ETV Bharat / bharat

আঞ্চলিক, বৈশ্বিক উন্নয়ন সম্পৰ্কত আলোচনা জয়শংকৰ, পেইনৰ

বৈঠকত মিলিত হয় ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী ক্ৰমে এছ. জয়শংকৰ আৰু মেৰিছ পেইন ৷ আঞ্চলিক, বৈশ্বিক উন্নয়ন সম্পৰ্কত আলোচনা কৰে দুই নেতাই ৷

author img

By

Published : Dec 1, 2020, 7:45 PM IST

Jaishankar, Payne
জয়শংকৰ, পেইন

নেশ্যনেল ডেস্ক, 1 ডিচেম্বৰ : মঙলবাৰে বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে অষ্ট্ৰেলিয়ান বৈদেশিক মন্ত্ৰী মেৰিছ পেইনৰ সৈতে আঞ্চলিক আৰু বৈশ্বিক উন্নয়ন সম্পৰ্কত আলোচনাত মিলিত হয় ৷ লগতে কৰ'ণা ভাইৰাছ মহামাৰী সম্পৰ্কতো ভাব বিনিময় কৰে দুয়োগৰাকী নেতাই ৷

জয়শংকৰে টুইটাৰৰ জৰিয়তে কয়, "অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী মেৰিছ পেইনৰ সৈতে এক আলোচনাত মিলিত হ'লো ৷ বিশ্বৰ শেহতীয়া পৰিস্থিতি আৰু আঞ্চলিক আৰু বৈশ্বিক উন্নয়নৰ বিষয় পৰ্যালোচনা কৰিলো ৷"

মেৰিছ পেইনে টুইটাৰৰ জৰিয়তে লিখে, "অষ্ট্ৰেলিয়া আৰু ভাৰতৰ ব্যাপক ৰণনৈতিক অংশীদাৰিত্বই ক'ভিড-19 ৰ ক্ষেত্ৰত আঞ্চলিক প্ৰত্যাহ্বানসমূহ দূৰ কৰিবলৈ সহযোগিতা বৃদ্ধিত আমাক সহায় কৰিব ৷"

পেইনে কয়, "মোৰ বন্ধু এছ জয়শংকৰ আৰু মই অক্টোবৰত অনুষ্ঠিত হোৱা এক বৈঠক সম্পৰ্কত বহু গুৰুত্বপূৰ্ণ আলোচনা কৰিলো ৷" উল্লেখ্য যে, অক্টোবৰত জয়শংকৰ আৰু পেইনে ভাৰত, অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকাৰ বৈদেশিক মন্ত্ৰীসকলৰ এক বৈঠকত মিলিত হ'বৰ বাবে টকিঅ' ভ্ৰমণ কৰিছিল ৷ এই চাৰি দেশৰ সমূদায়ক 'কোৱাড' বুলি জনা যায় ৷

এই বৈঠকত চাৰি দেশে অৰ্থনৈতিক সমস্যা, মহামাৰী, সামগ্ৰীৰ যোগান আৰু কম খৰছী প্ৰতিষেধক, দৰৱ আৰু চিকিৎসা সামগ্ৰী সম্পৰ্কত আলোচনা কৰিছিল ৷

লগতে পঢ়ক : গুৰু নানকৰ 551 সংখ্যক জন্ম জয়ন্তীত বাইডেন,হেৰিছৰ শুভেচ্ছা বাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.