ETV Bharat / bharat

Joshimath sinking: যোশীমঠত ক্ষতিগ্ৰস্ত অট্টালিকাসমূহ ধ্বংস এছডিআৰএফৰ

author img

By

Published : Jan 10, 2023, 8:38 PM IST

উত্তৰাখণ্ডৰ যোশীমঠ চহৰত ভূমিস্খলনৰ ফলত ফাঁট মেলা অট্টালিকাসমূহৰ ধ্বংস অভিযান মঙলবাৰৰ পৰা আৰম্ভ হৈছে (SDRF begins demolition of damaged buildings) ৷ কেন্দ্ৰীয় ভৱন গৱেষণা প্ৰতিষ্ঠানৰ (Central Building Research Institute)বিজ্ঞানীসকলে এছডিআৰএফৰ দলৰ লগত লগ হৈ ধ্বংস অভিযানৰ তদাৰক অব্যাহত ৰাখিছে ৷

Joshimath sinking: SDRF begins demolition of damaged buildings
যোশীমঠত ক্ষতিগ্ৰস্ত অট্টালিকাসমূহ ধ্বংস এছডিআৰএফৰ

নেশ্যনেল ডেস্ক, 10 জানুৱাৰী: উত্তৰাখণ্ডৰ চামোলী জিলাৰ যোশীমঠ চহৰত ভূমিস্খলনে ভয়ংকৰ পৰূপ ধাৰণ কৰিছে (SDRF in Joshimath Uttarakhand ) ৷ মঙলবাৰৰ পৰা চহৰখনত ভূমিস্খলনৰ ফলত ফাঁট মেলা অট্টালিকাসমূহৰ ধ্বংস অভিযান চলি আছে (SDRF begins demolition of damaged buildings) ৷ ৰাজ্যিক দুৰ্যোগ সহাৰি বাহিনীৰ (এছডিআৰএফ) (State Disaster Response Force) পৰা অহা কেইবাটাও দলে ধ্বংস অভিযান চলাই আছে ৷ দলটোৱে জনোৱা অনুসৰি এই অভিযানত দুটাকৈ হোটেল ভৱন আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল ৷ প্ৰাথমিক পৰ্যায়ত অত্যাধিক ধ্বংস হোৱা আৱাসগৃহসমূহ ধ্বংস কৰা হৈছে ৷

এই অভিযানৰ সন্দৰ্ভত এছডিআৰএফৰ মহাপৰিদৰ্শক ৰিদ্ধিম আগৰৱালে ( SDRF Inspector General Riddhim Agrawal) কয় যে এতিয়ালৈ যোশীমঠ চহৰত এছডিআৰএফৰ আঠটা দল মোতায়েন কৰা হৈছে। এই দলবোৰে সংস্থাটোৰ অন্যান্য গোটবোৰৰ সৈতে একেলগ হৈ কাম কৰি আছে ৷ বিগত কিছুদিন ধৰি এছডিআৰএফ দলকেইটাই ক্ষতিগ্ৰস্ত অট্টালিকাসমূহ পৰিদৰ্শন কৰি আছিল ৷ ইয়াৰ উপৰিও দুৰ্যোগ সহাৰি বাহিনীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক ভাগি নপৰাকৈ মনোবল বৃদ্ধি কৰাত চেষ্টা কৰি আহিছে ।

উত্তৰাখণ্ডৰ মুখ্য সচিব এছ এছ সান্ধুৰ (Uttarakhand chief secretary SS Sandhu) নিৰ্দেশনা অনুসৰি ক্ষতিগ্ৰস্ত অট্টালিকাবোৰ ভাঙি পেলোৱা আৰম্ভ কৰা হৈছে ৷ কেন্দ্ৰীয় ভৱন গৱেষণা প্ৰতিষ্ঠানৰ (Central Building Research Institute) বিজ্ঞানীসকলে ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰি আছে । গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে মালাৰী ইন আৰু মাউণ্ট ভিউ নামৰ হোটেল দুখন পৰিদৰ্শন কৰি দুয়োখন হোটেলত অত্যাধিক ক্ষতিগ্ৰস্ত হোৱা বুলি মত পোষণ কৰে (Demolition of Malari Hotel in Joshimath) ৷

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা (State disaster management ) সচিব ড৹ ৰঞ্জিত সিনহাই (secretary Dr Ranjit Sinha)কয়, "যোশীমঠ চহৰৰ এই ধ্বংস অভিযান চলাবলৈ ষাঠিজন শ্ৰমিক মোতায়েন কৰা হৈছে ৷ ইয়াৰ উপৰিও দুখন বুলড'জাৰ, দুখন ট্ৰাক আৰু এখন ডাঙৰ ক্ৰেইনো এই অভিযানত নিয়োজিত কৰা হৈছে ৷ ৰুড়কীৰ গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে (Roorkee CBRI scientists at Joshimath ) এছডিআৰএফ কৰ্মীসকলৰ সৈতে ভৱনসমূহ ধ্বংস কৰাৰ তদাৰক কৰি আছে ৷"

এছডিআৰএফৰ কমাণ্ডেণ্ট মণিকান্ত মিশ্ৰই (SDRF commandant Manikant Mishra)পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ গ্ৰাউণ্ড জিৰোত শিবিৰ পাতি আছে । এছডিআৰএফ দলবোৰক জৰাজীৰ্ণ ঘৰসমূহ নীৰিক্ষণ কৰি দিন-ৰাতি সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে ৷

লগতে পঢ়ক: Covaxin Study in US : আমেৰিকাত কোভেক্সিনৰ অধ্যয়নত ইতিবাচক ফলাফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.