ETV Bharat / bharat

আৰক্ষীৰ হাতৰ পৰা সন্ত্ৰাসবাদীয়ে কাঢ়ি নিলে AK-47 - এনকাউন্টাৰ

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত সংঘটিত হৈছে এই ঘটনা । এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, সন্দেহযুক্ত সন্ত্ৰাসবাদীজনে খুদৱানী অঞ্চলৰ চামচিপোৰা ক্ৰছিঙত মুদাছিৰ আহমেদ নামৰ আৰক্ষী কনিষ্টবলজনৰ হাতৰ পৰা এটা এ কে-৪৭(AK 47) ৰাইফল কাঢ়ি লৈ যায় ।

militants
কাশ্মীৰত সন্ত্ৰাসবাদীয়ে আৰক্ষীৰ হাতৰ পৰা কাঢ়ি নিলে AK 47
author img

By

Published : Jul 25, 2021, 9:54 PM IST

নেশ্যনেল ডেস্ক , ২৫ জুলাই : জম্মু আৰু কাশ্মীৰত শেহতীয়াকৈ সন্ত্ৰাসবাদী(militants)ৰ কাৰ্যকলাপ বৃদ্ধি পাইছে । কেইবাটাও স্থানত সন্ত্ৰাসবাদীৰ আত্মগোপনৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে । আনকি কিছুমান স্থানত শেহতীয়াকৈ এনকাউন্টাৰ (encounter) অব্যাহত ৰাখিছে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে । কিন্তু ইয়াৰ মাজতে আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে দক্ষিণ কাশ্মীৰত ।

এগৰাকী আৰক্ষী কনিষ্টবলৰ পৰা ৰাইফল কাঢ়ি নিলে সন্দেহজনক সন্ত্ৰাসবাদীয়ে । দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত সংঘটিত হৈছে এই ঘটনা । এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, সন্দেহযুক্ত সন্ত্ৰাসবাদীজনে খুদৱানী অঞ্চলৰ চামচিপোৰা ক্ৰছিঙত মুদাছিৰ আহমেদ নামৰ আৰক্ষী কনিষ্টবলজনৰ হাতৰ পৰা এটা একে-৪৭ (AK 47) ৰাইফল কাঢ়ি লৈ যায় । মুদাছিৰ আহমেদ কুলগামৰ দেৱচাৰ অঞ্চলৰ বাসিন্দা আৰু তেওঁ ৱানপোহ থানাৰ কনিষ্টবল ।

ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে আৰু সন্দেহজনক সন্ত্ৰাসবাদীক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে । ইফালে এই ঘটনাকলৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত । এগৰাকী কৰ্মৰত আৰক্ষীৰ হাতৰ পৰা কেনেদৰে ৰাইফল কাঢ়ি নিব পাৰে তাকলৈও বিভিন্ন মহলত প্ৰশ্ন উদয় হৈছে । অৱশ্যে বিতং তথ্য এতিয়াও আৰক্ষীয়ে ফাদিল কৰা নাই ।

ইফালে পুৱাই লাভ কৰা খবৰ অনুসৰি, কুলগামৰ এক স্থানত তিনিজনকৈ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি আছে । তাৰ ভিতৰত জিলাখনৰ মুনান্দ অঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত এজন নিহত হৈছে । পুৱাই নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীবৰ্ষণ আৰম্ভ হয় আৰু এতিয়াও অব্যাহত আছে আৰক্ষীৰ অভিযান ।

লগতে পঢ়ক :কুলগামত সেনাৰ গুলীত নিহত সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.