ETV Bharat / bharat

আৰক্ষীৰ গুলীত লস্কৰ ই তৈবাৰ শীৰ্ষ কমাণ্ডাৰসহ দুই সন্ত্ৰাসবাদী নিহত - লস্কৰ ই তৈবা

সোমবাৰে কাশ্মীৰৰ এজন শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা অনুসৰি জম্মু-কাশ্মীৰৰ শ্বপিয়ানত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ (Lashkar-e-Taiba) এজন শীৰ্ষ কমাণ্ডাৰসহ দুজন সন্ত্ৰাসবাদী নিহত হয় । নিহত সন্ত্ৰাসবাদী কেইজন ২০১৭ চনৰ পৰা কাশ্মীৰ উপত্যকাত সক্ৰিয় আছিল ।

j-k-top-let-commander-among-two-terrorists-killed-in-shopian-encount
আৰক্ষীৰ গুলীত লস্কৰ ই তৈবাৰ শীৰ্ষ কমাণ্ডাৰসহ দুজন সন্ত্ৰাসবাদী নিহত
author img

By

Published : Jul 19, 2021, 10:26 AM IST

নেচনেল ডেস্ক, 19 জুলাই : জম্মু-কাশ্মীৰৰ শ্বপিয়ানত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (Lashkar-e-Taiba)ৰ এজন শীৰ্ষ কমাণ্ডাৰ সহ দুজন সন্ত্ৰাসবাদী নিহত হয় । কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰ(IGP Vijay kumar)ৰ মতে, এলইটি(LET) কমাণ্ডাৰজনক ইশফাক দাৰ ওৰফে আবু আক্ৰাম বুলি চিনাক্ত কৰা হৈছে । নিহত সন্ত্ৰাসবাদী জন ২০১৭ চনৰ পৰা কাশ্মীৰ উপত্যকাত সক্ৰিয় হৈ আছিল।

কাশ্মীৰ মণ্ডল আৰক্ষীয়ে জনোৱা মতে, এনকাউণ্টাৰ স্থলীৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদকে ধৰি আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰ লগতে বৰ্তমান এই সন্দৰ্ভত তালাচী অভিযান বাহাল আছে । আৰক্ষীৰ এটা টুইটত এই কথা নিশ্চিতও কৰা হৈছে ৷ উল্লেখ্য যে, দেওবাৰে শ্বপিয়ানৰ ছাদিক খান অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত এক ভয়াৱহ সংঘৰ্ষ সংঘটিত হৈছিল ।

শুকুৰবাৰে, শ্ৰীনগৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ দুজন স্থানীয় সন্ত্ৰাসবাদী (terrorist) নিহত হোৱাৰ পিছত এই ঘটনা সংঘটিত হয় ৷ নিহত সন্ত্ৰাসবাদী কেইজন এই বছৰৰ জুন মাহত শ্ৰীনগৰত সংঘটিত তিনিটা ডাঙৰ ঘটনাৰ সৈতে জড়িত আছিল ।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কুমাৰে কৈছিল যে, এই বছৰ শ্ৰীনগৰত তিনিটা এনকাউণ্টাৰ ঘটনা ঘটিছে । আমি সকলোৱে জানো যে, শ্ৰীনগৰত তিনিটা ঘটনা সংঘটিত হৈছিল । ইয়াৰে এটা ঘটনাত, এজন আৰক্ষী পৰিদৰ্শক নিহত হৈছিল আন এটা ঘটনাত, এজন ভ্ৰাম্যমাণ দোকানৰ মালিকক আক্ৰমণ কৰি হত্যা কৰা হৈছিল আৰু তাৰ পিছত এটা গ্ৰেনেড আক্ৰমণ হৈছিল য'ত তিনিজন নাগৰিক নিহত হৈছিল আৰু এজন আহত হৈছিল । এই দুয়োজন সন্ত্ৰাসবাদী এই তিনিওটা ঘটনাৰ সৈতে জড়িত আছিল । তেওঁলোকক দীৰ্ঘদিন ধৰি অনুসৰণ কৰি থকাৰ অন্তত অৱশেষত আৰক্ষীৰ জালত পৰিছিল ৷

আৰক্ষীয়ে সন্ত্ৰাসবাদী কেইজনক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাইছিল কিন্তু, তেওঁলোকে অস্বীকাৰ কৰিছিল ফলত এনকাউণ্টাৰ আৰম্ভ হয় আৰু দুয়োজন নিহত হৈছিল বুলি মন্তব্য কৰে কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে । তেওঁ এইটোও কৈছিল যে, এই বছৰ এতিয়ালৈকে উপত্যকাটোত মুঠ ৭৮ জন সন্ত্ৰাসবাদী আৰক্ষীৰ হাতত নিহত হৈছে ।

লগতে পঢ়ক : ৰাজ্যৰ কৃষক সকলৰ বাবে মন্ত্ৰী ৰণজিৎ দাসে আনিলে সুখবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.