ETV Bharat / bharat

নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে জগদীশ মুখীৰ শপত গ্ৰহণ

নাগালেণ্ডৰ 20তম ৰাজ্যপাল হিচাপে জগদীশ মুখীৰ শপতগ্ৰহণ ৷ নাগালেণ্ড ৰাজভৱনৰ Dr Imkongliba Ao প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মুখীয়ে নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ(Gauhati High Court) ন্যায়াধীশ Songkhupchung Sertoএ পদ আৰু গোপনীয়তাৰ শপতপাঠ(oath of office and secrecy)ৰ কাৰ্যসূচী পৰিচালনা কৰে ৷

jagdish mukhi  sworn in as the 20th governor of nagaland
নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে জগদীশ মুখীৰ শপত গ্ৰহণ
author img

By

Published : Sep 17, 2021, 7:25 PM IST

নিউজ ডেস্ক , 17 ছেপ্টেম্বৰ : নাগালেণ্ডৰ মুখ্যমন্ত্ৰী Neiphiu Rio, উপ মুখ্যমন্ত্ৰী Yanthungo Pattonৰ লগতে অন্যান্য কেবিনেট মন্ত্ৰী আৰু অন্যান্য বিষয়াসকলৰ উপস্থিতিত শুকুৰবাৰে জগদীশ মুখীয়ে(Jagdish Mukhi) ৰাজ্যখনৰ 20তম ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰে ৷ নাগালেণ্ড ৰাজভৱনৰ Dr Imkongliba Ao প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মুখীয়ে নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ৷

শপত গ্ৰহণ অনুষ্ঠানৰ সমগ্ৰ কাৰ্যক্ৰম মুখ্য সচিব জে আলমে(J Aalam)এ আগবঢ়াই নিয়াৰ পৰিৱৰ্তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ(Gauhati High Court) ন্যায়াধীশ Songkhupchung Sertoএ পদ আৰু গোপনীয়তাৰ শপতপাঠ(oath of office and secrecy)ৰ কাৰ্যসূচী পৰিচালনা কৰে ৷

নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে টুইটযোগে এই কথা সকলোকে অৱগত কৰে ৷ নিজৰ শপতগ্ৰহণ অনুষ্ঠানৰ বিষয়ে সকলোকে অৱগত কৰি ৰাজ্যপালগৰাকীয়ে টুইটযোগে এইবুলি কয়, "Sworn-in as the 20th Governor of Nagaland today. The Swearing in Ceremony took place in the Dr. Imkongliba Ao hall of Nagaland Raj Bhavan. The Oath of Office of the Governor was administered by Justice Songkhupchung Serto, Judge, Gauhati High Court," ৷

ইফালে মুখ্যমন্ত্ৰী Neiphiu Rioই ৰাজ্যখনৰ জনসাধাৰণৰ হৈ মুখীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে নতুনকৈ শপতগ্ৰহণ কৰা ৰাজ্যপালগৰাকীক শুভেচ্ছা জনায় ৷ টুইটযোগে মুখীক শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটট এনেদৰে উল্লেখ কৰে, "Congratulations, Prof. Jagdish Mukhi @jagdishmukhi on taking oath as the new Governor of Nagaland. On behalf of the people of the state, I extend a very warm welcome to you. I wish you the best for your new assignment and also for the years ahead,"

উপ মুখ্যমন্ত্ৰী Y Pattonও নৱনিযুক্ত ৰাজ্যপালগৰাকীক অভিনন্দন জনায় ৷ অসমৰো ৰাজ্যপাল মুখীয়ে RN Raviৰ পাচতে নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিছে ৷

লগতে পঢ়ক : জলজীৱন মিছনত উত্তৰ-পূৱৰ বাবে ৯,৮০০ কোটি : গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী শ্বেখাৱট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.