নেশ্যনেল ডেস্ক,২৬ জুলাই: পুলুৱাৰিশ্বৰীফ সন্ত্ৰাসবাদীৰ সন্দেহ(Pulwarisharif terror module suspects)ত বিহাৰত গ্ৰেপ্তাৰ কৰা মহম্মদ জালালুদ্দিন আৰু নুৰুদ্দিন জাংগীৰ ৪৮ ঘন্টাৰ আৰক্ষীৰ ৰিমাণ্ড সম্পূৰ্ণ হৈছে । তাৰ পাছতেই উন্মোচিত হৈছে ন ন তথ্য । আৰক্ষীৰ জেৰাত দুধৰ্ষ সন্ত্ৰাসবাদী সংগঠন PFI ৰে সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰিছে মহম্মদ জালালুদ্দিনে ।
NIA আৰু পাটনা আৰক্ষীয়ে ৪৮ ঘন্টাজুৰি চলোৱা জেৰাৰ অন্তত দুই সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে Popular Front of India ৰ সৈতে সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰে । গাৰ্ডানিবাগ SC/ST আৰক্ষী থানাত দুই সন্ত্ৰাসবাদীক জেৰা কৰা হৈছিল । এই স্বীকাৰোক্তিৰ পাছতেই দুয়ো অভিযুক্তক পাটনাৰ বিশেষ আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা প্ৰকট হৈছে ।
তদন্তকাৰী বিষয়াসকলে জনাই যে প্ৰথমাৱস্থাত জালালুদ্দিনে PFI ৰ সৈতে সম্পৰ্ক থকাৰ কথা কোনোপধ্যেই স্বীকাৰ কৰা নাছিল । কিন্তু এটা বিশেষ ভিডিঅ’ দেখুওৱাৰ পাছতেই জালালুদ্দিনে স্বীকাৰ কৰিছল তেওঁৰ PFI ৰ সৈতে সম্পৰ্ক থকাৰ কথা ।
লগতে পঢ়ক: Sattriya dance workshop: গুৰুজনাৰ সৃষ্টিৰাজিক নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ প্ৰয়াস