ETV Bharat / bharat

Muslim student slapped: শ্ৰেণীকোঠাত সহপাঠীয়ে চৰ মৰা মুছলমান ছাত্ৰক দত্তকত ল’লে জমিয়ত উলেমাই

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 9:25 PM IST

এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকে এটি ছাত্ৰক সহপাঠীসকলৰ দ্বাৰা চৰ মৰা এটা ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাচতেই সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । এই ছাত্ৰজনক আজি জমিয়ত উলেমাই দত্তকত লয় ৷ তেওঁৰ পঢ়া-শুনাৰ সকলো খৰছ বহন কৰিব জমিয়তে ৷

Muslim student slapped
শ্ৰেণীকোঠাত সহপাঠীয়ে চৰ মৰা মুছলমান ছাত্ৰক দত্তকত ল’লে জমিয়ত উলেমাই

নিউজ ডেস্ক, ৩০ আগষ্ট: উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকে এটি ছাত্ৰক সহপাঠীসকলৰ দ্বাৰা চৰ মৰা এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাচতেই সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দেশৰ ৰাজনৈতিক মহলতো এই ভিডিঅ’টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ দাবী কৰা হৈছে যে আন ছাত্ৰ-ছাত্ৰীয়ে চৰ মাৰি থকা ছাত্ৰজন মুছলমান সম্প্ৰদায়ৰ ।

মুছলমান সম্প্ৰদায়ৰ ভুক্তভোগী ছাত্ৰজনক সাক্ষাৎ কৰিবলৈ বুধবাৰে জিলাখনত উপস্থিত হয় জমিয়ত উলেমাৰ এটা প্ৰতিনিধি দল । জমিয়ত উলেমাৰ দলটো খুব্বাপুৰ গাঁও পোৱাৰ পিচত ছাত্ৰজনক সাক্ষাৎ কৰি দত্তক লোৱাৰ কথা ঘোষণা কৰে । তেওঁ লগতে শ্বাহপুৰ অঞ্চলস্থিত ইংৰাজী মাধ্যমৰ কোহিনুৰ পাব্লিক স্কুলত ইউ কে জি শ্ৰেণীত ছাত্ৰজনৰ নামভৰ্তি কৰাৰ লগতে শিক্ষাৰ সমগ্ৰ খৰচ সংগঠনটোৱে বহন কৰাৰ কথা সদৰী কৰে ৷

জমিয়ত উলেমাই ঘোষণা কৰিছে যে যেতিয়ালৈকে শিশুটিয়ে পঢ়ে তেতিয়ালৈকে ছাত্ৰজনৰ খৰছ সংস্থাই বহন কৰিব । শিশুটি ডাঙৰ হৈ বিষয়া, ডাক্তৰ বা আন কিবা হওক, সকলো খৰচ সংগঠনটোৱে বহন কৰিব । এই তথ্য জমিয়ত উলেমাৰ মুজাফ্ফৰনগৰ জিলাৰ সমন্বয়ক মৌলানা মুকাৰামে দিয়ে ।

তেওঁ কয়, আমি মৌলানা আৰ্ছাদ মাদানীৰ নিৰ্দেশত আহিছো আৰু তেওঁৰ কথা মতেই আমি এই ছাত্ৰজনৰ দত্তক লওঁ আৰু এই শিশুটি যেতিয়ালৈকে পঢ়িব বিচাৰে তেতিয়ালৈকে আমি সম্পূৰ্ণৰূপে খৰছ বহন কৰিম । ইংৰাজী মাধ্যমৰ কোহিনুৰ পাব্লিক স্কুল শ্বাহপুৰত তেওঁৰ নামভৰ্তি কৰা হৈছে আৰু তেওঁৰ পাঠ্যক্ৰম লোৱা হৈছে । তেওঁ ছাত্ৰজনে বিগত দুদিন ধৰি টেনছনত একো খোৱা নাছিল বাবে অসুস্থ হৈ পৰাৰ কথাও উল্লেখ কৰে ।

লগতে পঢ়ক: Murder Opposing Sister Molestation: ভগ্নীৰ সৈতে নিৰ্যাতনৰ বিৰোধিতা কৰাৰ বাবেই ভাতৃক মৰিয়াই মৰিয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.