ষা ৷ ভাৰতৰ পুৰাত্বত্ত বিভাগে চালাই আছে জৰীপ ! কিন্তু প্ৰকৃত তথ্য উদ্ধাৰ কৰিব পাৰিব নে পুৰাত্বত্ত বিভাগে ! ৰাইজৰ মনত সঘনাই উদয় হোৱা প্ৰশ্নৰ উত্তৰ পাবলৈ হয়টো আৰু বেছি দিন অপেক্ষা কৰিব নালাগে ৷ 4 সপ্তাহৰ ভিতৰত সকলো জলজল পটপট হৈ পৰিব ৷

আনহাতে জ্ঞানৱাপী মন্দিৰৰ সন্দৰ্বত সৰ্বোচ্চ ন্যায়ালয় চলি আছে গোচৰ ৷ ন্যায়ালৰ নিৰ্দেশ মৰ্মে প্ৰথমবাৰ চলিত বৰ্ষৰ জুলাই মাহৰ 24 তাৰিখে ভাৰতৰ পুৰাত্বত্ত জৰীপ বিভাগে 4 ঘন্টাৰ বাবে চলাইছিল জৰীপ ৷ পুনৰ 4 আগষ্টৰ পাৰ আৰম্ভ হৈছিল জৰীপ আৰু বৰ্তমানো অব্যাহত আছে জৰীপ । 4 আগষ্টৰ পৰা চলা ধাৰাবাহিক জৰীপৰ আজি অন্ত পৰিব ৷ পুৱা 8 বজাত আৰম্ভ হোৱা জৰীপ সন্ধিয়া 5 বজালৈকে অব্যাহত থাকিব ।

ইতিমধ্যে প্ৰতিটো সামগ্ৰীত তন্ন-তন্নকৈ পৰীক্ষা কৰি আছে পুৰাত্বত্ত বিভাগৰ জৰীপ কৰি থকা দলটোৱে ৷ ইফালে জৰীপৰ সমান্তৰালকৈ এ এছ আই দলে প্ৰস্তুত কৰিছে জৰীপৰ প্ৰতিবেদন ৷ উল্লখ্যে যে আদালতৰ নিৰ্দেশ অনুসৰি ভাৰতীয় পুৰাত্বত্ত জৰীপ দলে 4 সপ্তাহৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব লাগিব ।

মঙলবাৰে জৰীপ কৰা দলটোৰ সদস্যসকলে মুখ্য গম্বুজৰ ওপৰিও পশ্চিম দিশত থকা দেৱালৰ ওপৰত বিশেষ গুৰুত্ব দিছে ৷ কিয়নো পশ্চিম দিশত থকা দেৱালত কিছু খোদিত ছবি পোৱা গৈছে ৷ ইফালে আজি গ্ৰাউণ্ড পেনিট্ৰেটিং ৰাডাৰ(GPR)ৰ জৰিয়তে চলাব জৰীপ ৷ এই জি পি আৰৰ দ্বাৰা জ্ঞানৱাপী মন্দিৰ 50 ফুট তলৰ ভূ-গৰ্ভৰ তথ্য পোৱা যাব বুলি প্ৰকাশ কৰিছে জৰীপকাৰী দলটোৱে ৷

আনহাতে গ্ৰাউণ্ড পেনিট্ৰেটিং ৰাডাৰ যন্ত্ৰ লৈ কানপুৰৰ পৰা বাৰাণসীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে কানপুৰ আই আই টিৰ এ এছ আই দল এটা ৷ কাৰণ ভাৰতীয় পুৰাত্বত্ত জৰীপ বিভাগে সহায় বিচাৰিছিল কানপুৰ আই আই টিৰ পৰা ৷ যাতে মাটিৰ তলত আৰু দেৱালৰ ভিতৰত লুকাই থকা তথ্য সবিশেষ বিশ্লেষণ কৰিব পাৰি তাৰ বাবে জি পি আৰ যন্ত্ৰৰ লগতে কানপুৰ আই আই টি ৰ বিশেষ দল উপস্থিত থকাৰ সম্ভাৱনা আছে ৷ জৰীপৰ অন্তিম দিনা যাতে অধিক ক্ষীপ্ৰতাৰে আৰু সুক্ষ্মভাৱে জৰীপ কৰিব পাৰি তাৰ বাবে 3D নক্সা তৈয়াৰ কৰিছে ভাৰতীয় পুৰাত্বত্ত জৰীপকাৰী দলে ৷

লগতে পঢ়ক:Gyanvapi campus: জ্ঞানবাপীত অ-হিন্দুৰ প্ৰৱেশ নিষিদ্ধ বিচাৰি দাখিল কৰা আবেদন খাৰিজ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.